--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰতিৰক্ষা মন্ত্ৰালয়ে ইয়াৰ অধীনস্থ সকলো বিভাগক দেশৰ মুখ্য চহৰসমূহত "প্ৰতিৰক্ষা খণ্ডত কৰা ভাল কামবোৰ প্ৰদৰ্শন" কৰিবলৈ জিঅ'টেগ যুক্ত ছেলফি পইণ্ট সৃষ্টি কৰিবলৈ নিৰ্দেশ দিছে। কোৱা হৈছে যে এই 'ছেলফি পইণ্টবোৰ' ৩-ডি ট্যাবলৌৰ দৰে হ'ব। এই সকলো ছেলফি পইণ্টত  প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ছবি বাধ্যতামূলকভাবে লগাব লাগিব। 

 প্ৰতিৰক্ষা একাউণ্টৰ নিয়ন্ত্ৰক জেনেৰেলৰ দ্বাৰা জাৰি কৰা টোকাটোত উল্লেখ কৰা হৈছে যে প্ৰতিটো ছেলফি পইণ্ট মন্ত্ৰালয়ৰ  আওতাত পৰা  'থীম'বোৰৰ সৈতে সংযুক্ত কৰা হ'ব। উদাহৰণ স্বৰূপে, প্ৰতিৰক্ষাখণ্ডত 'আত্মনিৰভৰ ভাৰত'ৰ উদাহৰণ  ছেলফি পইণ্ট প্ৰতিফলিত হ’ব লাগিব। প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থা (ডিআৰডিঅ') আৰু প্ৰতিৰক্ষা উৎপাদন বিভাগৰ বিষয়বস্তুও  ইয়াত অন্তুৰ্ভুক্ত কৰা হ’ব। 

প্ৰতিৰক্ষা বিভাগৰ যুটীয়া সচিবে স্বাক্ষৰ কৰা আৰু মন্ত্ৰালয়ৰ ৱেবছাইটত উপলব্ধ নিৰ্দেশনাত কোৱা হৈছে যে প্ৰতিটো বিভাগে  সংশ্লিষ্ট কৰ্তৃপক্ষ আৰু মিডিয়া তথা  যোগাযোগ বিভাগৰ  এডিজিৰ ওচৰত "পদক্ষেপ গ্ৰহণ কৰাৰ  প্ৰতিবেদন" দাখিল কৰিব লাগিব।

জাননীখনত কোৱা হৈছে যে মিডিয়া এণ্ড কমিউনিকেশ্বনৰ এডিজিয়ে  প্ৰতিৰক্ষা মন্ত্ৰীৰ ওচৰত "ছেলফি-পইণ্ট সৃষ্টিৰ অগ্ৰগতি" সন্দৰ্ভত এক প্ৰেজেণ্টেচন প্ৰদান কৰিব।

প্ৰতিৰক্ষা একাউণ্টনিয়ন্ত্ৰক জেনেৰেলে নখন চহৰত ছেলফি পইণ্ট স্থাপনৰ অনুমোদন জনাইছে - নতুন দিল্লী, নাছিক, এলাহাবাদ, কোল্লাম, পুনে, কলকাতা, বাংগালুৰু, গুৱাহাটী আৰু মীৰাট।

প্ৰতিৰক্ষা মন্ত্ৰালয়ে জাৰি কৰা  টোকাত কোৱা হৈছে যে এনে ছেলফি পইণ্ট নিৰ্মাণৰ সিদ্ধান্ত ১৪ ছেপ্টেম্বৰত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ অধ্যক্ষতাত অনুষ্ঠিত এখন বৈঠকত লোৱা হৈছিল। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ