--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃফুটবল আৰু স্পেইন। দুটা এৰাব নোৱাৰা শব্দ। কিন্তু বিগত কিছুবছৰৰ পৰা স্পেইনৰ দলটো যেন কিছু দুৰ্বল হৈ পৰিছে। ক্ৰীড়াপ্ৰেমীৰ মনত তেনে ধাৰণাই বাহ লৈছিল। কিন্তু সকলো নেতিহাচক ধাৰণাক ভুল প্ৰমাণিত কৰিলে স্পেইনে। স্পেইনে এক বৃহৎ জয়েৰে বিশ্বকাপৰ অভিযান আৰম্ভ কৰিলে। বুধবাৰে বিশ্বকাপৰ তৃতীয় খন খেলত পিছলৈ ঘূৰি চাবলগীয়া নহ’ল স্পেইনে।। দেশ খনে  কোষ্টা ৰিকাক ৭-০ গ'লত পৰাস্ত কৰি বিশ্বকাপৰ অভিযান আৰম্ভ কৰিলে।

স্পেইনে প্ৰত্যাশিত ছন্দত বিশ্বকাপ অভিযান আৰম্ভ কৰাত আনন্দিত হৈ পৰিছে দলটোৰ অনুগামীসকল।স্পেইনে আৰম্ভনিৰে  পৰাই কোষ্টা ৰিকাৰ বিৰুদ্ধে আক্ৰমণ চলাইছিল। কোষ্টা ৰিকাৰ খেলুৱৈসকলক প্ৰায় সকলো সময়তে তেওঁলোকৰ নিজৰ অৰ্ধাংশত ব্যস্ত ৰখা হৈছিল। স্পেইনৰ প্ৰশিক্ষক লুইছ এনৰিকে দলটোক ৪-৪-৩ সজ্জাত  সজ্জিত কৰিছিল। খেলখনৰ পাঁচ মিনিটৰ ভিতৰত দানি ওলমোৱে গ'ল কৰাৰ এটা সহজ সুযোগ নষ্ট কৰে। কেৱল এয়াই নহয়, স্পেইনৰ খেলুৱৈসকলে গোটেই মেচখনত গ'ল কৰাৰ কেইবাটাও সুযোগ নষ্ট কৰে।

অৱশ্যে স্পেইনে ১০ মিনিটৰ ব্যৱধানত তিনিটা গল কৰি প্ৰথমাৰ্ধত বিজয় নিশ্চিত কৰে। ১১ মিনিটত অ'লমোৰে  এটা গলে দি স্পেইনক আগুৱাই নিছিল।ইয়াৰ পিছত, খেলখন আগবাঢ়ি যোৱাৰ লগে লগে স্পেইনৰ আধিপত্য বৃদ্ধি পায়। কোষ্টা ৰিকাৰ খেলুৱৈসকলে সঘনাই ফাউল কৰিছিল। অৱশ্যে কোনো লাভ হোৱা নাছিল। খেলখনৰ ২১ মিনিটত মাৰ্কো এচেঞ্চিঅ'ই স্পেইনৰ হৈ দ্বিতীয়টো গল কৰে। কেপ্টেইন টৰেছে ৩১ মিনিটত পেনাল্টি স্পটৰ পৰা গল কৰিছিল। ৪৩ মিনিটত এচেঞ্চিঅ'ই সহজ গ'ল কৰাৰ সুযোগ হেৰুৱাব নোৱাৰিলে স্পেইনে প্ৰথমাৰ্ধত ব্যৱধান বৃদ্ধি কৰিব পাৰিলেহেঁতেন।

৫৪ মিনিটত এচেঞ্চিঅ'ই তেওঁৰ দ্বিতীয় আৰু দলটোৰ চতুৰ্থটো গল কৰে। স্পেইনৰ আধিপত্যৰ মাজতে কোষ্টা ৰিকাৰ ফুটবলাৰসকলে কিছু বিক্ষিপ্ত প্ৰতি-আক্ৰমণ কৰিছিল। কিন্তু তেওঁলোকে গল কৰিবলৈ পৰিবেশ সৃষ্টি কৰিব নোৱাৰিলে। ৭৪ মিনিটত স্পেইনৰ হৈ গাবিয়ে পঞ্চমটো গল কৰে।৫-০ ৰ অগ্ৰগতি লাভ কৰাৰ পিছত স্পেইনৰ ফুটবলাৰসকলে খেলৰ গতি অলপ মন্থৰ কৰি দিয়ে। 

কাৰণ তেতিয়ালৈকে তেওঁলোকৰ তিনিটা পইণ্ট নিশ্চিত হৈ পৰিছিল। স্পেইনে ষষ্ঠ আৰু সপ্তম গল কৰে খেলৰ ৯০ মিনিটত ।কাৰচোল চোলে গ'লটো কৰে।  আলভাৰো মোৰাতাই স্পেইনৰ সপ্তম গ'লটো কৰে। উল্লেখ্য ইংলেণ্ডে ইৰাণৰ হৈ ৬ টা গলেৰে  বিশ্বকাপ অভিযান আৰম্ভ কৰিছিল। টৰেছে ৭ টা গ'লৰ সৈতে হেৰী কেনকো অতিক্ৰম কৰিবলৈ সক্ষম হ’ল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু