--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বানে বিধ্বস্ত কৰা  অৰুণাচল প্ৰদেশৰ টিপ্পিত সংঘটিত হৈছে  ভয়ংকৰ ভূমিস্খলনৰ ঘটনা।ভূমিস্খলনৰ ফলত পাহাৰৰ পৰা খহি পৰা প্ৰকাণ্ড প্ৰকাণ্ড শিল  ৰাজপথত বাগৰি পৰাত ফলত টাৱাঙলৈ যোৱা একমাত্ৰ পথটি বন্ধ হৈ পৰিছে।প্ৰায় দুদিন ধৰি বন্ধ হৈ আছিল এই পথটি। কিন্তু  দুদিন ধৰি ৯১ আৰচিচি বৰ্ডাৰ ৰোড অৰ্গেনাইজেছনে অশেষ কষ্ট কৰি এস্কেভেটৰৰ সহায়ত শিল সমূহ আঁতৰাই আজি পথটি পুনৰ যাতায়তৰ বাবে মুকলি কৰি দিয়ে।

 উল্লেখ্য কেইদিনমান পূৰ্বে ডাৱৰ বিস্ফোৰণে জলপ্ৰলয়ৰ সৃষ্টি কৰিছিল অৰুণাচলত। অৰুণাচলৰ ৰাজধানী ইটানগৰত  কোনোদিন নেদেখা অকল্পনীয় দৃশ্যৰ সাক্ষী হৈছিল  চহৰখনৰ বাসিন্দাসকল। ডাৱৰ বিস্ফোৰণৰ ফলত সৃষ্টি হোৱা ভয়াৱহ কৃত্ৰিম বানে বিধস্ত কৰি পেলাইছে ইটানগৰৰ জনজীৱন। 

পানীয়ে যে এনে  কালৰূপ ধাৰণ কৰিব পাৰে বুলি  ভাবিবই পৰা নাছিল ইটানগৰবাসীয়ে । আচম্বিতে অহা ভয়াৱহ কৃত্ৰিম বানে এফালৰ পৰা মষিমূৰ কৰি পেলাইছিল  ইটানগৰৰ সৌন্দৰ্য । কেইটামান ঘণ্টাৰ বাবে যেন ইটানগৰ পৰিণত হৈছিল  সমুদ্ৰলৈ । মূহুৰ্তৰ ভিতৰতে উটুৱাই লৈ গৈছিল ঘৰ ,  বাহন ইত্যাদি । এতিয়াও ইটানগৰৰ চৌদিশে বিভীষিকাময় পৰিবেশে বিৰাজ কৰিছে । হঠাতে অহা পানীৰ ঢলে খহাই পেলাইছে ৰাজপথ ।  মূহুৰ্ততে ধ্বংস  হল বহুতৰ কষ্টেৰে নিৰ্মিত ব্যৱসায়িক প্ৰতিষ্ঠান । এতিয়া ইটানগৰত  মাথো আৰ্তজনৰ উচুপনি । বানে উটুৱাই নিলে বহু পৰিয়ালৰ সন্তানৰ পঢ়াৰ সকলো সামগ্ৰীও । 

FOLLOW US F
POPULAR
FEATURE
TRENDY
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু