--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বাংগালুৰুত সংঘটিত হৈছে এক ভয়ংকৰ হত্যাকাণ্ড। নিশা মহিলাৰ হোষ্টেলত প্ৰৱেশ কৰি এগৰাকী যুৱতীৰ  ডিঙি চোকা দাৰে কাটি হত্যা কৰিছে এজন যুৱকে।  হত্যাৰ কাৰণ এতিয়াও স্পষ্ট হোৱা নাই। ঘটনাৰ তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে।


আৰক্ষীৰ তথ্য অনুসৰি মৃত যুৱতীগপাকীৰ  নাম কৃতি কুমাৰী। তেওঁ বিহাৰৰ বাসিন্দা। তেওঁ বাংগালুৰুৰ  এটা ব্যক্তিগত কোম্পানীত কাম কৰি আছিল। চহৰৰ কোৰামাংগালা অঞ্চলৰ ভি আৰ লেআউট পি জিত বাস কৰিছিল যুৱতীগৰাকীয়ে। মঙলবাৰে নিশা ১১.১০ৰ পৰা ১১.৩০ বজাৰ ভিতৰত পিজিত প্ৰৱেশ কৰে অভিযুক্তই। তৃতীয় মহলাৰ এটা কোঠাৰ বাহিৰত অভিযুক্ত যুৱকজনে কৃতিক আক্ৰমণ কৰে। অভিযোগ অনুসৰি যুৱতীগৰাকীক চোকা দাৰে ডিঙি কাটি হত্যা কৰা হয়। এই ঘটনা সংঘটিত কৰিয়েই যুৱকজনে পলায়ন কৰে।  

হত্যাকাণ্ডৰ খবৰ পাই নিশাই পিজিলৈ আহে  আৰক্ষী। ডিচিপি চাৰা ফাতিমাই কয় যে চিচিটিভিৰ ফুটেজ পৰীক্ষা কৰাৰ পিছত অভিযুক্তৰ সন্ধান অব্যাহত আছে। যুৱতীগৰাকীক হত্যা কৰাৰ কাৰণ বিষয়েও  তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে। ফাতিমাই লগতে কয় যে অভিযুক্তক চিনাক্ত কৰা হৈছে। আৰক্ষীয়ে তেওঁক ধৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ