--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ গান্ধী পৰিয়ালৰ বহতীয়া হৈয়ে চলিব নেকি কংগ্ৰেছৰ পৰৱৰ্তী সভাপতিগৰাকী? দেশৰ আটাইতকৈ পুৰণা দলটোৰ সভাপতি নিৰ্বাচনে ৰাজনীতি তোলপাৰ লগাই থকা অৱস্থাতে এই সম্পৰ্কত ৰাহুল গান্ধীয়ে এক বিশেষ ভাষ্য আগবঢ়াইছে।

কৰ্ণাটকত কংগ্ৰেছৰ ‘ভাৰত জোড় যাত্ৰা’ত অংশ লৈ গান্ধীয়ে সাংবাদিকক কয় যে দলৰ নীতি-নিৰ্দেশনা পালনৰ ক্ষেত্ৰত সভাপতিগৰাকীক সম্পূৰ্ণ স্বাধীনতা পালন কৰিব। গান্ধী পৰিয়ালৰ ইয়াত কোনো হাত নাথাকিব।

উল্লেখযোগ্য যে সূদীৰ্ঘ ২২ বছৰৰ মূৰত ১৭ অক্টোবৰত কংগ্ৰেছৰ সভাপতি নিৰ্বাচন অনুষ্ঠিত হ’ব। সভাপতি পদৰ বাবে প্ৰতিদ্বন্দিতা আগবঢ়াইছে জ্যেষ্ঠ নেতা মল্লিকাৰ্জুন খৰ্গে আৰু শশী থাৰুৰে। এই নিৰ্বাচনক লৈ কংগ্ৰেছৰ বিৰোধী পক্ষই ব্যাপক তীপ্পনি প্ৰদান কৰি আহিছে। তেওঁলোকে কৈছে যে কংগ্ৰেছৰ নতুন সভাপতিজনো গান্ধী পৰিয়ালৰ ‘ৰিমট কণ্ট্ৰ’ল’ত চলিব লাগিব।

কিন্তু ৰাহুল গান্ধীয়ে ইয়াৰ প্ৰত্যুত্তৰত কয় যে সভাপতি নিৰ্বাচনত অংশ লোৱা দুয়োজন নেতাৰে নিজৰ বিচাৰ বিবেচনা আছে। সেয়ে ‘ৰিমট কণ্ট্ৰল’ৰ প্ৰসংগ ইয়াত আহিবই নালাগে।

কংগ্ৰেছৰ দলীয় স্থিতি সম্পৰ্কেও ৰাহুল গান্ধীয়ে সাংবাদিকসকলৰ ব্যক্ত কৰে। কয় যে কংগ্ৰেছ এটা ফেচিষ্ট দল নহয়। কংগ্ৰেছ দলে আলাপ-আলোচনা আৰু ভিন্ন দৃষ্টিভংগীক বিশ্বাস কৰি আহিছে। দেশৰ বৈচিত্ৰতা, সংবিধান সম্পৰ্কেও ৰাহুল গান্ধীয়ে উল্লেখ কৰে।

শাসকীয় দল বিজেপিক আক্ৰমণ কৰি গান্ধীয়ে কয় যে বিজেপিয়ে দেশখন ভাগ ভাগ কৰি আহিছে আৰু দেশত ঘৃণা বিয়পাইছে। ই দেশৰ বাবে কোনোধৰণৰ হিতজনক নহয়। সেয়ে কংগ্ৰেছে ‘ভাৰত জোড় যাত্ৰা’ কাৰ্যসূচী হাতত লৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ