--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বালাছ’ৰৰ ৰে’ল দুৰ্ঘটনাক লৈ উদ্বিগ্ন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। দুৰ্ঘটনাটোত ৰে’লযাত্ৰীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰে প্ৰধানমন্ত্ৰীয়ে। 

প্ৰথমতে দিল্লীৰ কাৰ্যালয়ৰ পৰাই দুৰ্ঘটনাৰ উদ্ধাৰ অভিযানৰ বুজ লয় প্ৰধানমন্ত্ৰীগৰাকীয়ে। শুকুৰবাৰে বিয়লিলৈ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পৰিদৰ্শন কৰে দুৰ্ঘটনাস্থলী। 

হেলিকপ্টাৰেৰে দুৰ্ঘটনাস্থলীত উপস্থিত হয় প্ৰধানমন্ত্ৰী মোদী। মোদীৰ সৈতে আছিল ৰে’লমন্ত্ৰী অশ্বিনী বৈষ্ণৱ। দুৰ্ঘটনাস্থলীত উপস্থিত হৈ প্রধানমন্ত্ৰী মোদীয়ে বুজ লয় দুৰ্ঘটনাটোৰ প্ৰতিটো দিশ। ইয়াৰ পাছত আঘাতপ্ৰাপ্তসকলক স্বাস্থ্যৰ বুজ ল’বলৈ চিকিৎসালয়লৈ যায় প্ৰধানমন্ত্ৰী মোদী। হাস্পতালত আঘাতপ্ৰাপ্ত লোকসকলৰ সৈতে বাৰ্তালাপো কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে। 

আঘাতপ্ৰাপ্তসকলৰ প্ৰয়োজনীয় চিকিৎসা নিয়াৰিকৈ কৰিবলৈ চিকিৎসকসকলক আহ্বান জনায় মোদীয়ে। আনহাতে ৰে’ল দুৰ্ঘটনাটোৰ উদ্ধাৰ অভিযানৰ ক্ষেত্ৰত ওড়িশা চৰকাৰক কেন্দ্ৰই সকলোপ্ৰকাৰে সহায় কৰিব বুলি আশ্বাস দিয়ে মোদীয়ে। ওড়িশাৰ বিজেডি চৰকাৰক নিশ্চিন্ত হৈ এই সংকটজনক পৰিস্থিতিৰ সন্মুখীন হ’বলৈ মোদীয়ে আহ্বান জনায়। আনহাতে নবীন পাটনায়কৰ বিজেডি চৰকাৰেও কেন্দ্ৰীয় চৰকাৰৰ সহযোগিতাৰ শলাগ লয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
হৃদৰোগৰ পৰা হাত সাৰিবলৈ কি কৰিব লাগে? জানি লওক ভালদৰে
পৰিয়ালে প্ৰেমত দিছিল বাধা, প্ৰেমিক-প্ৰেমিকা পালেহি থানা ; মন্দিৰত বিয়া পাতি দিলে আৰক্ষীয়ে
ভাৰতমাতাৰ সাহসী কন্যা! ২০ হাজাৰ ফুটতকৈও অধিক ওখ এটা শিখৰত উৰুৱালে ত্ৰিৰংগা; বৰফ খাই গুচাইছিল পিয়াহ
খেলুৱৈৰ জীৱনত আটাইতকৈ শোচনীয় পৰাজয়! খেলপথাৰতে হুকহুকাই কান্দিলে নেইমাৰে
এন এছ এফৰ শীৰ্ষ পদৰ বাবে নিয়ম শিথিল
ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰৰ ভয়াৱহ খহনীয়া! মাইজানৰ বৃহৎ অংশ নিলে উটুৱায়
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক