--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল জেস্কঃ বৃহৎ পৰিমাণৰ ধন উদ্ধাৰ হৈছে কৰ্ণাটকৰ বাংগালুৰুত।আয়কৰ বিভাগে বাংগালুৰুৰ এজন  ঠিকাদাৰসকলৰ ঘৰত অভিযান চলাই বৃহৎ পৰিমাণৰ ধন উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে।  আয়কৰ চোৰাংচোৱাসকলে শুকুৰবাৰে বাংগালুৰুৰ এজন ঠিকাদাৰৰ ঘৰৰ পৰা হিচাপ বিহীন নগদ ধন উদ্ধাৰ কৰাৰ ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

খবৰ অনুসৰি, বাংগালুৰুৰ  ঠিকাদাৰ জনৰ ঘৰৰ  পৰা ২৩ টা বাকচত ৫০০টকীয়া নোটৰ  মূল্যৰ মুঠ ৪২ কোটি টকা উদ্ধাৰ কৰা হৈছে। ধনৰ পৰিমাণ আৰু অধিক হ’ব পাৰে বুলি জানিব পৰা গৈছে। ইপিনে ৰাজ্য খনৰ বিৰোধী দল বিজেপিয়ে অভিযোগ কৰে যে কংগ্ৰেছে  নিৰ্বাচনমুখী তেলেংগানালৈ ধন সৰবৰাহ  কৰিবলৈ চেষ্টা কৰি আছে। বিজেপি নেতা তথা প্ৰাক্তন উপ মুখ্যমন্ত্ৰী অশ্বথ নাৰায়ণে কয়, "আগন্তুক নিৰ্বাচনৰ বাবে তেলেংগানালৈ প্ৰেৰণ কৰিবলৈ কংগ্ৰেছ দলে এই বৃহৎ পৰিমাণৰ ধন মজুত কৰিছিল।   কংগ্ৰেছ চৰকাৰে কৰ্ণাটকক আন ৰাজ্যৰ নিৰ্বাচনৰ সময়ত   'এটিএম' হিচাপে ব্যৱহাৰ কৰিব বিচাৰিছে’’। 

ইফালে, কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্ধাৰামাইয়াই বিজেপিৰ এই অভিযোগ খণ্ডন কৰিছে। শুকুৰবাৰে সাংবাদিকৰ সৈতে বাৰ্তালাপ কৰি সিদ্ধাৰামাইয়াই কয়, "কোনো ৰাজ্যই আন ৰাজ্যৰ পৰা ধন বিচাৰিব নোৱাৰে, আৰু আমি আমাৰ ধন আন ৰাজ্যক নিদিওঁ। বিজেপিয়ে অপ্ৰয়োজনীয় কথাৰে মানুহৰ  মনোযোগ আকৰ্ষণ কৰিবলৈ চেষ্টা কৰিছে।"

কৰ্ণাটক ঠিকাদাৰ সন্থাৰ সভাপতি কেম্পেনাই কয়  যে ঠিকাদাৰজনে আঠ বছৰ ধৰি কোনো ঠিকাৰ কামত জড়িত নাছিল । কিন্তু তেওঁৰ আন কেইবাটাও ব্যৱসায় আছে।






FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু