--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃফুটবল আৰু স্পেইন। দুটা এৰাব নোৱাৰা শব্দ। কিন্তু বিগত কিছুবছৰৰ পৰা স্পেইনৰ দলটো যেন কিছু দুৰ্বল হৈ পৰিছে। ক্ৰীড়াপ্ৰেমীৰ মনত তেনে ধাৰণাই বাহ লৈছিল। কিন্তু সকলো নেতিহাচক ধাৰণাক ভুল প্ৰমাণিত কৰিলে স্পেইনে। স্পেইনে এক বৃহৎ জয়েৰে বিশ্বকাপৰ অভিযান আৰম্ভ কৰিলে। বুধবাৰে বিশ্বকাপৰ তৃতীয় খন খেলত পিছলৈ ঘূৰি চাবলগীয়া নহ’ল স্পেইনে।। দেশ খনে  কোষ্টা ৰিকাক ৭-০ গ'লত পৰাস্ত কৰি বিশ্বকাপৰ অভিযান আৰম্ভ কৰিলে।

স্পেইনে প্ৰত্যাশিত ছন্দত বিশ্বকাপ অভিযান আৰম্ভ কৰাত আনন্দিত হৈ পৰিছে দলটোৰ অনুগামীসকল।স্পেইনে আৰম্ভনিৰে  পৰাই কোষ্টা ৰিকাৰ বিৰুদ্ধে আক্ৰমণ চলাইছিল। কোষ্টা ৰিকাৰ খেলুৱৈসকলক প্ৰায় সকলো সময়তে তেওঁলোকৰ নিজৰ অৰ্ধাংশত ব্যস্ত ৰখা হৈছিল। স্পেইনৰ প্ৰশিক্ষক লুইছ এনৰিকে দলটোক ৪-৪-৩ সজ্জাত  সজ্জিত কৰিছিল। খেলখনৰ পাঁচ মিনিটৰ ভিতৰত দানি ওলমোৱে গ'ল কৰাৰ এটা সহজ সুযোগ নষ্ট কৰে। কেৱল এয়াই নহয়, স্পেইনৰ খেলুৱৈসকলে গোটেই মেচখনত গ'ল কৰাৰ কেইবাটাও সুযোগ নষ্ট কৰে।

অৱশ্যে স্পেইনে ১০ মিনিটৰ ব্যৱধানত তিনিটা গল কৰি প্ৰথমাৰ্ধত বিজয় নিশ্চিত কৰে। ১১ মিনিটত অ'লমোৰে  এটা গলে দি স্পেইনক আগুৱাই নিছিল।ইয়াৰ পিছত, খেলখন আগবাঢ়ি যোৱাৰ লগে লগে স্পেইনৰ আধিপত্য বৃদ্ধি পায়। কোষ্টা ৰিকাৰ খেলুৱৈসকলে সঘনাই ফাউল কৰিছিল। অৱশ্যে কোনো লাভ হোৱা নাছিল। খেলখনৰ ২১ মিনিটত মাৰ্কো এচেঞ্চিঅ'ই স্পেইনৰ হৈ দ্বিতীয়টো গল কৰে। কেপ্টেইন টৰেছে ৩১ মিনিটত পেনাল্টি স্পটৰ পৰা গল কৰিছিল। ৪৩ মিনিটত এচেঞ্চিঅ'ই সহজ গ'ল কৰাৰ সুযোগ হেৰুৱাব নোৱাৰিলে স্পেইনে প্ৰথমাৰ্ধত ব্যৱধান বৃদ্ধি কৰিব পাৰিলেহেঁতেন।

৫৪ মিনিটত এচেঞ্চিঅ'ই তেওঁৰ দ্বিতীয় আৰু দলটোৰ চতুৰ্থটো গল কৰে। স্পেইনৰ আধিপত্যৰ মাজতে কোষ্টা ৰিকাৰ ফুটবলাৰসকলে কিছু বিক্ষিপ্ত প্ৰতি-আক্ৰমণ কৰিছিল। কিন্তু তেওঁলোকে গল কৰিবলৈ পৰিবেশ সৃষ্টি কৰিব নোৱাৰিলে। ৭৪ মিনিটত স্পেইনৰ হৈ গাবিয়ে পঞ্চমটো গল কৰে।৫-০ ৰ অগ্ৰগতি লাভ কৰাৰ পিছত স্পেইনৰ ফুটবলাৰসকলে খেলৰ গতি অলপ মন্থৰ কৰি দিয়ে। 

কাৰণ তেতিয়ালৈকে তেওঁলোকৰ তিনিটা পইণ্ট নিশ্চিত হৈ পৰিছিল। স্পেইনে ষষ্ঠ আৰু সপ্তম গল কৰে খেলৰ ৯০ মিনিটত ।কাৰচোল চোলে গ'লটো কৰে।  আলভাৰো মোৰাতাই স্পেইনৰ সপ্তম গ'লটো কৰে। উল্লেখ্য ইংলেণ্ডে ইৰাণৰ হৈ ৬ টা গলেৰে  বিশ্বকাপ অভিযান আৰম্ভ কৰিছিল। টৰেছে ৭ টা গ'লৰ সৈতে হেৰী কেনকো অতিক্ৰম কৰিবলৈ সক্ষম হ’ল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক