--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ বাল্য বিবাহৰ ক্ষেত্ৰত দেশৰ ভিতৰতে আগস্থান লাভ কৰিছে ঝাৰখণ্ডে। কেন্দ্ৰীয় চৰকাৰৰ গৃহ মন্ত্ৰালয়ৰ চেঞ্চাছ কমিছনাৰে শেহতীয়া এক জৰীপত প্ৰকাশ কৰা মতে, ঝাৰখণ্ডত দেশৰ ভিতৰতে অধিক সংখ্যক নাবালিকা কিশোৰীয়ে বিবাহপাশত আৱদ্ধ হৈছে। ইয়াৰ পৰিমাণ হৈছে ৫.৮ শতাশৰো অধিক।

জৰীপটোত কোৱা হৈছে যে ১৮ বছৰৰ পূৰ্বে বিবাহপাশত আৱদ্ধ হোৱা নাবালিকা কিশোৰীৰ পৰিমাণ দেশজুৰি ১.৯ শতাংশ। কেৰালাত আটাইতকৈ কম পৰিমাণৰ তথ্য লাভ কৰা গৈছে। বাওঁপন্থী ৰাজ্যখনত কোনো নাবালিকা কিশোৰী বিবাহপাশত আৱদ্ধ হোৱা নাই। কিন্তু আদিবাসী অধ্যুসিত ঝাৰখণ্ডত আটাইতকৈ বেছি পৰিমাণে তথ্য লাভ কৰা গৈছে।

আনহাতে, বাল্য বিবাহৰ ক্ষেত্ৰত ঝাৰখণ্ডৰ গ্ৰাম্যাঞ্চলত ৭.৩ শতাংশ আৰু নগৰাঞ্চলত ৩ শতাংশ পৰিমাণৰ তথ্য পোৱা গৈছে। উল্লেখযোগ্য যে দ্যা চেম্পল ৰেজিষ্ট্ৰেছন চিষ্টেম চমুকৈ এছআৰএছ নামৰ গৃহ মন্ত্ৰালয়ৰ এই প্ৰতিবেদনখনত কেইবাটাও সূচক আছে। মুঠ ৮.৪ মিলিয়ন লোকক সামৰি লোৱা এই জৰীপটো বিশ্বৰ ভিতৰতে অন্যতম বৃহৎ জৰীপ। ২০২০ চনত এই জৰীপ চলোৱা হৈছিল আৰু যোৱা মাহত প্ৰকাশ কৰা হৈছিল।

জৰীপটোত পোৱা তথ্য অনুসৰি ২১ বছৰত ভৰি নিদিয়াকৈ বিবাহপাশত আৱদ্ধ হোৱা মহিলা ঝাৰখণ্ড আৰু পশ্চিমবংগতে দেশৰ ভিতৰতে অধিক। ঝাৰখণ্ডত ৫৪.৬ শতাংশ আৰু পশ্চিমবংগত ৫৪.৯ শতাংশ মহিলাই ২১ বছৰত ভৰি নিদিয়াকৈয়ে বিবাহপাশত আৱদ্ধ হৈছে। আনহাতে, সমগ্ৰ দেশৰ ক্ষেত্ৰত ইয়াৰ পৰিমাণ হিচাপে ২৯.৫ শতাংশ হোৱা গৈছে।

গৃহ মন্ত্ৰালয়ৰ এই জৰীপৰ উপৰিও, নেচনেল ক্ৰাইম ৰেকৰ্ডছ ব্যুৰোৱেও ঝাৰখণ্ড সম্পৰ্কে গুৰুত্বপূৰ্ণ তথ্য প্ৰকাশ কৰিছে। ডাইনী সন্দেহত মৃত্যু হোৱা লোকৰ সংখ্যা ঝাৰখণ্ডতে অধিক।  ২০১৫ চনত ৩২ গৰাকী আৰু ২০২০ চনত ১৫ গৰাকী লোকে ডাইনী সন্দেহত প্ৰাণ হেৰুৱাইছে।







FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু