--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজি এক ভয়ংকৰ বোমা বিস্ফোৰণে কপাঁই যায় বাংলাদেশৰ ঢাকা চহৰ৷ এটা অট্টালিকাত হোৱা এই বিস্ফোৰণত প্ৰায় ১৫জন ব্যক্তিৰ মৃত্যুৰ লগতে প্ৰায় শতাধিক ব্যক্তি আহত হয়৷

জানিব পৰা মতে ঘটনা সংঘটিত হোৱাৰ ঠিক পাছতেই ততাতৈয়াকৈ অগ্নিনিৰ্বাপক বাহিনীৰ পাঁচটি দল অগ্নিনিৰ্বাপনত নামি পৰে৷ স্থানীয় সময় অনুসৰি বিয়লি ৪বাজি ৫০ মিনিটত এই বিস্ফোৰণৰ ঘটনা সংঘটিত হয়৷ 

বিস্ফোৰণৰ কাৰণ তাৎক্ষণিকভাৱে জানিব পৰা যোৱা নাই যদিও বাংলাদেশত সঘনাই মাৰাত্মক অট্টালিকা জুই আৰু বিস্ফোৰণ সচৰাচৰ দেখা যায়, যাৰ কাৰণ হিচাপে কাৰিকৰী অসাৱধানতাক অন্যতম বুলি চিহ্নিত কৰা হৈছে।

স্থানীয় সময় অনুসৰি সন্ধিয়া ৫ বজাৰ অলপ আগত ৰাজধানী ঢাকাত পাইকাৰী সামগ্ৰীৰ মুখ্য কেন্দ্ৰ গুলিস্তানৰ এটা সাত মহলীয়া অট্টালিকাৰ চতুৰ্থ আৰু পঞ্চম মহলা এই বিস্ফোৰণে জোকাৰি যায়।

উক্ত ভৱনটোৰ তলৰ মহলাত অনাময় অনাময়ো সামগ্ৰীৰ কেইবাখনো দোকান আছে আৰু ইয়াৰ কাষৰ ভৱনটোত বেংকৰ এটা শাখা অৱস্থিত আছিল৷

লাভ কৰা প্ৰতিবেদনত কোৱা হৈছে যে বিস্ফোৰণটোৱে বেংকৰ কাঁচৰ বেৰবোৰ ভঙাৰ লগতে ৰাস্তাৰ বিপৰীত ফালে থিয় হৈ থকা এখন বাছো ক্ষতিগ্ৰস্ত কৰে৷

অগ্নি নিৰ্বাপক সেৱাৰ এজন মুখপাত্ৰই কয় যে অট্টালিকাটোৰ পৰা কোনো বাহিৰলৈ বিয়পা নাছিল যদিও  উদ্ধাৰ প্ৰচেষ্টাত সহায় কৰিবলৈ ১৫০ তকৈও অধিক অগ্নিনিৰ্বাপক বাহিনীৰ সহায়কাৰী ব্যক্তি সেই স্থানত আছিল।

ইতিমধ্যে শনিবাৰে বাংলাদেশৰ দক্ষিণ অঞ্চলৰ বন্দৰ চহৰ চিটাগঙৰ ওচৰত এটা অক্সিজেন প্ৰকল্পত হোৱা বিস্ফোৰণত তিনিজন লোকৰ মৃত্যু হৈছিল।
FOLLOW US F
POPULAR
FEATURE
TRENDY
মাৰ্ঘেৰিটাৰ পৰা ৰহস্যজনকভাৱে নিৰুদ্দিষ্ট এজন সেনা জোৱান
'ককাদেউতা নাতি আৰু হাতী ২'ৰ প'ষ্টাৰ-ল'গ' মুকলি
ভাৰতৰ বিৰুদ্ধে এইবাৰ ৫০ শতাংশ শুল্ক ঘোষণা ট্রাম্পৰ
অসমীয়া জাতিক নিঃশেষ কৰিব খুজিলে পৰিস্থিতি বেয়া হ'ব, মুখ্যমন্ত্ৰীৰ পুনৰ সকীয়নি
৭ বছৰৰ মূৰত চীনলৈ যাব মোদী
'উচ্ছেদৰ পাছতে আমাক লাগিব নেঘেৰিবিল, পূৰ্বপুৰুষৰ ভূমি ঘূৰাই লাগিবই': অসমক হুংকাৰ দিলে নগাই
হাস্পতালৰ ৱাৰ্ডগাৰ্লৰ সৈতে অসংযত অৱস্থাত ধৰা পৰিল ASI সঞ্জীৱ গয়াৰী
অবৈধ কয়লাৰ কোটি কোটি টকাৰ ব্যৱসায় চলি আছে অসমত
তিনিচুকীয়া ৰে’লৱে ষ্টেচনত উদ্ধাৰ মানৱ সৰবৰাহকাৰীৰ ভয়ংকৰ ৰেকেট
বড়োলেণ্ড এফ চিৰ জয়, বিদায় কাৰ্বি আংলং মৰ্ণিং ষ্টাৰৰ
মেঘালয়ৰ হত্যাকাণ্ডৰ পটভূমিত নির্মাণ হ'ব 'হনিমুন ইন শ্বিলং'
এইবোৰ কাৰণত ঘৰত সৃষ্টি হ’ব পাৰে বাস্তু দোষ! এইদৰে কৰক চিনাক্ত
বিশিষ্ট অভিনেতা-পৰিচালক অৰুণ নাথলৈ ভবেন বৰুৱা বঁটা ঘোষণা
লামডিঙত ১৬ লাখ টকাৰ ড্ৰাগছসহ তিনি সৰবৰাহকাৰীক আটক