--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশৰ পৰা আহিছে কৰুণ ঘটনাৰ খৱৰ৷ নিজৰ ঘৰত বৃহস্পতিবাৰে মৃত অৱস্থাত উদ্ধাৰ হয় এহাল নৱবিবাহিত দম্পতী৷ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ এক প্ৰতিবেদন অনুসৰি মঙলবাৰে ২৪ বছৰীয়া প্ৰতাপ যাদৱে ২২ বছৰীয়া পুষ্পা যাদৱৰ সৈতে বিবাহপাশত আবদ্ধ হয়। বুধবাৰে নৱবিবাহিত দুগৰাকীয়ে নিশাৰ বিবাহ উদযাপনৰ অন্তত উত্তৰ প্ৰদেশৰ বাহৰৈচৰ নিজৰ ঘৰলৈ উভতি আহে।

প্ৰতাপ আৰু পুষ্পাই বিয়াৰ পিছৰ কিছু ৰীতি-নীতি কৰি নিজৰ কোঠাত শুই পৰে আৰু পাছদিনা ৰাতিপুৱা মৃত অৱস্থাত দুয়োৰে নশ্বৰ দেহ উদ্ধাৰ হয়৷তেওঁলোকৰ মৃত্যুৰ আঁৰৰ কাৰণ জানিবলৈ ফৰেনছিক বিশেষজ্ঞৰ এটা দলকো মাতি আনি কোঠাটো পৰীক্ষা কৰা হৈছিল বুলি প্ৰতিবেদনত উল্লেখ কৰা হৈছে।

বলৰামপুৰৰ আৰক্ষী অধীক্ষক প্ৰশান্ত বাৰ্মাৰ উদ্ধৃতি দি প্ৰতিবেদনত কোৱা হৈছে যে তেওঁলোকৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত হাৰ্ট এটেকত মৃত্যু হোৱা বুলি অনুমান কৰা হৈছে।বিষয়াসকলে জনোৱা মতে, দম্পতীহালৰ কোনো চিকিৎসা কৰোঁৱাৰ ইতিহাস নাছিল।তদুপৰি বলপূৰ্বকভাৱে কোঠাটোত প্ৰৱেশৰ কোনো চিন-মোকাম নাই আৰু শৰীৰত আঘাতৰ চিন নাই বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

ইপিনে কাইজাৰগঞ্জ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত পৰিদৰ্শক ৰাজনাথ সিঙে কয় যে একে সময়তে দম্পতীহালৰ হাৰ্ট এটেকত মৃত্যু হোৱা বুলি মৰণোত্তৰ পৰীক্ষাৰ তথ্যই কিছু আশংকাৰ সৃষ্টি কৰিছে।সেয়েহে এতিয়াও এই সন্দৰ্ভত তদন্ত আৰক্ষীয়ে অব্যাহত ৰাখিছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস