--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ হিমাচল প্ৰদেশত ধাৰাসাৰ বৰষুণ হৈছে। যোৱা ২৪ ঘণ্টাত বৰষুণৰ ফলত ৰাজ্যখনত ২১  জন লোকৰ মৃত্যু হৈছে। মুখ্যমন্ত্ৰী সুখবিন্দৰ সিং সুখুৱে  প্ৰকাশ কৰা মতে  যোৱা নিশা চোলান জিলাত ডাৱৰ বিস্ফোৰণত ৭ জন লোকৰ মৃত্যু হৈছে । আনহাতে, চিমলা চহৰৰ এটা শিৱ মন্দিৰ খহি পৰাৰ ফলত এতিয়ালৈকে ৯ জন লোকৰ মৃত্যু হৈছে। 

দুদিনত মুঠ ২১ জন লোকৰ মৃত্যু হোৱাৰ লগতে বহু লোক সন্ধানহীন হৈ আছে।  পাহাৰীয়া ৰাজ্যখনত জুন মাহৰ পৰাই হোৱা বৰষুণৰ ফলত এতিয়ালৈকে বহু লোকৰ মৃত্যু ঘটিছে। মাজতে বৰষুণ অলপ কমিছিল যদিও এতিয়া পুনৰ বৰষুণ আৰম্ভ হৈছে।হিমাচল প্ৰদেশৰ বহু স্থানত যোৱা কেইদিনমান ধৰি ধাৰাসাৰ বৰষুণ হৈ আছে। বতৰ বিজ্ঞান কাৰ্যালয়ৰ মতে পৰৱৰ্তী কেইবাদিনো ধৰি  বতৰ বেয়া হৈয়েই থাকিব।  বতৰ বিজ্ঞান বিভাগে ৰাজ্য খনত  কমলা সতৰ্কবাণী জাৰি কৰিছে।

হিমাচল প্ৰদেশত শনিবাৰে গোটেই দিনটো ধাৰাসাৰ বৰষুণ হয় । ফলত বানে কেইবাটাও পথ খহাই পেলায়।  বহু পথত  যান-বাহনৰ চলাচল বন্ধ কৰিব লগীয়া  হৈছে । ফলস্বৰূপে, হিমাচলৰ বহু ঠাইত  যোগাযোগ বিচ্ছিন্ন হৈ পৰিছে। ৰাজ্যজুৰি কমেও ৩০২ টা পথ বন্ধ কৰি দিয়া হৈছে। 

বতৰৰ পূৰ্বানুমান অনুসৰি, হিমাচলত ১৭  আগষ্টলৈকে বৰষুণ অব্যাহত থাকিব।
মাণ্ডি-কুল্লু ৰাষ্ট্ৰীয় ঘাইপথ খহি পৰাৰ ফলত বহু বাহন পথতে আবদ্ধ হৈ পৰিছে।  ফলত  কুলু মানালী অঞ্চলৰ সৈতে যোগাযোগ সম্পূৰ্ণৰূপে বিচ্ছিন্ন হৈ পৰিছে।

হিমাচল ৰোডৱেজ ট্ৰান্সপোৰ্ট কৰ্পোৰেচন (এইচআৰটিচি)ৰ এখন বাছ শনিবাৰে পথ খহি পৰাৰ  ফলত দুৰ্ঘটনাত পতিত হয়। মাণ্ডি-চিমলা ঘাইপথৰ ৰাস্তাৰ এটা অংশ হঠাতে বহি যায়। দুৰ্ঘটনাটোত বাছখনৰ ১২ জন যাত্ৰী আহত হৈছে। 

স্থানীয় প্ৰশাসনে ৰাজ্যখনৰ বাসিন্দাসকলক পৰৱৰ্তী কেইদিনমানৰ বাবে ঘৰৰ পৰা ওলাই নাযাবলৈ পৰামৰ্শ দিছে।










FOLLOW US F
POPULAR
FEATURE
TRENDY
১৭ হাজাৰ শিক্ষার্থীয়ে সমস্বৰে 'মানুহে মানুহৰ বাবে' গাই ৰচিলে অভিলেখ
অক্টোবৰত দেশজুৰি নিৰ্বাচন আয়োগে আৰম্ভ কৰিব ভোটাৰ তালিকাৰ বিশেষ সংশোধনী!
নেপালৰ কাৰাগাৰৰ পৰা পলায়ন ১৩,০০০ বন্দীৰ
অলৌকিক ঘটনা! এজন মানুহক তিনি বছৰৰ মূৰে মূৰে সাপে দংশন কৰাৰ পাছতো কৰিব পৰা নাই একো ক্ষতি
কোকৰাঝাৰত পত্নী পিতৃগৃহলৈ গুচি যোৱাৰ বাবে স্বামীৰ আত্ম*হ*ত্যা*ৰ প্ৰচেষ্টা
শিশু শ্ৰমিকৰ বিৰুদ্ধে অভিযান অব্যাহত চাইল্ড লাইন বিভাগৰ
১৩ ছেপ্টেম্বৰত মণিপুৰলৈ আহিব পাৰে প্রধানমন্ত্রী
প্ৰজ্ঞা আৰু বিনোদনৰ মেটমৰা সম্ভাৰ লৈ প্ৰকাশ পালে দৈনিক জনমভূমিৰ শাৰদীয় আলোচনী
প্ৰধানমন্ত্ৰীৰ জন্মদিন উপলক্ষে বিজেপিৰ ব্যাপক আয়োজন
গজালি ওলোৱা আলু খায় নেকি? ই কৰে স্বাস্থ্যৰ ক্ষতি
নগাঁৱৰ মেট্ৰ' হাস্পতালত শিশুৰ মৃত্যুক লৈ উত্তপ্ত পৰিস্থিতি
AMCHত ভয়ংকৰ ঘটনা! প্ৰসূতি বিভাগৰ ICUৰ পৰা নৱজাতক সলনিৰ গুৰুতৰ অভিযোগ
পুনৰ বিপদত শিল্পা ছেট্টী আৰ ৰাজ কুন্দ্ৰা ! মুম্বাই আৰক্ষীয়ে জাৰি কৰিব লুক আউট জাননী
বৃক্কৰ বাবে এই ৫ টা ফল অমৃততকৈ কম নহয়; আজিৰে পৰা খাবলৈ আৰম্ভ কৰক