--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজি অভিযান আৰম্ভ কৰিব ক্ৰিষ্টিয়ানো ৰোণাল্ডো আৰু নেইমাৰে। লিঅ’নেল মেছিৰ পাছত কাটাৰ বিশ্বকাপত একেদিনাই নিজৰ নিজৰ প্ৰথমখন মেচ খেলিবলৈ সাজু হৈছে ফুটবল জগতৰ শীৰ্ষ তাৰকা দুগৰাকীয়ে।

বিশ্বকাপৰ প্ৰথম মেচত গ’ল কৰিবলৈ সক্ষম হ’লেও দলক জয়ী কৰিবলৈ সক্ষম নহ’ল মেছি। সেয়ে অনুৰাগীসকলৰ মাজত চৰ্চা চলিছে যে ৰোণাল্ডো-নেইমাৰে পাৰিবনে দলক জয়ী কৰিব!

ক্ৰিষ্টিয়ানো ৰোণাল্ডোৰ পৰ্তুগালে প্ৰথমখন মেচত অৱতীৰ্ণ হ’ব ঘানাৰ বিৰুদ্ধে। সম্প্ৰতি ৰোণাল্ডো আৰু মানচেষ্টাৰ ইউনাইটেডৰ মাজত ব্যাপক সংঘাত চলি আছে। চৰ্চাত আছে বিষয়টো। তেনে পৰিস্থিতিত তাৰকাগৰাকীয়ে বিশ্বকাপত কি প্ৰদৰ্শন আগবঢ়ায় লক্ষ্যণীয় হ’ব।

ফুটবল বিশ্বকাপৰ এগৰাকী অভিজ্ঞ তাৰকা হিচাপে ৰোণাল্ডোৱে এতিয়ালৈকে ১৭ খন মেচ খেলিছে। কৰিছে ৭ টা গ’ল। ইয়াৰ ভিতৰত আছে ২০১৮ চনত ৰাছিয়া বিশ্বকাপৰ প্ৰথমখন মেচত স্পেইনৰ বিৰুদ্ধে কৰা দুৰ্দান্ত হেট্ৰিক।

আনহাতে, নেইমাৰে ব্ৰাজিলৰ হৈ মাত্ৰ দুখন বিশ্বকাপ খেলিছে। ২০১৪ চনৰ ব্ৰাজিল বিশ্বকাপত উজ্বলি উঠিছিল তাৰকাগৰাকী। কৰিছিল চাৰিটাকৈ দৃষ্টিনন্দন গ’ল। কিন্তু কোৱাৰ্টাৰ ফাইনেলত কলম্বিয়াৰ বিৰুদ্ধে নামি আঘাটপ্ৰাপ্ত হোৱাত চেমিফাইনেলত অৱতীৰ্ণ হ’ব পৰা নাছিল।

২০১৮ চনৰ বিশ্বকাপত নেইমাৰে দুটা গ’ল কৰিছিল। কিন্তু নিজৰ দলক কোৱাৰ্টাৰ ফাইনেলৰ পৰা আগুৱাই নিবলৈ সক্ষম হোৱা নাছিল। সেয়ে এইবাৰৰ বিশ্বকাপত নেইমাৰে কি ভূমিকাত অৱতীৰ্ণ হয় সেয়া লক্ষ্যণীয় হৈ পৰিছে।

আজি চাৰ্বিয়াৰ বিৰুদ্ধে প্ৰথমখন মেচত নামিব নেইমাৰৰ ব্ৰাজিল। নেইমাৰৰ উপৰিও ব্ৰাজিলৰ কেইবাজনো তাৰকাই ইতিমধ্যে দৃষ্টি আকৰ্ষণ কৰিছে। গেব্ৰিয়েল জিচুচ, ভিনিচিয়াছ জুনিয়ৰ, ৰিচাৰ্লছনৰ দৰে কেইবাগৰাকীও নতুন তাৰকাৰ খেল চাবলৈ দৰ্শকসকল ৰৈ আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু