--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ বাল্য বিবাহৰ ক্ষেত্ৰত দেশৰ ভিতৰতে আগস্থান লাভ কৰিছে ঝাৰখণ্ডে। কেন্দ্ৰীয় চৰকাৰৰ গৃহ মন্ত্ৰালয়ৰ চেঞ্চাছ কমিছনাৰে শেহতীয়া এক জৰীপত প্ৰকাশ কৰা মতে, ঝাৰখণ্ডত দেশৰ ভিতৰতে অধিক সংখ্যক নাবালিকা কিশোৰীয়ে বিবাহপাশত আৱদ্ধ হৈছে। ইয়াৰ পৰিমাণ হৈছে ৫.৮ শতাশৰো অধিক।

জৰীপটোত কোৱা হৈছে যে ১৮ বছৰৰ পূৰ্বে বিবাহপাশত আৱদ্ধ হোৱা নাবালিকা কিশোৰীৰ পৰিমাণ দেশজুৰি ১.৯ শতাংশ। কেৰালাত আটাইতকৈ কম পৰিমাণৰ তথ্য লাভ কৰা গৈছে। বাওঁপন্থী ৰাজ্যখনত কোনো নাবালিকা কিশোৰী বিবাহপাশত আৱদ্ধ হোৱা নাই। কিন্তু আদিবাসী অধ্যুসিত ঝাৰখণ্ডত আটাইতকৈ বেছি পৰিমাণে তথ্য লাভ কৰা গৈছে।

আনহাতে, বাল্য বিবাহৰ ক্ষেত্ৰত ঝাৰখণ্ডৰ গ্ৰাম্যাঞ্চলত ৭.৩ শতাংশ আৰু নগৰাঞ্চলত ৩ শতাংশ পৰিমাণৰ তথ্য পোৱা গৈছে। উল্লেখযোগ্য যে দ্যা চেম্পল ৰেজিষ্ট্ৰেছন চিষ্টেম চমুকৈ এছআৰএছ নামৰ গৃহ মন্ত্ৰালয়ৰ এই প্ৰতিবেদনখনত কেইবাটাও সূচক আছে। মুঠ ৮.৪ মিলিয়ন লোকক সামৰি লোৱা এই জৰীপটো বিশ্বৰ ভিতৰতে অন্যতম বৃহৎ জৰীপ। ২০২০ চনত এই জৰীপ চলোৱা হৈছিল আৰু যোৱা মাহত প্ৰকাশ কৰা হৈছিল।

জৰীপটোত পোৱা তথ্য অনুসৰি ২১ বছৰত ভৰি নিদিয়াকৈ বিবাহপাশত আৱদ্ধ হোৱা মহিলা ঝাৰখণ্ড আৰু পশ্চিমবংগতে দেশৰ ভিতৰতে অধিক। ঝাৰখণ্ডত ৫৪.৬ শতাংশ আৰু পশ্চিমবংগত ৫৪.৯ শতাংশ মহিলাই ২১ বছৰত ভৰি নিদিয়াকৈয়ে বিবাহপাশত আৱদ্ধ হৈছে। আনহাতে, সমগ্ৰ দেশৰ ক্ষেত্ৰত ইয়াৰ পৰিমাণ হিচাপে ২৯.৫ শতাংশ হোৱা গৈছে।

গৃহ মন্ত্ৰালয়ৰ এই জৰীপৰ উপৰিও, নেচনেল ক্ৰাইম ৰেকৰ্ডছ ব্যুৰোৱেও ঝাৰখণ্ড সম্পৰ্কে গুৰুত্বপূৰ্ণ তথ্য প্ৰকাশ কৰিছে। ডাইনী সন্দেহত মৃত্যু হোৱা লোকৰ সংখ্যা ঝাৰখণ্ডতে অধিক।  ২০১৫ চনত ৩২ গৰাকী আৰু ২০২০ চনত ১৫ গৰাকী লোকে ডাইনী সন্দেহত প্ৰাণ হেৰুৱাইছে।







FOLLOW US F
POPULAR
FEATURE
TRENDY
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ