--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ তেওঁক লৈয়েই সকলোৱে আশা কৰিছিল। বিশ্বকাপৰ ফাইনেলত সৰ্বস্ব উজাৰি তেওঁ দেশক বিজয়ী কৰিবলৈ চেষ্টা কৰিছিল।  কিন্তু অষ্ট্ৰেলিয়াৰ হাতত ভাৰত পৰাজিত হ’বলগীয়া হ’ল। দেশৰ ক্ৰিকেট দলটোক শক্তি প্ৰদা কৰা সেইগৰাকী মহম্মদ ছামী আজি মৰ্মাহত। বিশ্বকাপত সকলোৰে হৃদয় জয় কৰিও শেষ মুহূৰ্তত থমকি ৰ’বলগীয়া হ’ল তেওঁ। 

সৰ্বাধিক উইকেট সংগ্ৰহকাৰী হোৱা স্বত্বেও বিশ্বকাপ ট্ৰফী ছামীৰ বাবে সপোন হৈয়ে ৰ’ল।খেলৰ অন্তত  প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ড্ৰেছিং ৰুমত তাৰকা ফাষ্ট বলাৰজনক সাক্ষাৎ কৰিছিল। মোদীৰ বুকুত মূৰ থৈ মহম্মদ স্বামীয়ে শিশুৰ দৰেই কান্দি উঠিছিল।সেই ছবি খন এতিয়া ভাইৰেল হৈ পৰিছে। ফাইনেলৰ পিছদিনা ছামীয়ে ছবিখন টুইট কৰিছে।মোদীয়ে অশ্ৰুসিক্ত ছামীক তেওঁৰ বাহুৰ মাজলৈ  টানি নিছিল আৰু গোটেই ভাৰতীয় দলটোকে সান্ত্বনা দিছিল।
 


উল্লেখ্য দেওবাৰে  প্ৰধানমন্ত্ৰীয়ে অষ্ট্ৰেলিয়াৰ ইনিংছৰ সময়ত খেলখন চাবলৈ গৈছিল। খেলখনৰ পিছত প্ৰধানমন্ত্ৰীয়ে টীম ইণ্ডিয়াৰ কাষত থিয় হৈ টুইট কৰে  "মৰমৰ টীম ইণ্ডিয়া, সমগ্ৰ প্ৰতিযোগিতাখনত আপোনালোকৰ প্ৰতিভা আৰু মানসিকতা প্ৰশংসাৰ যোগ্য। আপোনালোকে  অতি উৎসাহেৰে খেলিছিল। সমগ্ৰ দেশ এই প্ৰদৰ্শনৰ বাবে গৌৰৱান্বিত। মই সদায় আপোনালোকৰ সৈতে থাকিম। "

সেই সময়ত প্ৰধানমন্ত্ৰীৰ পৰা ক্ৰিকেটাৰলৈকে, দলটোৰ সহায়ক কৰ্মচাৰীলৈকে, সকলোৱে ড্ৰেছিং ৰুমত উপস্থিত আছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
৬খন দেশ, ৩খন মহাদেশত ২০৩০ বিশ্বকাপ
শিৱসাগৰৰ ঐতিহাসিক গোলাঘৰত এবুকু পানী; ৰংঘৰ-তলাতল ঘৰলৈ ভাবুকি
প্ৰতিকূল বতৰৰ বাবে চাৰিধাম যাত্ৰা সাময়িকভাৱে স্থগিত
মেলবৰ্নৰ ভাৰতীয় চলচ্চিত্র মহোৎসৱলৈ নিৰ্বাচিত মিচিং ভাষাৰ ছবি ‘য়াকাচিক অমীদী’
উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ জাননী; উজনিমুৱা ৰে’লৰ চলাচলৰ পথ সলনি, ঠাই বিশেষে বন্ধ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement