--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চন্ডীগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ স্নানৰ  ভিডিঅ’ ভাইৰেল হোৱাৰ বিষয়টোকলৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈ থকাৰ সময়তে এইবাৰ গুজৰাটৰ ছুৰাটৰ ওখন শৈক্ষিক প্ৰতিষ্ঠানত ল’ৰাৰ হোষ্টেলৰ স্নানাগাৰত তথা শৌচাগাৰত চিচিটিভি লগোৱাৰ বিষয়টোৱে দেশজুৰি চৰ্চা লাভ কৰিছে।নিৰাপত্তাৰ দিশৰ প্ৰতি লক্ষ্য ৰাখিয়েই শৈক্ষিক প্ৰতিষ্ঠান খনৰ সকলো ঠাইতে চিচিটিভি স্থাপন কৰা হৈছে বুলি কৰ্তৃপক্ষই যুক্তি দিছে যদিও ছাত্ৰসকলে সেই যুক্তি মানি লোৱা নাই।

গুজৰাটৰ চুৰাটৰ পৰা শৈক্ষিক প্ৰতিষ্ঠানত এনে ঘটনা  ঘটাৰ কথা  পোহৰলৈ আহিছে। বিষয়টোৱে  সকলোৱে আচৰিত কৰি তুলিছে। চুৰাটৰ ধাৰুকাৱালা মহাবিদ্যালয় চৌহদত অৱস্থিত অতমানন্দ সৰস্বতী বিজ্ঞান মহাবিদ্যালয়ৰ ল'ৰাৰ শৌচালয়ত চিচিটিভি স্থাপন কৰা হৈছে। এই ঘটনা পোহৰলৈ অহাৰ পিছতে  হুলস্থূলৰ সৃষ্টি হৈছে। 

ছাত্ৰ সংগঠন এবিভিপিয়ে মহাবিদ্যালয় পৰিচালনা সমিতিক বিষয়টোকলৈ  সতৰ্ক কৰি দিছে আৰু ৪৮ ঘণ্টাৰ ভিতৰত ল'ৰাৰ শৌচালয়ৰ পৰা চিচিটিভি আঁতৰাবলৈ দাবী জনাইছে। চুৰাট চহৰৰ কাপোদাৰা অঞ্চলত অৱস্থিত ধাৰুকাৱালা মহাবিদ্যালয় চৌহদত বিভিন্ন  প্ৰতিষ্ঠান আছে, ইয়াৰ ভিতৰত এটা যিটো হৈছে অতমানন্দ সৰস্বতী বিজ্ঞান মহাবিদ্যালয়ো এখন। মহাবিদ্যালয় পৰিচালনা সমিতিয়ে ছাত্ৰসকলৰ নিৰাপত্তাৰ বাবেই  বহু ঠাইত চিচিটিভি স্থাপন কৰাৰ কথা স্বীকাৰ কৰিছে। কিন্তু কৰ্তৃপক্ষই কিয় ল'ৰাৰ শৌচালয়ত চিচিটিভি স্থাপন কৰিছে তাকেলৈ উত্তেজনাৰ সৃষ্টি হৈছে। 

 ছাত্ৰ সংগঠন এবিভিপিৰ কৰ্মীসকলে  ধাৰুকাৱালা মহাবিদ্যালয় চৌহদত উপস্থিত হৈছিল, তেওঁলোকে তাতেই  জানিব পাৰিছিল যে ল'ৰাৰ শৌচালয়ত চিচিটিভি স্থাপন কৰা হৈছে। বিষয়টো নিশ্চিত কৰিবলৈ এবিভিপি কৰ্মীসকলে নিজে ল'ৰাৰ শৌচালয়ত প্ৰৱেশ কৰি তাত স্থাপন কৰা চিচিটিভি কেমেৰা দেখিবলৈ পায়।  ছাত্ৰ সংগঠনটোৱে সুধিছে যে ল'ৰাৰ শৌচালয়ত চিচিটিভি কেমেৰাৰ কি প্ৰয়োজন আছিল?

এবিভিপিৰ পদাধিকাৰ মনোজ জৈনে কয় ’ মহাবিদ্যালয় প্ৰশাসনৰ এই কাৰ্য অতি নিন্দনীয়। তেওঁলোকে  এয়া  সহ্য নকৰিব। আমি এই বিষয়ত প্ৰতিবাদ কৰিছো আৰু মহাবিদ্যালয় প্ৰশাসনক লিখিত আবেদন দিছো আৰু ৪৮ ঘণ্টা সময় দিছো। যদি মহাবিদ্যালয় প্ৰশাসনে ল'ৰাৰ শৌচালয়ৰ পৰা চিচিটিভি কেমেৰা আঁতৰ নকৰে, তেন্তে তীব্ৰ আন্দোলন কৰা হ’ব’।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু