--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কেন্দ্ৰীয় বিত্ত আৰু কৰ্পৰেট পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী নিৰ্মলা সীতাৰমনে  সংসদত ২০২৪-২৫ বৰ্ষৰ কেন্দ্ৰীয় বাজেট দাখিলৰ সময়তে সকলো শ্ৰেণীৰ বিনিয়োগকাৰীৰ বাবে ‘এঞ্জেল টেক্স’ বিলুপ্তকৰণৰ প্ৰস্তাৱ আগবঢ়ায়। তেওঁ লগতে কয় যে এই পদক্ষেপৰ লক্ষ্য হৈছে ভাৰতীয় ষ্টাৰ্ট-আপ বাতাবৰণক শক্তিশালী, উদ্যোগীকৰণৰ মনোভাৱ বৃদ্ধি আৰু উদ্ভাৱনক সমৰ্থন কৰা।

ভাৰতৰ উন্নয়নৰ বাবে বৈদেশিক পুঁজিক আকৰ্ষিত কৰিবলৈ বিদেশী কোম্পানীসমূহৰ ওপৰত কৰ্পৰেট কৰৰ হাৰ ৪০ শতাংশৰপৰা ৩৫ শতাংশলৈ হ্ৰাস কৰাৰ প্ৰস্তাৱো মন্ত্ৰীগৰাকীয়ে আগবঢ়ায়। সীতাৰমনে অৰ্থনীতিৰ বিত্তীয় প্ৰয়োজনীয়তা পূৰণৰ বাবে বিত্তীয় খণ্ডৰ দৃষ্টি আৰু কৌশলৰাজি প্ৰয়োগেৰে আকাৰ, ক্ষমতা আৰু দক্ষতাৰ ক্ষেত্ৰত খণ্ডটোক সাজু কৰাৰ কথা ঘোষণা কৰে। তেওঁ লগতে কয় যে ইয়াৰদ্বাৰা আগন্তুক পাঁচ বছৰৰ বাবে কাৰ্য্যপন্থা নিৰ্ধাৰণ কৰা হ’ব তথা চৰকাৰ, নিয়ন্ত্ৰক, বিত্তীয় প্ৰতিষ্ঠান আৰু বজাৰত অংশগ্ৰহণকাৰীসকলৰ কাম-কাজক পথ প্ৰদৰ্শন কৰা হ’ব। 

 মন্ত্ৰীগৰাকীয়ে জলবায়ু বিত্তৰ বাবে শ্ৰেণীবিভাজনৰ প্ৰস্তাৱ আগবঢ়ায়। ইয়াৰদ্বাৰা জলবায়ু অভিযোজন আৰু প্ৰশমনৰ বাবে পুঁজিৰ উপলব্ধতা বৃদ্ধি পাব বুলি আশা কৰা হৈছে, যিয়ে ভাৰতক জলবায়ু অংগীকাৰ আৰু সেউজ পৰিৱৰ্তনত উপনীত হোৱাত সহায় কৰিব পাৰে।“আমাৰ চৰকাৰে বিমান আৰু জাহাজৰ লিজিঙৰ বিত্তীয় সাহায্যৰ বাবে এক কাৰ্য্যক্ষম আৰু নমনীয় পদ্ধতিৰ অৰ্থে প্ৰয়োজনীয় আইনগত অনুমোদন বিচাৰিব আৰু ‘ভেৰিয়েবল কোম্পানী গাঁথনি’ৰ জৰিয়তে ব্যক্তিগত ইকুইটিৰ পুলড পুঁজি বিচাৰিব”, শ্ৰীমতী সীতাৰমনে লগতে কয়।প্ৰত্যক্ষ বৈদেশিক বিনিয়োগৰ সুবিধাৰ বাবে, অগ্ৰাধিকাৰক উদ্দীপনা যোগাবলৈ আৰু বহিঃৰাষ্ট্ৰৰ বিনিয়োগৰ বাবে ভাৰতীয় টকাক মুদ্ৰা হিচাপে ব্যৱহাৰৰ সুযোগ প্ৰসাৰিত কৰিবলৈ বিত্তমন্ত্ৰীয়ে ঘোষণা কৰে যে প্ৰত্যক্ষ বৈদেশিক বিনিয়োগ আৰু বহিঃৰাষ্ট্ৰৰ বিনিয়োগৰ নিয়ম-নীতি সৰল কৰা হ’ব।বৃহৎ সংখ্যক দক্ষ শ্ৰমিকক নিয়োগ কৰা হীৰা কাটিং আৰু পলিচিং উদ্যোগৰ বিকাশৰ বাবে বিত্তমন্ত্ৰীয়ে কেঁচা হীৰা বিক্ৰী কৰা বিদেশী খনন কোম্পানীসমূহৰ বাবে নিৰাপদ বন্দৰৰ হাৰৰ ব্যৱস্থা কৰাৰ প্ৰস্তাৱ আগবঢ়ায়।ইয়াৰ উপৰিও সীতাৰমনে দেশত ঘৰুৱা ক্ৰুজ চলোৱা বিদেশী জাহাজ কোম্পানীসমূহৰ বাবে সহজ কৰ ব্যৱস্থাৰ প্ৰস্তাৱ আগবঢ়ায়। ইয়াৰ দ্বাৰা ক্ৰুজ পৰ্যটনৰ প্ৰচণ্ড সম্ভাৱনাক বাস্তৱায়িতকৰণত সহায়ক হ’ব আৰু দেশৰ এই নিয়োগ সৃষ্টিকাৰী উদ্যোগটোক এক উদ্দীপনা প্ৰদান কৰা হ’ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ