--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশৰ বদাউন জিলাত সংঘটিত হৈছে এক নিদাৰুণ ঘটনা।  খেলি থকাৰ সময়তে  শিশুকেইটিমানে এটি পেকেট দেখিবলৈ পায়। পেকেটটোৰ ভিতৰত চেনিৰ দৰে বগা পদাৰ্থ আছিল। চেনি বা আন কোনো মিঠা বস্তু  বুলি ভাবি শিশুকেইটিয়ে সেই পদাৰ্থ চেলেকি খায়। ইয়াৰ পিছতে এটি শিশুৰ মৃত্যু ঘটে।  আন দুটি শিশুক  চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। 

এই শোকাবহ ঘটনাটো ঘটিছে জিলাখনৰ ৱাজিৰগঞ্জ আৰক্ষী থানা অঞ্চলৰ অন্তৰ্গত বাগৰাইন গাঁৱত। জানিব পৰা মতে  শিশুকেইটিয়ে  ঘৰৰ বাহিৰত খেলি আছিল। সেই সময়তে  শিশুকেইটিৰ  চকু ঘৰৰ বাহিৰত পৰি থকা এটা বন্ধ  পেকেটৰ ওপৰত   পৰিছিল। শিশুকেইটিয়ে সেয়া খোৱা বস্তু বুলি ভাবিছিল। কিন্তু সেয়া খোৱা বস্তু নাছিল, সেয়া আছিল বিহহে। সেই পদাৰ্থ চেলেকি খোৱাৰ পিছতে  তিনিওটা শিশুৰ স্বাস্থ্যৰ  অৱস্থাৰ অৱনতি ঘটিবলৈ আৰম্ভ কৰে।

 আতংকিত পৰিয়ালৰ  লোকসকলে  শিশুসকলক চিকিৎসালয়লৈ লৈ যায়। য'ত এটি শিশুৰ মৃত্যু হয়।  আন দুটা শিশু চিকিৎসাধীন হৈ আছে। 

ঈশান (৫), আতিব (৩), পুত্ৰ গুড্ডু (৪) আৰু মান্নাত (৪)ৰ মাজৰে   তিনিটি শিশুৰ অৱস্থা এতিয়া সংকটজনক।   আতিব নামৰ তিনি বছৰীয়া শিশুটিৰ  মৃত্যু ঘটিছে।

ৱাজিৰগঞ্জৰ আৰক্ষী বিষয়া ধৰ্মেন্দ্ৰ সিঙে জনোৱা অনুসৰি, বান্দৰটোৱে ঘৰৰ বাহিৰৰ কোনো ঠাইৰ পৰা বিষাক্ত পদাৰ্থৰ পেকেটটো  আনিছিল। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক