--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মানুহৰ স্বাস্থ্যৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিব পৰা কেইবাবিধো দৰব নিষিদ্ধ কৰাৰ কথা ঘোষণা কৰিছে কেন্দ্ৰীয় চৰকাৰে। এই বিষয়ক  বিশেষজ্ঞ সমিতিৰ পৰামৰ্শৰ পিছতে চৰকাৰে এনে সিদ্ধান্ত গ্ৰহণ কৰিছে।  ১৪ টাকৈ দৰব নিষিদ্ধ কৰাৰ কথা ঘোষণা কৰি চৰকাৰে কয়  "এই এফডিচিৰ (স্থিৰ পালি সংমিশ্ৰণ)ৰ কোনো চিকিৎসাগত যৌক্তিকতা নাই।

 সেয়ে কেন্দ্ৰই কমেও ১৪  টা স্থিৰ সংমিশ্ৰিত  ঔষধ নিষিদ্ধ কৰিছে, যাৰ ভিতৰত আছে নিমেচুলাইড আৰু পেৰাচিটামলৰ  পানীত গলি যোৱা টেবলেট; ক্লোফেনিৰামাইন মেলেট আৰু কোডিন চিৰাপ "এই দৰববোৰে মানুহৰ বাবে "বিপদাশংকা" কঢ়িয়াই আনিব  পাৰে বুলি কেন্দ্ৰই কৈছে। 

শেহতীয়াকৈ  জাৰি কৰা এক জাননীত  কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে সাধাৰণ সংক্ৰমণ, কাহ আৰু জ্বৰৰ চিকিৎসাৰ বাবে ব্যৱহৃত  নিমেচুলাইড আৰু পেৰাচিটামলৰ পানীত গলি যোৱা টেবলেটৰ দৰে সংমিশ্ৰণ; ক্লোফেনিৰামাইন মেলেট আৰু কোডিন চিৰাপ; ফলকোডিন, প্ৰমেথাজিন, এমোক্সিচিলিন , ব্ৰমহেক্সিন,ব্ৰমহেক্সিন ডেক্সট্ৰোমেথাৰফেন, এমোনিয়াম ক্লৰাইড, মেন্থল; ব্ৰমহেক্সিন আৰু ফেনাইলেফ্ৰাইন, ক্ল'ৰফেনিৰামাইন, গুয়াইফেনেচিনৰ সৈতে পেৰাচিটামল; আৰু চেলবুটামল আৰু ব্ৰমহেক্সিন আদিয়ে মানৱ জীৱনলৈ বিপদ মাতিব পাৰে। চিকিৎসা সম্পৰ্কীয় নীতিৰ ফালৰ পৰা এনে দৰবৰ ব্যৱহাৰৰ যুক্তিযুক্ততা নাই।

সেয়ে জনতাৰ  বৃহত্তৰ স্বাৰ্থত, ঔষধ আৰু প্ৰসাধন আইন, ১৯৪০-ৰ ধাৰা ২৬ক-ৰ অধীনত এই এফডিচিৰ তৈয়াৰ, বিক্ৰী বা বিতৰণ নিষিদ্ধ কৰাৰ প্ৰয়োজন বুলি কেন্দ্ৰই কৈছে।  বিশেষজ্ঞ সমিতি আৰু ঔষধ কাৰিকৰী পৰামৰ্শদাতা ব'ৰ্ডৰ পৰামৰ্শৰ আধাৰত  কেন্দ্ৰীয় চৰকাৰে তেনে সিদ্ধান্ত লৈছে ।

এফ.ডি.চি. ঔষধ হৈছে সেইবোৰ ঔষদ  য'ত এক স্থিৰ অনুপাতত দুই বা অধিক সক্ৰিয় ফাৰ্মাচিউটিকেল উপাদানৰ (এ.পি.আই.) সংমিশ্ৰণ থাকে। উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত গঠন কৰা এক বিশেষজ্ঞ পেনেলে বৈজ্ঞানিক তথ্য অবিহনে এনে দৰব ৰোগীক বিক্ৰী কৰি থকা  বুলি কোৱাৰ পিছত চৰকাৰে ২০১৬  চনতো ৩৪৪ টা ঔষধৰ সংমিশ্ৰণৰ প্ৰস্তুত , বিক্ৰী আৰু বিতৰণৰ বিৰুদ্ধে  নিষেধাজ্ঞা ঘোষণা কৰিছিল। তেনে দৰবৰ  নিৰ্মাতাসকলে আদালতত এই আদেশক প্ৰত্যাহ্বান জনাইছিল। বৰ্তমান নিষিদ্ধ কৰা ১৪ টা এফডিচি সেই ৩৪৪ টা ঔষধৰ সংমিশ্ৰণৰে অংশ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অধিনায়কত্ব হেৰুৱাব পাৰে সূৰ্যকুমাৰ যাদৱে
দিল্লীত দেশৰ ভিতৰত প্ৰথম ৮ লেনৰ এলিভেটেড হাইৱে' মুকলি কৰিলে প্ৰধানমন্ত্ৰীয়ে
বিশ্ব টাইকোৱাণ্ডোত অসমৰ ৰ'দালিৰ চমক
দ্রুত গতিত গলিছে হিমালয়ৰ হিমবাহ, হিমালয়ান অঞ্চলত ডাৱৰ বিস্ফোৰণ
স্বদেশলৈ উভতিল শুভাংশু শুক্লা ; প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰাৰ সম্ভাৱনা শুভাংশুৰ
উত্তৰ প্ৰদেশৰ এই জিলাৰ নাম হ’ব সলনি! যোগী আদিত্যনাথক অনুৰোধ মধ্য প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক