--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজি অভিযান আৰম্ভ কৰিব ক্ৰিষ্টিয়ানো ৰোণাল্ডো আৰু নেইমাৰে। লিঅ’নেল মেছিৰ পাছত কাটাৰ বিশ্বকাপত একেদিনাই নিজৰ নিজৰ প্ৰথমখন মেচ খেলিবলৈ সাজু হৈছে ফুটবল জগতৰ শীৰ্ষ তাৰকা দুগৰাকীয়ে।

বিশ্বকাপৰ প্ৰথম মেচত গ’ল কৰিবলৈ সক্ষম হ’লেও দলক জয়ী কৰিবলৈ সক্ষম নহ’ল মেছি। সেয়ে অনুৰাগীসকলৰ মাজত চৰ্চা চলিছে যে ৰোণাল্ডো-নেইমাৰে পাৰিবনে দলক জয়ী কৰিব!

ক্ৰিষ্টিয়ানো ৰোণাল্ডোৰ পৰ্তুগালে প্ৰথমখন মেচত অৱতীৰ্ণ হ’ব ঘানাৰ বিৰুদ্ধে। সম্প্ৰতি ৰোণাল্ডো আৰু মানচেষ্টাৰ ইউনাইটেডৰ মাজত ব্যাপক সংঘাত চলি আছে। চৰ্চাত আছে বিষয়টো। তেনে পৰিস্থিতিত তাৰকাগৰাকীয়ে বিশ্বকাপত কি প্ৰদৰ্শন আগবঢ়ায় লক্ষ্যণীয় হ’ব।

ফুটবল বিশ্বকাপৰ এগৰাকী অভিজ্ঞ তাৰকা হিচাপে ৰোণাল্ডোৱে এতিয়ালৈকে ১৭ খন মেচ খেলিছে। কৰিছে ৭ টা গ’ল। ইয়াৰ ভিতৰত আছে ২০১৮ চনত ৰাছিয়া বিশ্বকাপৰ প্ৰথমখন মেচত স্পেইনৰ বিৰুদ্ধে কৰা দুৰ্দান্ত হেট্ৰিক।

আনহাতে, নেইমাৰে ব্ৰাজিলৰ হৈ মাত্ৰ দুখন বিশ্বকাপ খেলিছে। ২০১৪ চনৰ ব্ৰাজিল বিশ্বকাপত উজ্বলি উঠিছিল তাৰকাগৰাকী। কৰিছিল চাৰিটাকৈ দৃষ্টিনন্দন গ’ল। কিন্তু কোৱাৰ্টাৰ ফাইনেলত কলম্বিয়াৰ বিৰুদ্ধে নামি আঘাটপ্ৰাপ্ত হোৱাত চেমিফাইনেলত অৱতীৰ্ণ হ’ব পৰা নাছিল।

২০১৮ চনৰ বিশ্বকাপত নেইমাৰে দুটা গ’ল কৰিছিল। কিন্তু নিজৰ দলক কোৱাৰ্টাৰ ফাইনেলৰ পৰা আগুৱাই নিবলৈ সক্ষম হোৱা নাছিল। সেয়ে এইবাৰৰ বিশ্বকাপত নেইমাৰে কি ভূমিকাত অৱতীৰ্ণ হয় সেয়া লক্ষ্যণীয় হৈ পৰিছে।

আজি চাৰ্বিয়াৰ বিৰুদ্ধে প্ৰথমখন মেচত নামিব নেইমাৰৰ ব্ৰাজিল। নেইমাৰৰ উপৰিও ব্ৰাজিলৰ কেইবাজনো তাৰকাই ইতিমধ্যে দৃষ্টি আকৰ্ষণ কৰিছে। গেব্ৰিয়েল জিচুচ, ভিনিচিয়াছ জুনিয়ৰ, ৰিচাৰ্লছনৰ দৰে কেইবাগৰাকীও নতুন তাৰকাৰ খেল চাবলৈ দৰ্শকসকল ৰৈ আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক