--°C
Loading...
Listen to Article
2 min read
80%

ৱাগনাৰ গ্ৰুপ আৰু চেচেন বিদ্ৰোহী দলক জেলেনস্কিক হত্যা কৰিবলৈ নিয়োগ ৰাছিয়াৰ

ডিজিটেল ডেস্ক : ইউক্ৰেইনত ৰাছিয়াৰ সামৰিক আগ্ৰাসনে অষ্টম দিনত ভৰি দিছে। বৃহৎ সৈন্য আৰু বিধ্বংসী সমৰাষ্ট্ৰৰে চুবুৰীয়া দেশখনত আগ্ৰাসন চলাইছে ভ্লাডিমিৰ পুটিন বাহিনীয়ে। ৰাছিয়াৰ সৈতে দুখনলৈ আলোচনা কাৰ্যতঃ ব্যৰ্থ হোৱাৰ পাছত এতিয়া যুদ্ধই অধিক তীব্ৰ ৰূপ ধাৰণ কৰা দেখা গৈছে। ইখনৰ পাছত সিখন ঠাই দখলৰ বাবে তৎপৰ হৈ পৰিছে ৰুছ সৈন্য বাহিনী। ইয়াৰ মাজতে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ’ল’ডিমিৰ জেলেনস্কিক হত্যাৰ একাধিক ব্যৰ্থ চেষ্টা চলোৱাৰ তথ্য পোহৰলৈ আহিছে। যোৱা সপ্তাহত ৰাছিয়াৰ সামৰিক আগ্ৰাসন আৰম্ভ হোৱাৰ সময়ৰে পৰা জেলেনস্কিয়ে তিনিটাকৈ হত্যাৰ ব্যৰ্থ চেষ্টা সন্মুখীন হ’বলগীয়া হোৱা বুলি জানিব পৰা গৈছে। ইউক্ৰেইনৰ নিৰাপত্তাবাহিনীয়ে এই ষড়যন্ত্ৰৰ উমান লাভ কৰাৰ পাছতে এই চেষ্টা ব্যৰ্থ কৰি দিয়া হয় বুলি প্ৰকাশ পাইছে ‘দ্য টাইমছ’ কাকতত। ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিক হত্যা কৰিবলৈ দুটাকৈ বিশেষ সশস্ত্ৰ বাহিনীক প্ৰেৰণ কৰা হৈছে বুলিও সংবাদ মাধ্যমত প্ৰকাশ পাইছে। ৱাগনাৰ গ্ৰুপ আৰু চেচান বিদ্ৰোহী দলক ৰাছিয়াই জেলেনস্কিক হত্যা কৰিবলৈ নিয়োগ কৰা বুলি সদৰি কৰা হৈছে। দ্য ৱাশ্বিংটন পোষ্টত প্ৰকাশ পোৱা মতে, ৰাছিয়াৰ ফেডাৰেল ছিকিউৰিটী ছাৰ্ভিছ (এফএছবি)-এ ইউক্ৰেইনৰ নাগৰিকক তেওঁলোকৰ ভূমিত ‘কাডৰোভিটছ’ নামৰ দুৰ্ধৰ্ষ চেচেন বিশেষ বাহিনীৰ উপস্থিতি সম্পৰ্কত সতৰ্কতা প্ৰেৰণ কৰিছিল। এই চেচেন গোটক জেলেনস্কিক হত্যাৰ বাবে প্ৰেৰণ কৰা বুলি প্ৰকাশ কৰা হৈছে। উল্লেখ্য যে চেচেন গোট হৈছে চেচনীয়াৰ এটা ভয়ংকৰ বিদ্ৰোহী সৈনিকৰ দল। নৃশংস আচৰণ আৰু নিৰ্দয়তাৰ বাবে তেওঁলোক জনাজাত। এক বিশেষ সামৰিক প্ৰশিক্ষণৰ মাজেৰে তেওঁলোকক গঢ় দিয়া হয় আৰু তেওঁলোকৰ নৃশংসতাক লৈ সকলো শংকিত হৈ থাকে। বেছিভাগ চেচেন সৈনিকৰে আছে অপৰাধমূলক কামৰ ইতিহাস। অপহৰণ, নিৰ্যাতনৰ পৰা নৃশংস হত্যালৈ যিকোনো কামৰ বাবে তেওঁলোক কুখ্যাত এই নৃশংস সশস্ত্ৰ গোটটোকে জেলেনস্কি হত্যাৰ দায়িত্ব অৰ্পন কৰা হৈছে। ইউক্ৰেইনৰ ৰাষ্ট্ৰীয় নিৰাপত্তা সচিব তথা ডিফেন্স কাউন্সিলৰ সচিব অলেক্সি ডানিলোভৰ উদ্ধৃতিৰে সংবাদ পত্ৰখনত উল্লেখ কৰা হয় যে, এই গোটকেইটাক ইউক্ৰেইনৰ নিৰাপত্তাবাহিনীয়ে ইতিমধ্যে ধৰাশায়ী কৰিছে। তেওঁ সদৰি কৰে যে, চেচান স্পেচিয়েল ফ’ৰ্চৰ বাহিনীটোক শনিবাৰে কিয়েভৰ সমীপত ধৰাশায়ী কৰা হয়।তেওঁ ৱাশ্বিংটন পোষ্টক কয়, ‘আমি এই বিষয়েও তথ্য লাভ কৰিছোঁ যে, আমি এফএছবিৰ পৰা তথ্য লাভ কৰিছোঁ। এফএছবি-এ এই ৰক্তক্ষয়ী যুদ্ধৰ এতিয়া অংশীদাৰ হ’ব নিবিচাৰে। দ্য টাইমছ-এ সদৰি কৰিছে যে, এই সম্পৰ্কীয় চোৰাংচোৱা তথ্য ইউক্ৰেইনে লাভ কৰিছে এফএছবিত থকা যুদ্ধবিৰোধী শক্তিসমূহৰ পৰা। অৱশ্যে ৱাগনাৰ গোটক তেওঁলোকৰ উপস্থিতিৰ বিষয়ে ইউক্ৰেইনৰ নিৰাপত্তাবাহিনী সতৰ্ক হৈ থকা বুলি সকীয়াই দিয়া হৈছে বুলি টাইমছ-এ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক