--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বান্ধৱীক চুম্বন কৰি বিপদত পৰিছে সাম্প্ৰতিক সময়ৰ ফুটবল জগতৰ এজন প্ৰসিদ্ধ গ’লৰক্ষক। বুধবাৰে কাটাৰ বিশ্বকাপত বেলজিয়ামে কানাডাৰ বিৰুদ্ধে প্ৰথমখন মেচত অৱতীৰ্ণ হয়। কঠিন মেচখনত ১-০ ব্যৱধানত বিজয়ী হয় তাৰকাখচিত বেলজিয়াম।

মেচখনৰ প্ৰথমফালে কানাডাই এটা পেনাল্টিৰ সুযোগ লাভ কৰে। কিন্তু কানাডাৰ পেনাল্টিটো ছেভ কৰে বেলজিয়ামৰ গ’লৰক্ষক কুৰ্তোৱাই। ফলস্বৰূপে মেচখনত অগ্ৰগতি লাভৰ সুযোগ হেৰুৱায় কানাডা।

পেনাল্টি ছেভ কৰাৰ আনন্দত মতলীয়া হৈ পৰে বেলজিয়ামৰ গ’লৰক্ষক থিবো কুৰ্তোৱা। ষ্টেডিয়ামত দৰ্শকৰ শাৰীত থকা নিজৰ বান্ধৱী মিছেল গেৰজীৰ কাষলৈ যায় আৰু হাজাৰ হাজাৰ মানুহৰ সমুখতে ওঁঠত চুম্বন কৰে।

সাধাৰণতে ফুটবলাৰসকলে এইদৰে নিজৰ বান্ধৱীক চুম্বন কৰাটো পশ্চিমীয়া দেশসমূহত সহজ হ’লেও কাটাৰত ই এটা গুৰুত্তৰ অপৰাধ। বিশ্বকাপত কঠোৰভাৱে প্ৰয়োগ কৰা হৈছে দেশখনৰ ৰক্ষণশীল আইন।

কাটাৰৰ আইন অমান্য কৰাৰ বাবে বেলজিয়ামৰ গ’লৰক্ষকগৰাকীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল’বলৈ ওলাইছে দেশখনৰ প্ৰশাসনে। অৱশ্যে এতিয়ালৈকে কি শাস্তি প্ৰদান কৰা হ’ব জানিব পৰা নাই।

উল্লেখ্য যে গ’লৰক্ষকগৰাকীৰ বান্ধৱী মিছেল এগৰাকী জনপ্ৰিয় স্পেনিছ মডেল। কোভিড মহামাৰিৰ সময়তে দুয়োৰে প্ৰেম হয়। বিশ্বকাপৰ পাছতে তেওঁলোক বিয়াত বহাৰ কথা আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু