--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰতিৰক্ষা মন্ত্ৰালয়ে ইয়াৰ অধীনস্থ সকলো বিভাগক দেশৰ মুখ্য চহৰসমূহত "প্ৰতিৰক্ষা খণ্ডত কৰা ভাল কামবোৰ প্ৰদৰ্শন" কৰিবলৈ জিঅ'টেগ যুক্ত ছেলফি পইণ্ট সৃষ্টি কৰিবলৈ নিৰ্দেশ দিছে। কোৱা হৈছে যে এই 'ছেলফি পইণ্টবোৰ' ৩-ডি ট্যাবলৌৰ দৰে হ'ব। এই সকলো ছেলফি পইণ্টত  প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ছবি বাধ্যতামূলকভাবে লগাব লাগিব। 

 প্ৰতিৰক্ষা একাউণ্টৰ নিয়ন্ত্ৰক জেনেৰেলৰ দ্বাৰা জাৰি কৰা টোকাটোত উল্লেখ কৰা হৈছে যে প্ৰতিটো ছেলফি পইণ্ট মন্ত্ৰালয়ৰ  আওতাত পৰা  'থীম'বোৰৰ সৈতে সংযুক্ত কৰা হ'ব। উদাহৰণ স্বৰূপে, প্ৰতিৰক্ষাখণ্ডত 'আত্মনিৰভৰ ভাৰত'ৰ উদাহৰণ  ছেলফি পইণ্ট প্ৰতিফলিত হ’ব লাগিব। প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থা (ডিআৰডিঅ') আৰু প্ৰতিৰক্ষা উৎপাদন বিভাগৰ বিষয়বস্তুও  ইয়াত অন্তুৰ্ভুক্ত কৰা হ’ব। 

প্ৰতিৰক্ষা বিভাগৰ যুটীয়া সচিবে স্বাক্ষৰ কৰা আৰু মন্ত্ৰালয়ৰ ৱেবছাইটত উপলব্ধ নিৰ্দেশনাত কোৱা হৈছে যে প্ৰতিটো বিভাগে  সংশ্লিষ্ট কৰ্তৃপক্ষ আৰু মিডিয়া তথা  যোগাযোগ বিভাগৰ  এডিজিৰ ওচৰত "পদক্ষেপ গ্ৰহণ কৰাৰ  প্ৰতিবেদন" দাখিল কৰিব লাগিব।

জাননীখনত কোৱা হৈছে যে মিডিয়া এণ্ড কমিউনিকেশ্বনৰ এডিজিয়ে  প্ৰতিৰক্ষা মন্ত্ৰীৰ ওচৰত "ছেলফি-পইণ্ট সৃষ্টিৰ অগ্ৰগতি" সন্দৰ্ভত এক প্ৰেজেণ্টেচন প্ৰদান কৰিব।

প্ৰতিৰক্ষা একাউণ্টনিয়ন্ত্ৰক জেনেৰেলে নখন চহৰত ছেলফি পইণ্ট স্থাপনৰ অনুমোদন জনাইছে - নতুন দিল্লী, নাছিক, এলাহাবাদ, কোল্লাম, পুনে, কলকাতা, বাংগালুৰু, গুৱাহাটী আৰু মীৰাট।

প্ৰতিৰক্ষা মন্ত্ৰালয়ে জাৰি কৰা  টোকাত কোৱা হৈছে যে এনে ছেলফি পইণ্ট নিৰ্মাণৰ সিদ্ধান্ত ১৪ ছেপ্টেম্বৰত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ অধ্যক্ষতাত অনুষ্ঠিত এখন বৈঠকত লোৱা হৈছিল। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু