--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মানুহৰ স্বাস্থ্যৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিব পৰা কেইবাবিধো দৰব নিষিদ্ধ কৰাৰ কথা ঘোষণা কৰিছে কেন্দ্ৰীয় চৰকাৰে। এই বিষয়ক  বিশেষজ্ঞ সমিতিৰ পৰামৰ্শৰ পিছতে চৰকাৰে এনে সিদ্ধান্ত গ্ৰহণ কৰিছে।  ১৪ টাকৈ দৰব নিষিদ্ধ কৰাৰ কথা ঘোষণা কৰি চৰকাৰে কয়  "এই এফডিচিৰ (স্থিৰ পালি সংমিশ্ৰণ)ৰ কোনো চিকিৎসাগত যৌক্তিকতা নাই।

 সেয়ে কেন্দ্ৰই কমেও ১৪  টা স্থিৰ সংমিশ্ৰিত  ঔষধ নিষিদ্ধ কৰিছে, যাৰ ভিতৰত আছে নিমেচুলাইড আৰু পেৰাচিটামলৰ  পানীত গলি যোৱা টেবলেট; ক্লোফেনিৰামাইন মেলেট আৰু কোডিন চিৰাপ "এই দৰববোৰে মানুহৰ বাবে "বিপদাশংকা" কঢ়িয়াই আনিব  পাৰে বুলি কেন্দ্ৰই কৈছে। 

শেহতীয়াকৈ  জাৰি কৰা এক জাননীত  কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে সাধাৰণ সংক্ৰমণ, কাহ আৰু জ্বৰৰ চিকিৎসাৰ বাবে ব্যৱহৃত  নিমেচুলাইড আৰু পেৰাচিটামলৰ পানীত গলি যোৱা টেবলেটৰ দৰে সংমিশ্ৰণ; ক্লোফেনিৰামাইন মেলেট আৰু কোডিন চিৰাপ; ফলকোডিন, প্ৰমেথাজিন, এমোক্সিচিলিন , ব্ৰমহেক্সিন,ব্ৰমহেক্সিন ডেক্সট্ৰোমেথাৰফেন, এমোনিয়াম ক্লৰাইড, মেন্থল; ব্ৰমহেক্সিন আৰু ফেনাইলেফ্ৰাইন, ক্ল'ৰফেনিৰামাইন, গুয়াইফেনেচিনৰ সৈতে পেৰাচিটামল; আৰু চেলবুটামল আৰু ব্ৰমহেক্সিন আদিয়ে মানৱ জীৱনলৈ বিপদ মাতিব পাৰে। চিকিৎসা সম্পৰ্কীয় নীতিৰ ফালৰ পৰা এনে দৰবৰ ব্যৱহাৰৰ যুক্তিযুক্ততা নাই।

সেয়ে জনতাৰ  বৃহত্তৰ স্বাৰ্থত, ঔষধ আৰু প্ৰসাধন আইন, ১৯৪০-ৰ ধাৰা ২৬ক-ৰ অধীনত এই এফডিচিৰ তৈয়াৰ, বিক্ৰী বা বিতৰণ নিষিদ্ধ কৰাৰ প্ৰয়োজন বুলি কেন্দ্ৰই কৈছে।  বিশেষজ্ঞ সমিতি আৰু ঔষধ কাৰিকৰী পৰামৰ্শদাতা ব'ৰ্ডৰ পৰামৰ্শৰ আধাৰত  কেন্দ্ৰীয় চৰকাৰে তেনে সিদ্ধান্ত লৈছে ।

এফ.ডি.চি. ঔষধ হৈছে সেইবোৰ ঔষদ  য'ত এক স্থিৰ অনুপাতত দুই বা অধিক সক্ৰিয় ফাৰ্মাচিউটিকেল উপাদানৰ (এ.পি.আই.) সংমিশ্ৰণ থাকে। উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত গঠন কৰা এক বিশেষজ্ঞ পেনেলে বৈজ্ঞানিক তথ্য অবিহনে এনে দৰব ৰোগীক বিক্ৰী কৰি থকা  বুলি কোৱাৰ পিছত চৰকাৰে ২০১৬  চনতো ৩৪৪ টা ঔষধৰ সংমিশ্ৰণৰ প্ৰস্তুত , বিক্ৰী আৰু বিতৰণৰ বিৰুদ্ধে  নিষেধাজ্ঞা ঘোষণা কৰিছিল। তেনে দৰবৰ  নিৰ্মাতাসকলে আদালতত এই আদেশক প্ৰত্যাহ্বান জনাইছিল। বৰ্তমান নিষিদ্ধ কৰা ১৪ টা এফডিচি সেই ৩৪৪ টা ঔষধৰ সংমিশ্ৰণৰে অংশ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস