--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চন্ডীগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ স্নানৰ  ভিডিঅ’ ভাইৰেল হোৱাৰ বিষয়টোকলৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈ থকাৰ সময়তে এইবাৰ গুজৰাটৰ ছুৰাটৰ ওখন শৈক্ষিক প্ৰতিষ্ঠানত ল’ৰাৰ হোষ্টেলৰ স্নানাগাৰত তথা শৌচাগাৰত চিচিটিভি লগোৱাৰ বিষয়টোৱে দেশজুৰি চৰ্চা লাভ কৰিছে।নিৰাপত্তাৰ দিশৰ প্ৰতি লক্ষ্য ৰাখিয়েই শৈক্ষিক প্ৰতিষ্ঠান খনৰ সকলো ঠাইতে চিচিটিভি স্থাপন কৰা হৈছে বুলি কৰ্তৃপক্ষই যুক্তি দিছে যদিও ছাত্ৰসকলে সেই যুক্তি মানি লোৱা নাই।

গুজৰাটৰ চুৰাটৰ পৰা শৈক্ষিক প্ৰতিষ্ঠানত এনে ঘটনা  ঘটাৰ কথা  পোহৰলৈ আহিছে। বিষয়টোৱে  সকলোৱে আচৰিত কৰি তুলিছে। চুৰাটৰ ধাৰুকাৱালা মহাবিদ্যালয় চৌহদত অৱস্থিত অতমানন্দ সৰস্বতী বিজ্ঞান মহাবিদ্যালয়ৰ ল'ৰাৰ শৌচালয়ত চিচিটিভি স্থাপন কৰা হৈছে। এই ঘটনা পোহৰলৈ অহাৰ পিছতে  হুলস্থূলৰ সৃষ্টি হৈছে। 

ছাত্ৰ সংগঠন এবিভিপিয়ে মহাবিদ্যালয় পৰিচালনা সমিতিক বিষয়টোকলৈ  সতৰ্ক কৰি দিছে আৰু ৪৮ ঘণ্টাৰ ভিতৰত ল'ৰাৰ শৌচালয়ৰ পৰা চিচিটিভি আঁতৰাবলৈ দাবী জনাইছে। চুৰাট চহৰৰ কাপোদাৰা অঞ্চলত অৱস্থিত ধাৰুকাৱালা মহাবিদ্যালয় চৌহদত বিভিন্ন  প্ৰতিষ্ঠান আছে, ইয়াৰ ভিতৰত এটা যিটো হৈছে অতমানন্দ সৰস্বতী বিজ্ঞান মহাবিদ্যালয়ো এখন। মহাবিদ্যালয় পৰিচালনা সমিতিয়ে ছাত্ৰসকলৰ নিৰাপত্তাৰ বাবেই  বহু ঠাইত চিচিটিভি স্থাপন কৰাৰ কথা স্বীকাৰ কৰিছে। কিন্তু কৰ্তৃপক্ষই কিয় ল'ৰাৰ শৌচালয়ত চিচিটিভি স্থাপন কৰিছে তাকেলৈ উত্তেজনাৰ সৃষ্টি হৈছে। 

 ছাত্ৰ সংগঠন এবিভিপিৰ কৰ্মীসকলে  ধাৰুকাৱালা মহাবিদ্যালয় চৌহদত উপস্থিত হৈছিল, তেওঁলোকে তাতেই  জানিব পাৰিছিল যে ল'ৰাৰ শৌচালয়ত চিচিটিভি স্থাপন কৰা হৈছে। বিষয়টো নিশ্চিত কৰিবলৈ এবিভিপি কৰ্মীসকলে নিজে ল'ৰাৰ শৌচালয়ত প্ৰৱেশ কৰি তাত স্থাপন কৰা চিচিটিভি কেমেৰা দেখিবলৈ পায়।  ছাত্ৰ সংগঠনটোৱে সুধিছে যে ল'ৰাৰ শৌচালয়ত চিচিটিভি কেমেৰাৰ কি প্ৰয়োজন আছিল?

এবিভিপিৰ পদাধিকাৰ মনোজ জৈনে কয় ’ মহাবিদ্যালয় প্ৰশাসনৰ এই কাৰ্য অতি নিন্দনীয়। তেওঁলোকে  এয়া  সহ্য নকৰিব। আমি এই বিষয়ত প্ৰতিবাদ কৰিছো আৰু মহাবিদ্যালয় প্ৰশাসনক লিখিত আবেদন দিছো আৰু ৪৮ ঘণ্টা সময় দিছো। যদি মহাবিদ্যালয় প্ৰশাসনে ল'ৰাৰ শৌচালয়ৰ পৰা চিচিটিভি কেমেৰা আঁতৰ নকৰে, তেন্তে তীব্ৰ আন্দোলন কৰা হ’ব’।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ