--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চিকিৎসা বিজ্ঞানৰ  প্ৰৱেশ (এনইইটি) পৰীক্ষাত অনুতীৰ্ণ হোৱাৰ পিছত এজন ছাত্ৰই কালি নিজৰ ঘৰতে  আত্মহত্যা কৰিছিল।আজি তেওঁৰ  পিতৃৰ  মৃতদেহো এটা বন্ধ কোঠাত উদ্ধাৰ হোৱাৰ ঘটনাই শোকৰ ছাঁ পেলাইছে। ঘটনাটো চেন্নাই  চহৰত সংঘটিত হৈছে । আৰক্ষীয়ে জনোৱা অনুসৰি, পিতৃয়ে তেওঁৰ পুত্ৰৰ মৃত্যুত শোকস্তব্ধ হৈ পৰিছিল। 

পুত্ৰৰ মৃত্যুৰ শোক সহিব নোৱাৰি লোকজনেও আত্মহননৰ পন্থা বাছি লয়।  লোক জনে ডিঙিত ফাঁচ লগাই  আত্মহত্যা কৰে।
উল্লেখ্য জগদীশ্বৰনে উচ্চতৰ মাধ্যমিকত ৪২৭ নম্বৰ লাভ কৰিছিল। তেওঁ চিকিৎসা বিজ্ঞানৰ প্ৰৱেশ পৰীক্ষাৰ  বাবে সাজু হৈ আছিল। অৱশ্যে, তেওঁ দ্বিতীয়বাৰৰ বাবেও  নীটত সফল হ'ব নোৱাৰিলে। পিতৃ  চেলভাচেকাৰে তেওঁৰ পুত্ৰক ফোনত পোৱা নাছিল। ইয়াৰ পিছতে  পুত্ৰৰ মৃতদেহ ঘৰৰ এটা কোঠাত পোৱা গৈছিল। পুত্ৰৰ আত্মহননৰ পিছদিনা পুৱাই  তামিলনাডু আৰক্ষীয়ে চেলভাচেকাৰৰ মৃতদেহ ওলমি থকা অৱস্থাত উদ্ধাৰ কৰে।

পুত্ৰ আৰু পিতৃয়ে একেৰাহে দুদিনৰ ভিতৰতে  আত্মহত্যা কৰাৰ কথাই দক্ষিণৰ ৰাজ্যখনত শোকৰ ছাঁ পেলাইছে।   । তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টালিনে ঘটনাটোত শোক প্ৰকাশ কৰিছে।   শিক্ষাৰ্থীসকলক উদ্দেশ্যি মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে   "আত্মহত্যাৰ বিষয়ে চিন্তা নকৰিবা,  আত্মবিশ্বাসী হ'বলৈহে চেষ্টা কৰা আৰু জীৱন উপভোগ কৰিবলৈ চেষ্টা কৰা।" 







FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস