--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এখন বিলাসী ৰেষ্টুৰেণ্টৰ পৰা ১৩ কোটি টকাৰ সুৰা চুৰি কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হৈছে এহাল প্ৰেমিক–প্ৰেমিকা। গ্ৰেপ্তাৰৰ পিছতেই কাৰাগাৰলৈ নিক্ষেপ কৰা হৈছে দুই যুৱক–যুৱতীক।

জানিব পৰা মতে সুপৰিকল্পিতভাৱে ৰেষ্টুৰেণ্টখনৰ পৰা ৪৫টা বটল ৱাইন চুৰি কৰিছিল যুৱক–যুৱতীহালে।

স্পেইনৰ বিখ্যাত এট্ৰিয়া হোটেলত সংঘটিত হৈছে এই ঘটনা। ২০২১ চনত হোটেলখনৰ পৰা কোটি কোটি মূল্যৰ ৱাইনৰ বটল চুৰি হৈছিল। সেই সময়ত আন্তৰ্জাতিক বাতৰিৰ শিৰোনাম দখল কৰিছিল এই চুৰিৰ ঘটনাই। আৰক্ষীয়ে চুৰিৰ তদন্ত আৰম্ভ কৰি ২০২২ চনত ক্ৰ’ৱেচিয়াৰ পৰা গ্ৰেপ্তাৰ কৰিছিল দুই প্ৰেমিক–প্ৰেমিকাক। স্পেইনৰ আদালতত চলি থকা এই ঘটনাৰ বিচাৰৰ অন্তত তেওঁলোকক দোষী সাব্যস্ত কৰা হৈছে।

মদ চুৰি কৰাৰ অপৰাধত দম্পতীহালক ৬ কোটি টকা জৰিমনা বিহা হৈছে। ইয়াৰ বাহিৰেও আদালতে অভিযুক্ত যুৱকজনক ৪ বছৰ ৬ মাহ আৰু যুৱতীগৰাকীক ৪ বছৰৰ কাৰাদণ্ড প্ৰদান কৰিছে।

ইমান মদ কেনেকৈ চুৰি কৰিলে দম্পতীহালে? আৰক্ষীৰ মতে, চুইজাৰলেণ্ডৰ ভুৱা পাছপ’ৰ্ট দেখুৱাই হোটেলখনত প্ৰৱেশ কৰিছিল তেওঁলোকে। ৰেষ্টুৰেণ্টত ৰাতিৰ আহাৰ গ্ৰহণ কৰাৰ পিছত হোটেল কৰ্তৃপক্ষই তেওঁলোকক মদৰ সংগ্ৰহ সমূহ দেখুৱাইছিল।

অভিযোগ মতে, পুৱা ২ বজাত যুৱতীগৰাকীয়ে হোটেলখনৰ ৰিচেপচনলৈ ফোন কৰি তাত থকা কৰ্মচাৰীক চালাড অৰ্ডাৰ দিয়ে। কৰ্মচাৰী প্ৰথমে চালাড দিবলৈ মান্তি হোৱা নাছিল। কাৰণ মাজনিশা হোটেলত অকলে কাম কৰি আছিল কৰ্মচাৰীগৰাকীয়ে। কিন্তু যুৱতীগৰাকীয়ে জোৰ দিয়াত চালাড দিবলৈ বাধ্য হ’ল কৰ্মচাৰী গৰাকী।

হোটেলৰ কৰ্মচাৰীয়ে যুৱতীগৰাকীৰ বাবে চালাড তৈয়াৰ কৰি থকাৰ সময়তে যুৱকজনে ৱাইন চেলাৰৰ চাবিটো চুৰি কৰে আৰু তাৰ পৰা ৪৫ বটল মদ লৈ যায়।

আৰক্ষীৰ মতে, চুৰি কৰাৰ উদ্দেশ্যেই এই যুটিটোৱে হোটেলত প্ৰৱেশ কৰিছিল। ইয়াৰ আগতে তিনিবাৰকৈ হোটেলখনলৈ গৈছিল যুৱক–যুৱতীহাল। চুৰিকাণ্ডটো যে বহুদিনৰ পৰাই পৰিকল্পনা কৰা হৈছিল তাত কোনো সন্দেহ নাই। অৱশেষত দুবছৰৰ পাছত স্পেইনৰ আদালতে সেই গোচৰৰ ৰায়দানৰ শুনানি গ্ৰহণ কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চুলিৰ সমস্যা দূৰ কৰে এল’ভেৰাই; কেনেদৰে কৰিব ব্যৱহাৰ?
নগাঁৱত দুই চিলনী চোৰে পইচাৰ বেগ টানি নিবলৈ খোজোতেই দুৰ্ঘটনাত পতিত পিতা-পুত্ৰী
আজি গুৱাহাটীত নৰ্থ ইষ্ট ইউনাইটেডৰ অন্তিম গ্রুপ মেচ
কাকপথৰাত চুৰি কাঁহী-বাতি বিক্ৰী কৰি ধৰা পৰিল দুই চোৰ; ব্যৱসায়ীৰ সন্ধানত আৰক্ষী
বিয়াৰ এমাহ নহওতেই কৰুণ পৰিণতি! ১৬ মহলাৰ পৰা জঁপিয়াই চৰম সিদ্ধান্ত নৱবিবাহিতাৰ
বজাৰৰ ফেচ স্ক্ৰাব নহয়, ঘৰতেই তৈয়াৰ কৰি লওক প্ৰাকৃতিক ফেচ স্ক্ৰাব
নতুন হাৰাংগাজাওত ৰে'লপথৰ অস্থিৰতা: লুমডিং-বদৰপুৰ খণ্ডত ৰে'ল সেৱাত ব্যাপক ব্যাঘাত
জালুকবাৰীত তিনিটা নতুন আদৰ্শ অংগনৱাদী কেন্দ্ৰৰ শুভ উদ্বোধন
নলবাৰী জিলা আয়ুক্তৰ অধ্যক্ষতাত স্বাস্থ্য বিভাগৰ কাৰ্যসূচীৰ ব্যাপক পৰ্যালোচনা
ডিব্ৰুগড়ৰ গণেশ মন্দিৰৰ ভূমিত উচ্ছেদ অভিযানক লৈ বিতৰ্ক, স্থগিতাদেশ উলংঘাৰ অভিযোগ
ৰাষ্ট্ৰীয় হস্ততাঁত বঁটাত উজ্বলিল উত্তৰ-পূবৰ শিপিনী, অসমলৈ শীৰ্ষ সন্মান
ভুৱা তথ্যৰ প্ৰাদুৰ্ভাৱ: অসমৰ বানপানী, ঝাৰখণ্ডৰ প্ৰতিবাদক লৈ AI-নিৰ্মিত দৃশ্য ভাইৰেল
দক্ষতাভিত্তিক শিক্ষাত গুৰুত্ব দিবলৈ ছাত্ৰ-ছাত্ৰীক মুখ্যমন্ত্ৰীৰ আহ্বান: ভৱিষ্যত নিৰ্ভৰ কৰিব বিশেষ দক্ষতাৰ ওপৰত
ডিব্ৰুগড়ৰ ডিএইচএছকে মহাবিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলক প্ৰাথমিক চিকিৎসাৰ প্ৰশিক্ষণ