--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চিকিৎসা বিজ্ঞানৰ  প্ৰৱেশ (এনইইটি) পৰীক্ষাত অনুতীৰ্ণ হোৱাৰ পিছত এজন ছাত্ৰই কালি নিজৰ ঘৰতে  আত্মহত্যা কৰিছিল।আজি তেওঁৰ  পিতৃৰ  মৃতদেহো এটা বন্ধ কোঠাত উদ্ধাৰ হোৱাৰ ঘটনাই শোকৰ ছাঁ পেলাইছে। ঘটনাটো চেন্নাই  চহৰত সংঘটিত হৈছে । আৰক্ষীয়ে জনোৱা অনুসৰি, পিতৃয়ে তেওঁৰ পুত্ৰৰ মৃত্যুত শোকস্তব্ধ হৈ পৰিছিল। 

পুত্ৰৰ মৃত্যুৰ শোক সহিব নোৱাৰি লোকজনেও আত্মহননৰ পন্থা বাছি লয়।  লোক জনে ডিঙিত ফাঁচ লগাই  আত্মহত্যা কৰে।
উল্লেখ্য জগদীশ্বৰনে উচ্চতৰ মাধ্যমিকত ৪২৭ নম্বৰ লাভ কৰিছিল। তেওঁ চিকিৎসা বিজ্ঞানৰ প্ৰৱেশ পৰীক্ষাৰ  বাবে সাজু হৈ আছিল। অৱশ্যে, তেওঁ দ্বিতীয়বাৰৰ বাবেও  নীটত সফল হ'ব নোৱাৰিলে। পিতৃ  চেলভাচেকাৰে তেওঁৰ পুত্ৰক ফোনত পোৱা নাছিল। ইয়াৰ পিছতে  পুত্ৰৰ মৃতদেহ ঘৰৰ এটা কোঠাত পোৱা গৈছিল। পুত্ৰৰ আত্মহননৰ পিছদিনা পুৱাই  তামিলনাডু আৰক্ষীয়ে চেলভাচেকাৰৰ মৃতদেহ ওলমি থকা অৱস্থাত উদ্ধাৰ কৰে।

পুত্ৰ আৰু পিতৃয়ে একেৰাহে দুদিনৰ ভিতৰতে  আত্মহত্যা কৰাৰ কথাই দক্ষিণৰ ৰাজ্যখনত শোকৰ ছাঁ পেলাইছে।   । তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টালিনে ঘটনাটোত শোক প্ৰকাশ কৰিছে।   শিক্ষাৰ্থীসকলক উদ্দেশ্যি মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে   "আত্মহত্যাৰ বিষয়ে চিন্তা নকৰিবা,  আত্মবিশ্বাসী হ'বলৈহে চেষ্টা কৰা আৰু জীৱন উপভোগ কৰিবলৈ চেষ্টা কৰা।" 







FOLLOW US F
POPULAR
FEATURE
TRENDY
১৭ হাজাৰ শিক্ষার্থীয়ে সমস্বৰে 'মানুহে মানুহৰ বাবে' গাই ৰচিলে অভিলেখ
অক্টোবৰত দেশজুৰি নিৰ্বাচন আয়োগে আৰম্ভ কৰিব ভোটাৰ তালিকাৰ বিশেষ সংশোধনী!
নেপালৰ কাৰাগাৰৰ পৰা পলায়ন ১৩,০০০ বন্দীৰ
অলৌকিক ঘটনা! এজন মানুহক তিনি বছৰৰ মূৰে মূৰে সাপে দংশন কৰাৰ পাছতো কৰিব পৰা নাই একো ক্ষতি
কোকৰাঝাৰত পত্নী পিতৃগৃহলৈ গুচি যোৱাৰ বাবে স্বামীৰ আত্ম*হ*ত্যা*ৰ প্ৰচেষ্টা
শিশু শ্ৰমিকৰ বিৰুদ্ধে অভিযান অব্যাহত চাইল্ড লাইন বিভাগৰ
১৩ ছেপ্টেম্বৰত মণিপুৰলৈ আহিব পাৰে প্রধানমন্ত্রী
প্ৰজ্ঞা আৰু বিনোদনৰ মেটমৰা সম্ভাৰ লৈ প্ৰকাশ পালে দৈনিক জনমভূমিৰ শাৰদীয় আলোচনী
প্ৰধানমন্ত্ৰীৰ জন্মদিন উপলক্ষে বিজেপিৰ ব্যাপক আয়োজন
গজালি ওলোৱা আলু খায় নেকি? ই কৰে স্বাস্থ্যৰ ক্ষতি
নগাঁৱৰ মেট্ৰ' হাস্পতালত শিশুৰ মৃত্যুক লৈ উত্তপ্ত পৰিস্থিতি
AMCHত ভয়ংকৰ ঘটনা! প্ৰসূতি বিভাগৰ ICUৰ পৰা নৱজাতক সলনিৰ গুৰুতৰ অভিযোগ
পুনৰ বিপদত শিল্পা ছেট্টী আৰ ৰাজ কুন্দ্ৰা ! মুম্বাই আৰক্ষীয়ে জাৰি কৰিব লুক আউট জাননী
বৃক্কৰ বাবে এই ৫ টা ফল অমৃততকৈ কম নহয়; আজিৰে পৰা খাবলৈ আৰম্ভ কৰক