--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এখন বিলাসী ৰেষ্টুৰেণ্টৰ পৰা ১৩ কোটি টকাৰ সুৰা চুৰি কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হৈছে এহাল প্ৰেমিক–প্ৰেমিকা। গ্ৰেপ্তাৰৰ পিছতেই কাৰাগাৰলৈ নিক্ষেপ কৰা হৈছে দুই যুৱক–যুৱতীক।

জানিব পৰা মতে সুপৰিকল্পিতভাৱে ৰেষ্টুৰেণ্টখনৰ পৰা ৪৫টা বটল ৱাইন চুৰি কৰিছিল যুৱক–যুৱতীহালে।

স্পেইনৰ বিখ্যাত এট্ৰিয়া হোটেলত সংঘটিত হৈছে এই ঘটনা। ২০২১ চনত হোটেলখনৰ পৰা কোটি কোটি মূল্যৰ ৱাইনৰ বটল চুৰি হৈছিল। সেই সময়ত আন্তৰ্জাতিক বাতৰিৰ শিৰোনাম দখল কৰিছিল এই চুৰিৰ ঘটনাই। আৰক্ষীয়ে চুৰিৰ তদন্ত আৰম্ভ কৰি ২০২২ চনত ক্ৰ’ৱেচিয়াৰ পৰা গ্ৰেপ্তাৰ কৰিছিল দুই প্ৰেমিক–প্ৰেমিকাক। স্পেইনৰ আদালতত চলি থকা এই ঘটনাৰ বিচাৰৰ অন্তত তেওঁলোকক দোষী সাব্যস্ত কৰা হৈছে।

মদ চুৰি কৰাৰ অপৰাধত দম্পতীহালক ৬ কোটি টকা জৰিমনা বিহা হৈছে। ইয়াৰ বাহিৰেও আদালতে অভিযুক্ত যুৱকজনক ৪ বছৰ ৬ মাহ আৰু যুৱতীগৰাকীক ৪ বছৰৰ কাৰাদণ্ড প্ৰদান কৰিছে।

ইমান মদ কেনেকৈ চুৰি কৰিলে দম্পতীহালে? আৰক্ষীৰ মতে, চুইজাৰলেণ্ডৰ ভুৱা পাছপ’ৰ্ট দেখুৱাই হোটেলখনত প্ৰৱেশ কৰিছিল তেওঁলোকে। ৰেষ্টুৰেণ্টত ৰাতিৰ আহাৰ গ্ৰহণ কৰাৰ পিছত হোটেল কৰ্তৃপক্ষই তেওঁলোকক মদৰ সংগ্ৰহ সমূহ দেখুৱাইছিল।

অভিযোগ মতে, পুৱা ২ বজাত যুৱতীগৰাকীয়ে হোটেলখনৰ ৰিচেপচনলৈ ফোন কৰি তাত থকা কৰ্মচাৰীক চালাড অৰ্ডাৰ দিয়ে। কৰ্মচাৰী প্ৰথমে চালাড দিবলৈ মান্তি হোৱা নাছিল। কাৰণ মাজনিশা হোটেলত অকলে কাম কৰি আছিল কৰ্মচাৰীগৰাকীয়ে। কিন্তু যুৱতীগৰাকীয়ে জোৰ দিয়াত চালাড দিবলৈ বাধ্য হ’ল কৰ্মচাৰী গৰাকী।

হোটেলৰ কৰ্মচাৰীয়ে যুৱতীগৰাকীৰ বাবে চালাড তৈয়াৰ কৰি থকাৰ সময়তে যুৱকজনে ৱাইন চেলাৰৰ চাবিটো চুৰি কৰে আৰু তাৰ পৰা ৪৫ বটল মদ লৈ যায়।

আৰক্ষীৰ মতে, চুৰি কৰাৰ উদ্দেশ্যেই এই যুটিটোৱে হোটেলত প্ৰৱেশ কৰিছিল। ইয়াৰ আগতে তিনিবাৰকৈ হোটেলখনলৈ গৈছিল যুৱক–যুৱতীহাল। চুৰিকাণ্ডটো যে বহুদিনৰ পৰাই পৰিকল্পনা কৰা হৈছিল তাত কোনো সন্দেহ নাই। অৱশেষত দুবছৰৰ পাছত স্পেইনৰ আদালতে সেই গোচৰৰ ৰায়দানৰ শুনানি গ্ৰহণ কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কোকৰাঝাৰ আৰু চিৰাঙৰ নিৰ্বাচনকেন্দ্ৰিক হিংসাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ
১২ হাজাৰৰো অধিক শিক্ষক পদত ১০ অক্টোবৰত হ'ব নিযুক্তি
নেপালত জুইৰ মাজত উজলি উঠিছে একমাত্র বলেন শ্বাহ
দলগাঁৱত ভূমিকেন্দ্ৰিক সংঘাত; ভয়ংকৰ মাৰপিট! আহত ৫ জন
চাবুৱাত চাহ খেতিয়কৰ তীব্ৰ প্ৰতিবাদ
ওজন হ্ৰাসৰ লগতে জিলিকি থকা ছাল বিচাৰে নেকি? এই ৩ ধৰণেৰে ডালচেনি সেৱন কৰক
দৈনিক মেথিৰ গুটি সেৱন কৰিলে পাব বহু উপকাৰ
কেৰালাত মগজু খাই পেলোৱা এমিবাৰ সন্ত্রাস! ৪২জন আক্রান্ত, ৩জন ৰোগীৰ মৃত্যু
বিদ্যালয়ত ঐচ্ছিক বিষয় হ'ব ফুটবল: শিক্ষামন্ত্ৰী ৰণোজ পেগু
দহ লাখ ভাৰতীয়ক খেদিবলৈ অষ্ট্ৰেলিয়াত বিশাল আন্দোলন! ভাৰতীয়সকলক ঘৰৰ পৰা নোলাবলৈ পৰামৰ্শ
বিমানৰ জি পি এছ বিকল; কথমপি প্ৰাণ ৰক্ষা ইউৰোপিয়ান ইউনিয়নৰ অধ্যক্ষা উৰচুলা ভনৰ
২৫ বছৰ ভাৰতীয় দলত খেলাৰ পাছত হঠাৎ অৱসৰৰ ঘোষণা এইগৰাকী খেলুৱৈৰ, লিখিলে আৱেগিক পোষ্ট
দেশৰ সৰ্বসাধাৰণক বৃহৎ সকাহ! GST হ্ৰাসৰ ঐতিহাসিক সিদ্ধান্ত
বিক্রী হ'ব প্রথম প্রধানমন্ত্রী নেহৰুৰ চৰকাৰী বাসভৱন