--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ তেওঁক লৈয়েই সকলোৱে আশা কৰিছিল। বিশ্বকাপৰ ফাইনেলত সৰ্বস্ব উজাৰি তেওঁ দেশক বিজয়ী কৰিবলৈ চেষ্টা কৰিছিল।  কিন্তু অষ্ট্ৰেলিয়াৰ হাতত ভাৰত পৰাজিত হ’বলগীয়া হ’ল। দেশৰ ক্ৰিকেট দলটোক শক্তি প্ৰদা কৰা সেইগৰাকী মহম্মদ ছামী আজি মৰ্মাহত। বিশ্বকাপত সকলোৰে হৃদয় জয় কৰিও শেষ মুহূৰ্তত থমকি ৰ’বলগীয়া হ’ল তেওঁ। 

সৰ্বাধিক উইকেট সংগ্ৰহকাৰী হোৱা স্বত্বেও বিশ্বকাপ ট্ৰফী ছামীৰ বাবে সপোন হৈয়ে ৰ’ল।খেলৰ অন্তত  প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ড্ৰেছিং ৰুমত তাৰকা ফাষ্ট বলাৰজনক সাক্ষাৎ কৰিছিল। মোদীৰ বুকুত মূৰ থৈ মহম্মদ স্বামীয়ে শিশুৰ দৰেই কান্দি উঠিছিল।সেই ছবি খন এতিয়া ভাইৰেল হৈ পৰিছে। ফাইনেলৰ পিছদিনা ছামীয়ে ছবিখন টুইট কৰিছে।মোদীয়ে অশ্ৰুসিক্ত ছামীক তেওঁৰ বাহুৰ মাজলৈ  টানি নিছিল আৰু গোটেই ভাৰতীয় দলটোকে সান্ত্বনা দিছিল।
 


উল্লেখ্য দেওবাৰে  প্ৰধানমন্ত্ৰীয়ে অষ্ট্ৰেলিয়াৰ ইনিংছৰ সময়ত খেলখন চাবলৈ গৈছিল। খেলখনৰ পিছত প্ৰধানমন্ত্ৰীয়ে টীম ইণ্ডিয়াৰ কাষত থিয় হৈ টুইট কৰে  "মৰমৰ টীম ইণ্ডিয়া, সমগ্ৰ প্ৰতিযোগিতাখনত আপোনালোকৰ প্ৰতিভা আৰু মানসিকতা প্ৰশংসাৰ যোগ্য। আপোনালোকে  অতি উৎসাহেৰে খেলিছিল। সমগ্ৰ দেশ এই প্ৰদৰ্শনৰ বাবে গৌৰৱান্বিত। মই সদায় আপোনালোকৰ সৈতে থাকিম। "

সেই সময়ত প্ৰধানমন্ত্ৰীৰ পৰা ক্ৰিকেটাৰলৈকে, দলটোৰ সহায়ক কৰ্মচাৰীলৈকে, সকলোৱে ড্ৰেছিং ৰুমত উপস্থিত আছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
সাৱধান লখিমপুৰ সীমান্তবাসী!  অসম-অৰুণাচল সীমান্তত চলিব বোমা বিস্ফোৰণ, ৰকেট, গুলীচালনাৰ অনুশীলন
ঘৰ নিৰ্মাণ কৰাৰ পূৰ্বে জানি লওক ৯টা অতি প্ৰয়োজনীয় পাকঘৰৰ বাস্তু বিধান
মৈৰাবাৰী মহাবিদ্যালয়ত ছাত্র একতা সভাৰ সম্পাদকক শাৰীৰিক আক্ৰমণ প্ৰাক্তন ছাত্রৰ
সঘনাই মূৰৰ বিষ হয় যদি নকৰিব আওকাণ ! ই ইংগিত দিয়ে এই ৬ টা গুৰুতৰ ৰোগৰ...
নুমলীগড় শোধনাগাৰৰ বিৰুদ্ধে এন জি টিৰ গোচৰ
ভাৰত-পাকিস্তানৰ দ্বিপাক্ষিক খেল নহ'ব, আন্তঃৰাষ্ট্ৰীয় প্রতিযোগিতাত নতুন নীতি ঘোষণা ক্রীড়া মন্ত্ৰ্যালয়ৰ
ট্ৰাম্প-পুটিনৰ বৈঠক: ৰাছিয়াৰ Ilyushin Il-96 বিমান আলাস্কাত অৱতৰণ কৰাক লৈ চৰ্চা
বিবেক বসুমতাৰী আৰু পূৰ্ণিমা কৰ্মকাৰলৈ ডাঃ আনন্দ চন্দ্ৰ শৰ্মা ক্ৰীড়া উদগনি বটাঁ ২০২৫ৰ সন্মান
আমি একেলগে মৰিম!  প্ৰেমিকে এই কথা কোৱাৰ পাছত প্ৰেমিকাৰ বিহ খাই মৃত্যু কিন্তু প্ৰেমিকে কৰিলে পলায়ন
প্ৰয়াত স্বামীৰ প্ৰাপ্য অধিকাৰ বিচাৰি আদ্যশ্ৰাদ্ধৰ আগদিনা প্ৰতিবাদত নামিল দুৰ্ভগীয়া পত্নী
মায়ঙত সৰ্প দংশনত মৃত্যু ৭ বছৰীয়া শিশুৰ
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ
ভতুৱা কুকুৰক চোৱা-চিতা নকৰাৰ বাবে দিল্লী চৰকাৰ, পৌৰ নিগমক সমালোচনা
ডুৰাণ্ড কাপৰ ছেমিফাইনেললৈ প্ৰৱেশ শ্বিলং লাজং এফ.চিৰ