--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ গান্ধী পৰিয়ালৰ বহতীয়া হৈয়ে চলিব নেকি কংগ্ৰেছৰ পৰৱৰ্তী সভাপতিগৰাকী? দেশৰ আটাইতকৈ পুৰণা দলটোৰ সভাপতি নিৰ্বাচনে ৰাজনীতি তোলপাৰ লগাই থকা অৱস্থাতে এই সম্পৰ্কত ৰাহুল গান্ধীয়ে এক বিশেষ ভাষ্য আগবঢ়াইছে।

কৰ্ণাটকত কংগ্ৰেছৰ ‘ভাৰত জোড় যাত্ৰা’ত অংশ লৈ গান্ধীয়ে সাংবাদিকক কয় যে দলৰ নীতি-নিৰ্দেশনা পালনৰ ক্ষেত্ৰত সভাপতিগৰাকীক সম্পূৰ্ণ স্বাধীনতা পালন কৰিব। গান্ধী পৰিয়ালৰ ইয়াত কোনো হাত নাথাকিব।

উল্লেখযোগ্য যে সূদীৰ্ঘ ২২ বছৰৰ মূৰত ১৭ অক্টোবৰত কংগ্ৰেছৰ সভাপতি নিৰ্বাচন অনুষ্ঠিত হ’ব। সভাপতি পদৰ বাবে প্ৰতিদ্বন্দিতা আগবঢ়াইছে জ্যেষ্ঠ নেতা মল্লিকাৰ্জুন খৰ্গে আৰু শশী থাৰুৰে। এই নিৰ্বাচনক লৈ কংগ্ৰেছৰ বিৰোধী পক্ষই ব্যাপক তীপ্পনি প্ৰদান কৰি আহিছে। তেওঁলোকে কৈছে যে কংগ্ৰেছৰ নতুন সভাপতিজনো গান্ধী পৰিয়ালৰ ‘ৰিমট কণ্ট্ৰ’ল’ত চলিব লাগিব।

কিন্তু ৰাহুল গান্ধীয়ে ইয়াৰ প্ৰত্যুত্তৰত কয় যে সভাপতি নিৰ্বাচনত অংশ লোৱা দুয়োজন নেতাৰে নিজৰ বিচাৰ বিবেচনা আছে। সেয়ে ‘ৰিমট কণ্ট্ৰল’ৰ প্ৰসংগ ইয়াত আহিবই নালাগে।

কংগ্ৰেছৰ দলীয় স্থিতি সম্পৰ্কেও ৰাহুল গান্ধীয়ে সাংবাদিকসকলৰ ব্যক্ত কৰে। কয় যে কংগ্ৰেছ এটা ফেচিষ্ট দল নহয়। কংগ্ৰেছ দলে আলাপ-আলোচনা আৰু ভিন্ন দৃষ্টিভংগীক বিশ্বাস কৰি আহিছে। দেশৰ বৈচিত্ৰতা, সংবিধান সম্পৰ্কেও ৰাহুল গান্ধীয়ে উল্লেখ কৰে।

শাসকীয় দল বিজেপিক আক্ৰমণ কৰি গান্ধীয়ে কয় যে বিজেপিয়ে দেশখন ভাগ ভাগ কৰি আহিছে আৰু দেশত ঘৃণা বিয়পাইছে। ই দেশৰ বাবে কোনোধৰণৰ হিতজনক নহয়। সেয়ে কংগ্ৰেছে ‘ভাৰত জোড় যাত্ৰা’ কাৰ্যসূচী হাতত লৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু