--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ হিমাচল প্ৰদেশত ধাৰাসাৰ বৰষুণ হৈছে। যোৱা ২৪ ঘণ্টাত বৰষুণৰ ফলত ৰাজ্যখনত ২১  জন লোকৰ মৃত্যু হৈছে। মুখ্যমন্ত্ৰী সুখবিন্দৰ সিং সুখুৱে  প্ৰকাশ কৰা মতে  যোৱা নিশা চোলান জিলাত ডাৱৰ বিস্ফোৰণত ৭ জন লোকৰ মৃত্যু হৈছে । আনহাতে, চিমলা চহৰৰ এটা শিৱ মন্দিৰ খহি পৰাৰ ফলত এতিয়ালৈকে ৯ জন লোকৰ মৃত্যু হৈছে। 

দুদিনত মুঠ ২১ জন লোকৰ মৃত্যু হোৱাৰ লগতে বহু লোক সন্ধানহীন হৈ আছে।  পাহাৰীয়া ৰাজ্যখনত জুন মাহৰ পৰাই হোৱা বৰষুণৰ ফলত এতিয়ালৈকে বহু লোকৰ মৃত্যু ঘটিছে। মাজতে বৰষুণ অলপ কমিছিল যদিও এতিয়া পুনৰ বৰষুণ আৰম্ভ হৈছে।হিমাচল প্ৰদেশৰ বহু স্থানত যোৱা কেইদিনমান ধৰি ধাৰাসাৰ বৰষুণ হৈ আছে। বতৰ বিজ্ঞান কাৰ্যালয়ৰ মতে পৰৱৰ্তী কেইবাদিনো ধৰি  বতৰ বেয়া হৈয়েই থাকিব।  বতৰ বিজ্ঞান বিভাগে ৰাজ্য খনত  কমলা সতৰ্কবাণী জাৰি কৰিছে।

হিমাচল প্ৰদেশত শনিবাৰে গোটেই দিনটো ধাৰাসাৰ বৰষুণ হয় । ফলত বানে কেইবাটাও পথ খহাই পেলায়।  বহু পথত  যান-বাহনৰ চলাচল বন্ধ কৰিব লগীয়া  হৈছে । ফলস্বৰূপে, হিমাচলৰ বহু ঠাইত  যোগাযোগ বিচ্ছিন্ন হৈ পৰিছে। ৰাজ্যজুৰি কমেও ৩০২ টা পথ বন্ধ কৰি দিয়া হৈছে। 

বতৰৰ পূৰ্বানুমান অনুসৰি, হিমাচলত ১৭  আগষ্টলৈকে বৰষুণ অব্যাহত থাকিব।
মাণ্ডি-কুল্লু ৰাষ্ট্ৰীয় ঘাইপথ খহি পৰাৰ ফলত বহু বাহন পথতে আবদ্ধ হৈ পৰিছে।  ফলত  কুলু মানালী অঞ্চলৰ সৈতে যোগাযোগ সম্পূৰ্ণৰূপে বিচ্ছিন্ন হৈ পৰিছে।

হিমাচল ৰোডৱেজ ট্ৰান্সপোৰ্ট কৰ্পোৰেচন (এইচআৰটিচি)ৰ এখন বাছ শনিবাৰে পথ খহি পৰাৰ  ফলত দুৰ্ঘটনাত পতিত হয়। মাণ্ডি-চিমলা ঘাইপথৰ ৰাস্তাৰ এটা অংশ হঠাতে বহি যায়। দুৰ্ঘটনাটোত বাছখনৰ ১২ জন যাত্ৰী আহত হৈছে। 

স্থানীয় প্ৰশাসনে ৰাজ্যখনৰ বাসিন্দাসকলক পৰৱৰ্তী কেইদিনমানৰ বাবে ঘৰৰ পৰা ওলাই নাযাবলৈ পৰামৰ্শ দিছে।










FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস