--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশৰ পৰা আহিছে কৰুণ ঘটনাৰ খৱৰ৷ নিজৰ ঘৰত বৃহস্পতিবাৰে মৃত অৱস্থাত উদ্ধাৰ হয় এহাল নৱবিবাহিত দম্পতী৷ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ এক প্ৰতিবেদন অনুসৰি মঙলবাৰে ২৪ বছৰীয়া প্ৰতাপ যাদৱে ২২ বছৰীয়া পুষ্পা যাদৱৰ সৈতে বিবাহপাশত আবদ্ধ হয়। বুধবাৰে নৱবিবাহিত দুগৰাকীয়ে নিশাৰ বিবাহ উদযাপনৰ অন্তত উত্তৰ প্ৰদেশৰ বাহৰৈচৰ নিজৰ ঘৰলৈ উভতি আহে।

প্ৰতাপ আৰু পুষ্পাই বিয়াৰ পিছৰ কিছু ৰীতি-নীতি কৰি নিজৰ কোঠাত শুই পৰে আৰু পাছদিনা ৰাতিপুৱা মৃত অৱস্থাত দুয়োৰে নশ্বৰ দেহ উদ্ধাৰ হয়৷তেওঁলোকৰ মৃত্যুৰ আঁৰৰ কাৰণ জানিবলৈ ফৰেনছিক বিশেষজ্ঞৰ এটা দলকো মাতি আনি কোঠাটো পৰীক্ষা কৰা হৈছিল বুলি প্ৰতিবেদনত উল্লেখ কৰা হৈছে।

বলৰামপুৰৰ আৰক্ষী অধীক্ষক প্ৰশান্ত বাৰ্মাৰ উদ্ধৃতি দি প্ৰতিবেদনত কোৱা হৈছে যে তেওঁলোকৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত হাৰ্ট এটেকত মৃত্যু হোৱা বুলি অনুমান কৰা হৈছে।বিষয়াসকলে জনোৱা মতে, দম্পতীহালৰ কোনো চিকিৎসা কৰোঁৱাৰ ইতিহাস নাছিল।তদুপৰি বলপূৰ্বকভাৱে কোঠাটোত প্ৰৱেশৰ কোনো চিন-মোকাম নাই আৰু শৰীৰত আঘাতৰ চিন নাই বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

ইপিনে কাইজাৰগঞ্জ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত পৰিদৰ্শক ৰাজনাথ সিঙে কয় যে একে সময়তে দম্পতীহালৰ হাৰ্ট এটেকত মৃত্যু হোৱা বুলি মৰণোত্তৰ পৰীক্ষাৰ তথ্যই কিছু আশংকাৰ সৃষ্টি কৰিছে।সেয়েহে এতিয়াও এই সন্দৰ্ভত তদন্ত আৰক্ষীয়ে অব্যাহত ৰাখিছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
উত্তৰ প্ৰদেশৰ এই জিলাৰ নাম হ’ব সলনি! যোগী আদিত্যনাথক অনুৰোধ মধ্য প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ
পাকিস্তানত ২৪ ঘণ্টাত ১৩ শিশুসহ ৩৪০জনৰ মৃত্যু, খাইবাৰ পাখতুনখাৱাত আকস্মিক বানৰ তাণ্ডৱ
২৩ আগষ্টত শনি অমৱস্যা ! এই প্ৰতিকাৰ কৰিলে সকলো সমস্যা হ'ব দূৰ
কোটিপতি অৰ্জুন তেণ্ডুলকাৰ! আপুনি জানেনে জুনিয়ৰ শচীনৰ নেট ৱৰ্থ?
১৩টা বলত ৫০ ৰান! ১৩৬ বছৰীয়া অভিলেখ ভংগ এইগৰাকী খেলুৱৈৰ
ধুবুৰীত স্বাধীনতা দিৱসত যুৱতীৰ অশ্লীল নৃত্য! অধ্যক্ষসহ ২ শিক্ষক, ৩ পঞ্চায়ত সদস্যক আটক
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক