--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বান্ধৱীক চুম্বন কৰি বিপদত পৰিছে সাম্প্ৰতিক সময়ৰ ফুটবল জগতৰ এজন প্ৰসিদ্ধ গ’লৰক্ষক। বুধবাৰে কাটাৰ বিশ্বকাপত বেলজিয়ামে কানাডাৰ বিৰুদ্ধে প্ৰথমখন মেচত অৱতীৰ্ণ হয়। কঠিন মেচখনত ১-০ ব্যৱধানত বিজয়ী হয় তাৰকাখচিত বেলজিয়াম।

মেচখনৰ প্ৰথমফালে কানাডাই এটা পেনাল্টিৰ সুযোগ লাভ কৰে। কিন্তু কানাডাৰ পেনাল্টিটো ছেভ কৰে বেলজিয়ামৰ গ’লৰক্ষক কুৰ্তোৱাই। ফলস্বৰূপে মেচখনত অগ্ৰগতি লাভৰ সুযোগ হেৰুৱায় কানাডা।

পেনাল্টি ছেভ কৰাৰ আনন্দত মতলীয়া হৈ পৰে বেলজিয়ামৰ গ’লৰক্ষক থিবো কুৰ্তোৱা। ষ্টেডিয়ামত দৰ্শকৰ শাৰীত থকা নিজৰ বান্ধৱী মিছেল গেৰজীৰ কাষলৈ যায় আৰু হাজাৰ হাজাৰ মানুহৰ সমুখতে ওঁঠত চুম্বন কৰে।

সাধাৰণতে ফুটবলাৰসকলে এইদৰে নিজৰ বান্ধৱীক চুম্বন কৰাটো পশ্চিমীয়া দেশসমূহত সহজ হ’লেও কাটাৰত ই এটা গুৰুত্তৰ অপৰাধ। বিশ্বকাপত কঠোৰভাৱে প্ৰয়োগ কৰা হৈছে দেশখনৰ ৰক্ষণশীল আইন।

কাটাৰৰ আইন অমান্য কৰাৰ বাবে বেলজিয়ামৰ গ’লৰক্ষকগৰাকীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল’বলৈ ওলাইছে দেশখনৰ প্ৰশাসনে। অৱশ্যে এতিয়ালৈকে কি শাস্তি প্ৰদান কৰা হ’ব জানিব পৰা নাই।

উল্লেখ্য যে গ’লৰক্ষকগৰাকীৰ বান্ধৱী মিছেল এগৰাকী জনপ্ৰিয় স্পেনিছ মডেল। কোভিড মহামাৰিৰ সময়তে দুয়োৰে প্ৰেম হয়। বিশ্বকাপৰ পাছতে তেওঁলোক বিয়াত বহাৰ কথা আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত ভয়ংকৰ বান: ৩০ হাজাৰতকৈ অধিক লোক আশ্ৰয় শিবিৰত, অব্যাহত উদ্ধাৰ অভিযান
‘ককৰ’চ’ৰ প্ৰতিবাদ ৰুধিবলৈ বন্ধ কৰিলে দিল্লীৰ ১৬টা মেট্র’ ষ্টেছন
বানৰ কবলত অসম: পৰিস্থিতিৰ ভয়াৱহ অৱনতি, মৃতকৰ সংখ্যা বৃদ্ধি; মুখ্যমন্ত্ৰীৰ ৪ লাখ টকাৰ সাহায্য ঘোষণা
উজনি অসমৰ বান পৰিস্থিতিৰ বুজ ল'লে মুখ্যমন্ত্ৰীয়ে; নাগালেণ্ডৰ সৈতে জলস্তৰ বৃদ্ধি সন্দৰ্ভত আলোচনাৰ ইংগিত
শুক্ৰ গ্ৰহৰ স্থিতি শক্তিশালী কৰিব এই ৪ জোপা উদ্ভিদে; সমৃদ্ধিৰ লগতে লাভ কৰিব দেৱী লক্ষ্মীৰ কৃপা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement