--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশৰ বদাউন জিলাত সংঘটিত হৈছে এক নিদাৰুণ ঘটনা।  খেলি থকাৰ সময়তে  শিশুকেইটিমানে এটি পেকেট দেখিবলৈ পায়। পেকেটটোৰ ভিতৰত চেনিৰ দৰে বগা পদাৰ্থ আছিল। চেনি বা আন কোনো মিঠা বস্তু  বুলি ভাবি শিশুকেইটিয়ে সেই পদাৰ্থ চেলেকি খায়। ইয়াৰ পিছতে এটি শিশুৰ মৃত্যু ঘটে।  আন দুটি শিশুক  চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। 

এই শোকাবহ ঘটনাটো ঘটিছে জিলাখনৰ ৱাজিৰগঞ্জ আৰক্ষী থানা অঞ্চলৰ অন্তৰ্গত বাগৰাইন গাঁৱত। জানিব পৰা মতে  শিশুকেইটিয়ে  ঘৰৰ বাহিৰত খেলি আছিল। সেই সময়তে  শিশুকেইটিৰ  চকু ঘৰৰ বাহিৰত পৰি থকা এটা বন্ধ  পেকেটৰ ওপৰত   পৰিছিল। শিশুকেইটিয়ে সেয়া খোৱা বস্তু বুলি ভাবিছিল। কিন্তু সেয়া খোৱা বস্তু নাছিল, সেয়া আছিল বিহহে। সেই পদাৰ্থ চেলেকি খোৱাৰ পিছতে  তিনিওটা শিশুৰ স্বাস্থ্যৰ  অৱস্থাৰ অৱনতি ঘটিবলৈ আৰম্ভ কৰে।

 আতংকিত পৰিয়ালৰ  লোকসকলে  শিশুসকলক চিকিৎসালয়লৈ লৈ যায়। য'ত এটি শিশুৰ মৃত্যু হয়।  আন দুটা শিশু চিকিৎসাধীন হৈ আছে। 

ঈশান (৫), আতিব (৩), পুত্ৰ গুড্ডু (৪) আৰু মান্নাত (৪)ৰ মাজৰে   তিনিটি শিশুৰ অৱস্থা এতিয়া সংকটজনক।   আতিব নামৰ তিনি বছৰীয়া শিশুটিৰ  মৃত্যু ঘটিছে।

ৱাজিৰগঞ্জৰ আৰক্ষী বিষয়া ধৰ্মেন্দ্ৰ সিঙে জনোৱা অনুসৰি, বান্দৰটোৱে ঘৰৰ বাহিৰৰ কোনো ঠাইৰ পৰা বিষাক্ত পদাৰ্থৰ পেকেটটো  আনিছিল। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
'উইজডেন'ৰ বিশ্বৰ ৪০জন উদীয়মান ক্রিকেটাৰৰ তালিকাত ৰিয়ান পৰাগ
টিংখাঙত শোকাৱহ পথ দুৰ্ঘটনা! দুচকীয়া বাহনৰ মুখামুখি সংঘৰ্ষত দুজন নিহত, আহত দুজন
সাৱধান লখিমপুৰ সীমান্তবাসী!  অসম-অৰুণাচল সীমান্তত চলিব বোমা বিস্ফোৰণ, ৰকেট, গুলীচালনাৰ অনুশীলন
ঘৰ নিৰ্মাণ কৰাৰ পূৰ্বে জানি লওক ৯টা অতি প্ৰয়োজনীয় পাকঘৰৰ বাস্তু বিধান
মৈৰাবাৰী মহাবিদ্যালয়ত ছাত্র একতা সভাৰ সম্পাদকক শাৰীৰিক আক্ৰমণ প্ৰাক্তন ছাত্রৰ
সঘনাই মূৰৰ বিষ হয় যদি নকৰিব আওকাণ ! ই ইংগিত দিয়ে এই ৬ টা গুৰুতৰ ৰোগৰ...
মায়ঙত সৰ্প দংশনত মৃত্যু ৭ বছৰীয়া শিশুৰ
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ
ভতুৱা কুকুৰক চোৱা-চিতা নকৰাৰ বাবে দিল্লী চৰকাৰ, পৌৰ নিগমক সমালোচনা
ডুৰাণ্ড কাপৰ ছেমিফাইনেললৈ প্ৰৱেশ শ্বিলং লাজং এফ.চিৰ
পাকিস্তান হৈ পৰিল হাঁহিৰ পাত্ৰ ; ভাৰতৰ বিৰুদ্ধে কাল্পনিক জয়ৰ বাবে বিতৰণ কৰিলে ৪৮৮ টা পদক
উত্তৰ গুৱাহাটীত দুখনকৈ উন্নত মানৰ ক্ৰীড়া একাডেমী মুকলি কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'