--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল জেস্কঃ বৃহৎ পৰিমাণৰ ধন উদ্ধাৰ হৈছে কৰ্ণাটকৰ বাংগালুৰুত।আয়কৰ বিভাগে বাংগালুৰুৰ এজন  ঠিকাদাৰসকলৰ ঘৰত অভিযান চলাই বৃহৎ পৰিমাণৰ ধন উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে।  আয়কৰ চোৰাংচোৱাসকলে শুকুৰবাৰে বাংগালুৰুৰ এজন ঠিকাদাৰৰ ঘৰৰ পৰা হিচাপ বিহীন নগদ ধন উদ্ধাৰ কৰাৰ ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

খবৰ অনুসৰি, বাংগালুৰুৰ  ঠিকাদাৰ জনৰ ঘৰৰ  পৰা ২৩ টা বাকচত ৫০০টকীয়া নোটৰ  মূল্যৰ মুঠ ৪২ কোটি টকা উদ্ধাৰ কৰা হৈছে। ধনৰ পৰিমাণ আৰু অধিক হ’ব পাৰে বুলি জানিব পৰা গৈছে। ইপিনে ৰাজ্য খনৰ বিৰোধী দল বিজেপিয়ে অভিযোগ কৰে যে কংগ্ৰেছে  নিৰ্বাচনমুখী তেলেংগানালৈ ধন সৰবৰাহ  কৰিবলৈ চেষ্টা কৰি আছে। বিজেপি নেতা তথা প্ৰাক্তন উপ মুখ্যমন্ত্ৰী অশ্বথ নাৰায়ণে কয়, "আগন্তুক নিৰ্বাচনৰ বাবে তেলেংগানালৈ প্ৰেৰণ কৰিবলৈ কংগ্ৰেছ দলে এই বৃহৎ পৰিমাণৰ ধন মজুত কৰিছিল।   কংগ্ৰেছ চৰকাৰে কৰ্ণাটকক আন ৰাজ্যৰ নিৰ্বাচনৰ সময়ত   'এটিএম' হিচাপে ব্যৱহাৰ কৰিব বিচাৰিছে’’। 

ইফালে, কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্ধাৰামাইয়াই বিজেপিৰ এই অভিযোগ খণ্ডন কৰিছে। শুকুৰবাৰে সাংবাদিকৰ সৈতে বাৰ্তালাপ কৰি সিদ্ধাৰামাইয়াই কয়, "কোনো ৰাজ্যই আন ৰাজ্যৰ পৰা ধন বিচাৰিব নোৱাৰে, আৰু আমি আমাৰ ধন আন ৰাজ্যক নিদিওঁ। বিজেপিয়ে অপ্ৰয়োজনীয় কথাৰে মানুহৰ  মনোযোগ আকৰ্ষণ কৰিবলৈ চেষ্টা কৰিছে।"

কৰ্ণাটক ঠিকাদাৰ সন্থাৰ সভাপতি কেম্পেনাই কয়  যে ঠিকাদাৰজনে আঠ বছৰ ধৰি কোনো ঠিকাৰ কামত জড়িত নাছিল । কিন্তু তেওঁৰ আন কেইবাটাও ব্যৱসায় আছে।






FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ