--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বালাছ’ৰৰ ৰে’ল দুৰ্ঘটনাক লৈ উদ্বিগ্ন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। দুৰ্ঘটনাটোত ৰে’লযাত্ৰীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰে প্ৰধানমন্ত্ৰীয়ে। 

প্ৰথমতে দিল্লীৰ কাৰ্যালয়ৰ পৰাই দুৰ্ঘটনাৰ উদ্ধাৰ অভিযানৰ বুজ লয় প্ৰধানমন্ত্ৰীগৰাকীয়ে। শুকুৰবাৰে বিয়লিলৈ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পৰিদৰ্শন কৰে দুৰ্ঘটনাস্থলী। 

হেলিকপ্টাৰেৰে দুৰ্ঘটনাস্থলীত উপস্থিত হয় প্ৰধানমন্ত্ৰী মোদী। মোদীৰ সৈতে আছিল ৰে’লমন্ত্ৰী অশ্বিনী বৈষ্ণৱ। দুৰ্ঘটনাস্থলীত উপস্থিত হৈ প্রধানমন্ত্ৰী মোদীয়ে বুজ লয় দুৰ্ঘটনাটোৰ প্ৰতিটো দিশ। ইয়াৰ পাছত আঘাতপ্ৰাপ্তসকলক স্বাস্থ্যৰ বুজ ল’বলৈ চিকিৎসালয়লৈ যায় প্ৰধানমন্ত্ৰী মোদী। হাস্পতালত আঘাতপ্ৰাপ্ত লোকসকলৰ সৈতে বাৰ্তালাপো কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে। 

আঘাতপ্ৰাপ্তসকলৰ প্ৰয়োজনীয় চিকিৎসা নিয়াৰিকৈ কৰিবলৈ চিকিৎসকসকলক আহ্বান জনায় মোদীয়ে। আনহাতে ৰে’ল দুৰ্ঘটনাটোৰ উদ্ধাৰ অভিযানৰ ক্ষেত্ৰত ওড়িশা চৰকাৰক কেন্দ্ৰই সকলোপ্ৰকাৰে সহায় কৰিব বুলি আশ্বাস দিয়ে মোদীয়ে। ওড়িশাৰ বিজেডি চৰকাৰক নিশ্চিন্ত হৈ এই সংকটজনক পৰিস্থিতিৰ সন্মুখীন হ’বলৈ মোদীয়ে আহ্বান জনায়। আনহাতে নবীন পাটনায়কৰ বিজেডি চৰকাৰেও কেন্দ্ৰীয় চৰকাৰৰ সহযোগিতাৰ শলাগ লয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস