--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ঘটনাৰ স্থান ওড়িশাৰ বাহানাগা। এই  এলেকাতে বালাচোৰ  ৰে’ল ষ্টেচনৰ পৰা প্ৰায় ২৫ কিলোমিটাৰ দূৰৈত  তেতিয়া কেৱল শুনা গৈছিল মৃত্যুৰ কিৰিলি। সকলো ঠিকেই চলি আছিল৷ কিন্তু সন্ধিয়া হঠাতে  বাহানাগা গাওঁৰ লোকসকলে শুনিবলৈ পাইছিল এক প্ৰচণ্ড শব্দ৷ কাৰো বুজিবলৈ বাকী নাছিল যে সেয়া ৰে’ল দুৰ্ঘটনাৰেই শব্দ হ’ব৷ বাহানাগা গাওঁৰ লোকসকলে খাল-পথাৰ সমান কৰি কেৱল দৌৰিছিল  দুৰ্ঘটনাস্থলীলৈ৷ 

তিনি খনকৈ ৰে’লৰ সংঘৰ্ষত দুৰ্ঘটনাস্থলীত বিৰাজ কৰিছিল এক অবৰ্ণনীয় পৰিবেশ৷ আহতসকলৰ বহুতেই পানী বিচাৰিছিল৷ বাহানাগা গাওঁৰ বহুতেই পুনৰ ঘৰমুখে দৌৰ দিছিল পানী আনিবলৈ৷  গাওঁবাসীয়ে উদ্ধাৰকাৰীৰ দল আহি পোৱাৰ আগতেই বহুলোকক ধ্বংসপ্ৰাপ্ত দবাবোৰৰ পৰা উলিয়াই আনিছিল, তেওঁলোকক পানী খাবলৈ দিছিল৷ আহত বহুতৰে মূৰত কাপোৰেৰে বান্ধি দিছিল৷ আন্ধাৰৰ বাবে উদ্ধাৰ অভিযানত অসুবিধাৰ সৃষ্টি হৈছিল৷ গাওঁৰ লোকসকলে মোবাইল ফোনৰ টৰ্চ জ্বলাই চলাই গৈছিল আৰ্তজনৰ উদ্ধাৰ অভিযান৷ অভিশপ্ত কৰমণ্ডল এক্সপ্ৰেছৰ ইঞ্জিনৰ পৰা ভাঁহি আহিছিল মৰণ কাতৰ চিঞৰ "বচোৱা বচোৱা" ৷ 

বহুতেই সেই চিঞৰ শুনিছিল৷ কিন্তু বহু চিঞৰৰ মাজত যেন সেই চিঞৰ তল পৰি গৈছিল৷ কিন্তু কাণ থিয় কৰি  সেই চিঞৰ  ক’ৰ পৰা আহিছে সেয়া অনুধাৱন কৰিছিল দুগৰাকী মহিলাই৷ তেওঁলোক হৈছে  সুস্মিতা সোৰেন আৰু তন্ময় দাস ৷ তেওঁলোক বাহানাগা গাওঁৰে বাসিন্দা৷  মহিলাদুগৰাকীয়েই  ইঞ্জিনৰ ওপৰলৈ উঠি গৈ ওলমি থকা চালকজনক টানি উলিয়াই আনে৷ 

সেই অভিজ্ঞতা বৰ্ণনা কৰি তন্ময়ে কয়, "মই গৈ দেখিছিলো যে ইঞ্জিনটো মালবাহী ৰে’লৰ ওপৰত উঠি আছে ।চালক জনে আটাহ পাৰি আছে৷ আমি আৰু ৰ’ব নোৱাৰিলো৷ টানি-আজুৰি তেওঁক উলিয়াই আনিলো৷"  মহিলাগৰাকীৰ সৈতে তেওঁৰ পুত্ৰ ৰোনাল্ড দাসো আছিল। মাকৰ নিৰ্দেশত তেওঁ বন্ধুবৰ্গৰ সৈতে ইঞ্জিনৰ ওপৰলৈ গৈ আনজন চালকক উদ্ধাৰ কৰিছিল৷ তন্ময়ে পুনৰ কয়- "মই দেখিছিলো যে চালকজনৰ জ্ঞান আছে। মই তেওঁক ধৰি গাওঁলৈ লৈ আহিছিলো। চালকৰ উদ্ধাৰ অভিযানত ভাগ লোৱা  সুস্মিতা সোৰেনে এতিয়াও অলপ ভয় খাই আছে,তেওঁ কয় "এটা ডাঙৰ শব্দ হৈছিল। মই গৈ চাৰিওফালে তেজ দেখিছিলো। মই বহু  মানুহক মোৰ চকুৰ সন্মুখতে মৃত্যু হোৱা  দেখিছিলো। "

মহিলাদুগৰাকীয়ে উদ্ধাৰ কৰা কৰ্মণ্ডল এক্সপ্ৰেছৰ চালক জি এন মোহান্তি দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত হৈছে । তেওঁৰ হাঁওফাঁও হবেয়াকৈ ক্ষতিগ্ৰস্ত হৈছে। আইচিইউত ভৰ্তি কৰা সহকাৰী লোকো পাইলটজনো গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে। বাহানাগা গাওঁৰ বাসিন্দাসকলে সহায় নকৰাহেঁতেন আৰু বহু  মানুহৰ মৃত্যু ঘটিলেহেঁতেন বুলি এতিয়া সকলোতে চৰ্চা হৈছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
দ্রুত গতিত গলিছে হিমালয়ৰ হিমবাহ, হিমালয়ান অঞ্চলত ডাৱৰ বিস্ফোৰণ
স্বদেশলৈ উভতিল শুভাংশু শুক্লা ; প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰাৰ সম্ভাৱনা শুভাংশুৰ
উত্তৰ প্ৰদেশৰ এই জিলাৰ নাম হ’ব সলনি! যোগী আদিত্যনাথক অনুৰোধ মধ্য প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ
পাকিস্তানত ২৪ ঘণ্টাত ১৩ শিশুসহ ৩৪০জনৰ মৃত্যু, খাইবাৰ পাখতুনখাৱাত আকস্মিক বানৰ তাণ্ডৱ
২৩ আগষ্টত শনি অমৱস্যা ! এই প্ৰতিকাৰ কৰিলে সকলো সমস্যা হ'ব দূৰ
কোটিপতি অৰ্জুন তেণ্ডুলকাৰ! আপুনি জানেনে জুনিয়ৰ শচীনৰ নেট ৱৰ্থ?
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক