--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পলাতক ব্যৱসায়ী বিজয় মালিয়া পুনৰ চৰ্চাত আছে। বিদেশত পলাতক হৈ থকা ভাৰতীয় ব্যৱসায়ী বিজয় মালিয়াৰ বিৰুদ্ধে মুম্বাইৰ চিবিআইৰ বিশেষ আদালতে নতুন জামিনবিহীন ৱাৰেণ্ট জাৰি কৰিছে। ইণ্ডিয়ান অভাৰচিজ বেংকৰ পৰা ১৮০ কোটিৰ ঋণ পৰিশোধ নকৰাৰ অভিযোগত এই পৰোৱানা জাৰি কৰিছে চিবিআই আদালতে।

বিদেশত পলাতক হৈ থকা ভাৰতীয় ব্যৱসায়ী বিজয় মালিয়াৰ বিৰুদ্ধে মুম্বাইৰ চিবিআইৰ বিশেষ আদালতে নতুন জামিনবিহীন ৱাৰেণ্ট জাৰি কৰিছে। ইইণ্ডিয়ান অভাৰচিজ বেংকৰ (আইঅ'বি) সৈতে জড়িত ১৮০ কোটি টকাৰ ঋণ ডিফল্ট গোচৰত পলাতক ব্যৱসায়ীজনৰ বিৰুদ্ধে ৱাৰেণ্ট জাৰি কৰা হৈছে ।

এই ৱাৰেণ্টত চিবিআইয়ে জনোৱা মতে, কিংফিচাৰ এয়াৰলাইন্সৰ প্ৰাক্তন মুৰব্বী বিজয় মালিয়াই ৰাষ্ট্ৰীয়কৃত অভাৰচিজ বেংকৰ পৰা ১৮০ কোটি টকাৰ ঋণ লৈ ইচ্ছাকৃতভাৱে পৰিশোধ কৰা নাই। ফলত চৰকাৰে বিপুল পৰিমাণৰ ধন হেৰুৱাব লগা হৈছে।

২৯ জুনত চিবিআই আদালতৰ বিশেষ ন্যায়াধীশ এছ পি নায়েক নিম্বালকাৰৰ দ্বাৰা মালিয়াৰ বিৰুদ্ধে এই ৱাৰেণ্ট জাৰি কৰা হৈছিল । চিবিআইৰ আবেদনৰ কথা বিবেচনা কৰি ৬৮ বছৰীয়া ব্যৱসায়ীজনৰ বিৰুদ্ধে জাৰি কৰা অন্যান্য জামিনবিহীন ৱাৰেণ্ট আৰু পলাতক হিচাপে তেওঁৰ স্থিতি উল্লেখ কৰি আদালতে কয় যে তেওঁৰ উপস্থিতি নিশ্চিত কৰাৰ বাবে তেওঁৰ বিৰুদ্ধে মুকলি জামিনবিহীন ৱাৰেণ্ট জাৰী কৰাৰ বাবে এইটো এটা উপযুক্ত গোচৰ ।

একাধিক গোচৰৰ উদ্ধৃতি দি চিবিআইয়ে কয় যে একাধিক গোচৰৰ অভিযুক্ত ব্যৱসায়ীজনে বৰ্তমান ইংলেণ্ডত বাস কৰি আছে আৰু ভাৰতত আইনী প্ৰক্ৰিয়াটোত যথেষ্ট প্ৰভাৱিত কৰিছে।

২০০৭ ৰ পৰা ২০১২ চনৰ ভিতৰত আইঅ'বিৰ পৰা তেতিয়াৰ কাৰ্যকৰী কিংফিছাৰ এয়াৰলাইনছৰ দ্বাৰা লাভ কৰা ঋণৰ পৰিৱৰ্তনৰ অভিযোগত চিবিআইয়ে পঞ্জীয়ন কৰা প্ৰৱঞ্চনাৰ গোচৰৰ সৈতে এই ৱাৰেণ্টটো সম্পৰ্কিত আছিল ।

পলাতক ব্যৱসায়ীজনৰ বাবে ৱাৰেণ্ট জাৰি কৰাৰ যুক্তি দি চিবিআইয়ে কয় যে বিজয় মালিয়া পলাতক হৈ থকাৰ বাবে তেওঁৰ বিৰুদ্ধে মুকলি নন-বেইলেবল ৱাৰেণ্ট জাৰি কৰিব পাৰি। সুৰা ব্যৱসায় সাম্ৰাজ্যৰ বহু কোটিপতি ব্যৱসায়ীগৰাকীক হাতত আনিবলৈ ভাৰত চৰকাৰে দীৰ্ঘদিন ধৰি চেষ্টা চলাই আহিছে। কিন্তু, তেওঁ বাৰে বাৰে বিদেশী আদালতত সকাহ পাই আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ