--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বাংগালুৰুত সংঘটিত হৈছে এক ভয়ংকৰ হত্যাকাণ্ড। নিশা মহিলাৰ হোষ্টেলত প্ৰৱেশ কৰি এগৰাকী যুৱতীৰ  ডিঙি চোকা দাৰে কাটি হত্যা কৰিছে এজন যুৱকে।  হত্যাৰ কাৰণ এতিয়াও স্পষ্ট হোৱা নাই। ঘটনাৰ তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে।


আৰক্ষীৰ তথ্য অনুসৰি মৃত যুৱতীগপাকীৰ  নাম কৃতি কুমাৰী। তেওঁ বিহাৰৰ বাসিন্দা। তেওঁ বাংগালুৰুৰ  এটা ব্যক্তিগত কোম্পানীত কাম কৰি আছিল। চহৰৰ কোৰামাংগালা অঞ্চলৰ ভি আৰ লেআউট পি জিত বাস কৰিছিল যুৱতীগৰাকীয়ে। মঙলবাৰে নিশা ১১.১০ৰ পৰা ১১.৩০ বজাৰ ভিতৰত পিজিত প্ৰৱেশ কৰে অভিযুক্তই। তৃতীয় মহলাৰ এটা কোঠাৰ বাহিৰত অভিযুক্ত যুৱকজনে কৃতিক আক্ৰমণ কৰে। অভিযোগ অনুসৰি যুৱতীগৰাকীক চোকা দাৰে ডিঙি কাটি হত্যা কৰা হয়। এই ঘটনা সংঘটিত কৰিয়েই যুৱকজনে পলায়ন কৰে।  

হত্যাকাণ্ডৰ খবৰ পাই নিশাই পিজিলৈ আহে  আৰক্ষী। ডিচিপি চাৰা ফাতিমাই কয় যে চিচিটিভিৰ ফুটেজ পৰীক্ষা কৰাৰ পিছত অভিযুক্তৰ সন্ধান অব্যাহত আছে। যুৱতীগৰাকীক হত্যা কৰাৰ কাৰণ বিষয়েও  তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে। ফাতিমাই লগতে কয় যে অভিযুক্তক চিনাক্ত কৰা হৈছে। আৰক্ষীয়ে তেওঁক ধৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু