--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ঘটনাৰ স্থান ওড়িশাৰ বাহানাগা। এই  এলেকাতে বালাচোৰ  ৰে’ল ষ্টেচনৰ পৰা প্ৰায় ২৫ কিলোমিটাৰ দূৰৈত  তেতিয়া কেৱল শুনা গৈছিল মৃত্যুৰ কিৰিলি। সকলো ঠিকেই চলি আছিল৷ কিন্তু সন্ধিয়া হঠাতে  বাহানাগা গাওঁৰ লোকসকলে শুনিবলৈ পাইছিল এক প্ৰচণ্ড শব্দ৷ কাৰো বুজিবলৈ বাকী নাছিল যে সেয়া ৰে’ল দুৰ্ঘটনাৰেই শব্দ হ’ব৷ বাহানাগা গাওঁৰ লোকসকলে খাল-পথাৰ সমান কৰি কেৱল দৌৰিছিল  দুৰ্ঘটনাস্থলীলৈ৷ 

তিনি খনকৈ ৰে’লৰ সংঘৰ্ষত দুৰ্ঘটনাস্থলীত বিৰাজ কৰিছিল এক অবৰ্ণনীয় পৰিবেশ৷ আহতসকলৰ বহুতেই পানী বিচাৰিছিল৷ বাহানাগা গাওঁৰ বহুতেই পুনৰ ঘৰমুখে দৌৰ দিছিল পানী আনিবলৈ৷  গাওঁবাসীয়ে উদ্ধাৰকাৰীৰ দল আহি পোৱাৰ আগতেই বহুলোকক ধ্বংসপ্ৰাপ্ত দবাবোৰৰ পৰা উলিয়াই আনিছিল, তেওঁলোকক পানী খাবলৈ দিছিল৷ আহত বহুতৰে মূৰত কাপোৰেৰে বান্ধি দিছিল৷ আন্ধাৰৰ বাবে উদ্ধাৰ অভিযানত অসুবিধাৰ সৃষ্টি হৈছিল৷ গাওঁৰ লোকসকলে মোবাইল ফোনৰ টৰ্চ জ্বলাই চলাই গৈছিল আৰ্তজনৰ উদ্ধাৰ অভিযান৷ অভিশপ্ত কৰমণ্ডল এক্সপ্ৰেছৰ ইঞ্জিনৰ পৰা ভাঁহি আহিছিল মৰণ কাতৰ চিঞৰ "বচোৱা বচোৱা" ৷ 

বহুতেই সেই চিঞৰ শুনিছিল৷ কিন্তু বহু চিঞৰৰ মাজত যেন সেই চিঞৰ তল পৰি গৈছিল৷ কিন্তু কাণ থিয় কৰি  সেই চিঞৰ  ক’ৰ পৰা আহিছে সেয়া অনুধাৱন কৰিছিল দুগৰাকী মহিলাই৷ তেওঁলোক হৈছে  সুস্মিতা সোৰেন আৰু তন্ময় দাস ৷ তেওঁলোক বাহানাগা গাওঁৰে বাসিন্দা৷  মহিলাদুগৰাকীয়েই  ইঞ্জিনৰ ওপৰলৈ উঠি গৈ ওলমি থকা চালকজনক টানি উলিয়াই আনে৷ 

সেই অভিজ্ঞতা বৰ্ণনা কৰি তন্ময়ে কয়, "মই গৈ দেখিছিলো যে ইঞ্জিনটো মালবাহী ৰে’লৰ ওপৰত উঠি আছে ।চালক জনে আটাহ পাৰি আছে৷ আমি আৰু ৰ’ব নোৱাৰিলো৷ টানি-আজুৰি তেওঁক উলিয়াই আনিলো৷"  মহিলাগৰাকীৰ সৈতে তেওঁৰ পুত্ৰ ৰোনাল্ড দাসো আছিল। মাকৰ নিৰ্দেশত তেওঁ বন্ধুবৰ্গৰ সৈতে ইঞ্জিনৰ ওপৰলৈ গৈ আনজন চালকক উদ্ধাৰ কৰিছিল৷ তন্ময়ে পুনৰ কয়- "মই দেখিছিলো যে চালকজনৰ জ্ঞান আছে। মই তেওঁক ধৰি গাওঁলৈ লৈ আহিছিলো। চালকৰ উদ্ধাৰ অভিযানত ভাগ লোৱা  সুস্মিতা সোৰেনে এতিয়াও অলপ ভয় খাই আছে,তেওঁ কয় "এটা ডাঙৰ শব্দ হৈছিল। মই গৈ চাৰিওফালে তেজ দেখিছিলো। মই বহু  মানুহক মোৰ চকুৰ সন্মুখতে মৃত্যু হোৱা  দেখিছিলো। "

মহিলাদুগৰাকীয়ে উদ্ধাৰ কৰা কৰ্মণ্ডল এক্সপ্ৰেছৰ চালক জি এন মোহান্তি দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত হৈছে । তেওঁৰ হাঁওফাঁও হবেয়াকৈ ক্ষতিগ্ৰস্ত হৈছে। আইচিইউত ভৰ্তি কৰা সহকাৰী লোকো পাইলটজনো গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে। বাহানাগা গাওঁৰ বাসিন্দাসকলে সহায় নকৰাহেঁতেন আৰু বহু  মানুহৰ মৃত্যু ঘটিলেহেঁতেন বুলি এতিয়া সকলোতে চৰ্চা হৈছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস