--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বানে বিধ্বস্ত কৰা  অৰুণাচল প্ৰদেশৰ টিপ্পিত সংঘটিত হৈছে  ভয়ংকৰ ভূমিস্খলনৰ ঘটনা।ভূমিস্খলনৰ ফলত পাহাৰৰ পৰা খহি পৰা প্ৰকাণ্ড প্ৰকাণ্ড শিল  ৰাজপথত বাগৰি পৰাত ফলত টাৱাঙলৈ যোৱা একমাত্ৰ পথটি বন্ধ হৈ পৰিছে।প্ৰায় দুদিন ধৰি বন্ধ হৈ আছিল এই পথটি। কিন্তু  দুদিন ধৰি ৯১ আৰচিচি বৰ্ডাৰ ৰোড অৰ্গেনাইজেছনে অশেষ কষ্ট কৰি এস্কেভেটৰৰ সহায়ত শিল সমূহ আঁতৰাই আজি পথটি পুনৰ যাতায়তৰ বাবে মুকলি কৰি দিয়ে।

 উল্লেখ্য কেইদিনমান পূৰ্বে ডাৱৰ বিস্ফোৰণে জলপ্ৰলয়ৰ সৃষ্টি কৰিছিল অৰুণাচলত। অৰুণাচলৰ ৰাজধানী ইটানগৰত  কোনোদিন নেদেখা অকল্পনীয় দৃশ্যৰ সাক্ষী হৈছিল  চহৰখনৰ বাসিন্দাসকল। ডাৱৰ বিস্ফোৰণৰ ফলত সৃষ্টি হোৱা ভয়াৱহ কৃত্ৰিম বানে বিধস্ত কৰি পেলাইছে ইটানগৰৰ জনজীৱন। 

পানীয়ে যে এনে  কালৰূপ ধাৰণ কৰিব পাৰে বুলি  ভাবিবই পৰা নাছিল ইটানগৰবাসীয়ে । আচম্বিতে অহা ভয়াৱহ কৃত্ৰিম বানে এফালৰ পৰা মষিমূৰ কৰি পেলাইছিল  ইটানগৰৰ সৌন্দৰ্য । কেইটামান ঘণ্টাৰ বাবে যেন ইটানগৰ পৰিণত হৈছিল  সমুদ্ৰলৈ । মূহুৰ্তৰ ভিতৰতে উটুৱাই লৈ গৈছিল ঘৰ ,  বাহন ইত্যাদি । এতিয়াও ইটানগৰৰ চৌদিশে বিভীষিকাময় পৰিবেশে বিৰাজ কৰিছে । হঠাতে অহা পানীৰ ঢলে খহাই পেলাইছে ৰাজপথ ।  মূহুৰ্ততে ধ্বংস  হল বহুতৰ কষ্টেৰে নিৰ্মিত ব্যৱসায়িক প্ৰতিষ্ঠান । এতিয়া ইটানগৰত  মাথো আৰ্তজনৰ উচুপনি । বানে উটুৱাই নিলে বহু পৰিয়ালৰ সন্তানৰ পঢ়াৰ সকলো সামগ্ৰীও । 

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ