--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজি এক ভয়ংকৰ বোমা বিস্ফোৰণে কপাঁই যায় বাংলাদেশৰ ঢাকা চহৰ৷ এটা অট্টালিকাত হোৱা এই বিস্ফোৰণত প্ৰায় ১৫জন ব্যক্তিৰ মৃত্যুৰ লগতে প্ৰায় শতাধিক ব্যক্তি আহত হয়৷

জানিব পৰা মতে ঘটনা সংঘটিত হোৱাৰ ঠিক পাছতেই ততাতৈয়াকৈ অগ্নিনিৰ্বাপক বাহিনীৰ পাঁচটি দল অগ্নিনিৰ্বাপনত নামি পৰে৷ স্থানীয় সময় অনুসৰি বিয়লি ৪বাজি ৫০ মিনিটত এই বিস্ফোৰণৰ ঘটনা সংঘটিত হয়৷ 

বিস্ফোৰণৰ কাৰণ তাৎক্ষণিকভাৱে জানিব পৰা যোৱা নাই যদিও বাংলাদেশত সঘনাই মাৰাত্মক অট্টালিকা জুই আৰু বিস্ফোৰণ সচৰাচৰ দেখা যায়, যাৰ কাৰণ হিচাপে কাৰিকৰী অসাৱধানতাক অন্যতম বুলি চিহ্নিত কৰা হৈছে।

স্থানীয় সময় অনুসৰি সন্ধিয়া ৫ বজাৰ অলপ আগত ৰাজধানী ঢাকাত পাইকাৰী সামগ্ৰীৰ মুখ্য কেন্দ্ৰ গুলিস্তানৰ এটা সাত মহলীয়া অট্টালিকাৰ চতুৰ্থ আৰু পঞ্চম মহলা এই বিস্ফোৰণে জোকাৰি যায়।

উক্ত ভৱনটোৰ তলৰ মহলাত অনাময় অনাময়ো সামগ্ৰীৰ কেইবাখনো দোকান আছে আৰু ইয়াৰ কাষৰ ভৱনটোত বেংকৰ এটা শাখা অৱস্থিত আছিল৷

লাভ কৰা প্ৰতিবেদনত কোৱা হৈছে যে বিস্ফোৰণটোৱে বেংকৰ কাঁচৰ বেৰবোৰ ভঙাৰ লগতে ৰাস্তাৰ বিপৰীত ফালে থিয় হৈ থকা এখন বাছো ক্ষতিগ্ৰস্ত কৰে৷

অগ্নি নিৰ্বাপক সেৱাৰ এজন মুখপাত্ৰই কয় যে অট্টালিকাটোৰ পৰা কোনো বাহিৰলৈ বিয়পা নাছিল যদিও  উদ্ধাৰ প্ৰচেষ্টাত সহায় কৰিবলৈ ১৫০ তকৈও অধিক অগ্নিনিৰ্বাপক বাহিনীৰ সহায়কাৰী ব্যক্তি সেই স্থানত আছিল।

ইতিমধ্যে শনিবাৰে বাংলাদেশৰ দক্ষিণ অঞ্চলৰ বন্দৰ চহৰ চিটাগঙৰ ওচৰত এটা অক্সিজেন প্ৰকল্পত হোৱা বিস্ফোৰণত তিনিজন লোকৰ মৃত্যু হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চুলিৰ সমস্যা দূৰ কৰে এল’ভেৰাই; কেনেদৰে কৰিব ব্যৱহাৰ?
নগাঁৱত দুই চিলনী চোৰে পইচাৰ বেগ টানি নিবলৈ খোজোতেই দুৰ্ঘটনাত পতিত পিতা-পুত্ৰী
আজি গুৱাহাটীত নৰ্থ ইষ্ট ইউনাইটেডৰ অন্তিম গ্রুপ মেচ
কাকপথৰাত চুৰি কাঁহী-বাতি বিক্ৰী কৰি ধৰা পৰিল দুই চোৰ; ব্যৱসায়ীৰ সন্ধানত আৰক্ষী
বিয়াৰ এমাহ নহওতেই কৰুণ পৰিণতি! ১৬ মহলাৰ পৰা জঁপিয়াই চৰম সিদ্ধান্ত নৱবিবাহিতাৰ
বজাৰৰ ফেচ স্ক্ৰাব নহয়, ঘৰতেই তৈয়াৰ কৰি লওক প্ৰাকৃতিক ফেচ স্ক্ৰাব
নতুন হাৰাংগাজাওত ৰে'লপথৰ অস্থিৰতা: লুমডিং-বদৰপুৰ খণ্ডত ৰে'ল সেৱাত ব্যাপক ব্যাঘাত
জালুকবাৰীত তিনিটা নতুন আদৰ্শ অংগনৱাদী কেন্দ্ৰৰ শুভ উদ্বোধন
নলবাৰী জিলা আয়ুক্তৰ অধ্যক্ষতাত স্বাস্থ্য বিভাগৰ কাৰ্যসূচীৰ ব্যাপক পৰ্যালোচনা
ডিব্ৰুগড়ৰ গণেশ মন্দিৰৰ ভূমিত উচ্ছেদ অভিযানক লৈ বিতৰ্ক, স্থগিতাদেশ উলংঘাৰ অভিযোগ
ৰাষ্ট্ৰীয় হস্ততাঁত বঁটাত উজ্বলিল উত্তৰ-পূবৰ শিপিনী, অসমলৈ শীৰ্ষ সন্মান
ভুৱা তথ্যৰ প্ৰাদুৰ্ভাৱ: অসমৰ বানপানী, ঝাৰখণ্ডৰ প্ৰতিবাদক লৈ AI-নিৰ্মিত দৃশ্য ভাইৰেল
দক্ষতাভিত্তিক শিক্ষাত গুৰুত্ব দিবলৈ ছাত্ৰ-ছাত্ৰীক মুখ্যমন্ত্ৰীৰ আহ্বান: ভৱিষ্যত নিৰ্ভৰ কৰিব বিশেষ দক্ষতাৰ ওপৰত
ডিব্ৰুগড়ৰ ডিএইচএছকে মহাবিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলক প্ৰাথমিক চিকিৎসাৰ প্ৰশিক্ষণ