--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰেমৰ বাবেই পাকিস্তানৰ পৰা ভাৰতলৈ পলাই অহা সীমা হাইদৰ নামৰ মহিলাগৰাকী পাক সেনাৰ গুপ্তচৰ নেকি? নানান কাৰণত এতিয়া এই প্ৰশ্নৰ উদ্ৰেক ঘটিছে। উত্তৰ প্ৰদেশ আৰক্ষীৰ এটিএছে সীমাৰ সৈতে পাক সেনাৰ সম্পৰ্ক থকাৰ বিষয়ত সন্দেহ ব্যক্ত কৰিছে।

উত্তৰ প্ৰদেশৰ এটিএছে পাকিস্তানৰ বাসিন্দা সীমাক এতিয়া  নিজৰ জিম্মাত ৰাখি সোধাপোছা কৰি আছে।  পাকিস্তানৰ গুপ্তচৰ সংস্থা আইএছএআইৰ সৈতেও  তেওঁৰ কোনো সম্পৰ্ক আছে নেকি সেই সন্দৰ্ভত সীমাক প্ৰশ্ন কৰাৰ সম্ভাৱনা আছে।সীমা আৰু তেওঁৰ বৰ্তমানৰ স্বামী নয়ডাৰ ৰাবুপুৰাৰ শচীন মীনা সোমবাৰৰ পৰা নিৰুদ্দেশ হৈ  আছিল। অৱশ্যে, পিছত প্ৰকাশ পাইছিল যে সীমা আৰু শচীনক উত্তৰ প্ৰদেশৰ এটিএছে তেওঁলোকৰ জিম্মাত লৈছে। আৰক্ষীৰ এক সূত্ৰ অনুসৰি, জেৰাৰ সময়ত সীমাই প্ৰকাশ কৰিছে যে তেওঁৰ  খুৰাক পাকিস্তান সেনাৰ এজন চুবেদাৰ আছিল। আনকি সীমাৰ ভায়েকেও বৰ্তমান  পাকিস্তান সেনাত সেৱা আগবঢ়াই আছে। ফলস্বৰূপে "গুপ্তচরবৃত্তি"ৰ সন্দেহটো  অধিক শক্তিশালী হ'বলৈ আৰম্ভ কৰিছে।

আৰক্ষী সূত্ৰই জনোৱা মতে সীমাৰ পাছপোৰ্ট, মোবাইল ফোনৰ তথ্য লগতে সীমাৰ পৰিচয় পত্ৰ উচ্চআয়োগৰ কাৰ্যালয়লৈ প্ৰেৰণ কৰি তদন্ত কৰা হৈছে। সীমাক সোমবাৰে এটিএছে জিম্মাত লৈছে। তেতিয়াৰে  পৰ , সীমা "সন্ধানহীন" বুলি খবৰ ওলাইছিল।সোমবাৰেই এটিএছে তেওঁলোকক মোকলাই দিছিল যদিও মঙলবাৰে পুৱা  এটিএছে পুনৰ সীমা, তেওঁৰ স্বামী শচীনক সোধা-পোছাৰ বাবে লৈ যায়। আৰক্ষীৰ সূত্ৰ অনুসৰি সীমাই সঁচা কথা কৈছে নে নাই পৰীক্ষা কৰিবলৈ এটা পলিগ্ৰাফ পৰীক্ষাৰো ব্যৱস্থা কৰা হৈছে।

আৰক্ষীৰ এটা সূত্ৰই কৈছিল যে সীমাক ভিছা অবিহনে ভাৰতত প্ৰৱেশ কৰাৰ বাবে গ্ৰেপ্তাৰ কৰা হ'ব পাৰে। সীমাই কেনেকৈ কোনো বাধা অবিহনে নেপাল সীমান্তৰ মাজেৰে গ্ৰেটাৰ নয়ডাত প্ৰৱেশ কৰিছিল সেই বিষয়তো  তদন্ত কৰা হৈছে। সেই সময়ত কোনেও কিয় তেওঁৰ নথিপত্ৰ পৰীক্ষা কৰা  নাছিল সেয়াও ৰহস্যৰ বিষয় হৈ পৰিছে।  সীমাক কেৱল উত্তৰ প্ৰদেশএটিএছেই  নহয়, দেশৰ আন অনুসন্ধানকাৰী সংস্থায়ো  জেৰা চলাব পাৰে বুলি জানিব পৰা গৈছে।   আৰক্ষীয়ে তেওঁৰ হোৱাটছএপৰ কথোপকথন আৰু ফোন কলৰ বিৱৰণো পৰীক্ষা কৰি আছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত হৈ থকা যুদ্ধই প্ৰাণ কাঢ়িছে বহু সাংবাদিকৰ! জানি লওক ক'ত কিমানে হেৰুৱালে প্ৰাণ?
অমিত শ্বাহক ১৮জন প্রাক্তন ন্যায়াধীশৰ সমালোচনা
বিশ্বৰ প্ৰখ্যাত বিত্তীয় সংস্থা গ'ল্ডমেন চছৰ দাবী! দহ বছৰত বিশ্বক হতবাক কৰিব পৰা অৰ্থনৈতিক প্রগতি হ'ব ভাৰতৰ
হোষ্টেলত ৪২৬ টা শিশুৰ খাদ্যত ফেনাইল মিহলাই হত্যা কৰাৰ ষড়যন্ত্ৰ! এনেকৈ পৰিল জীৱন ৰক্ষা
ভিটামিন চিৰ বাবে দৈনিক ইমান পৰিমাণৰ কিৱি খালে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী হয়
শিলচৰত কৰুণ ঘটনা! মাছ মাৰিবলৈ গৈ ২২ বছৰীয়া যুৱকৰ মৃত্যু
হৃদৰোগৰ পৰা হাত সাৰিবলৈ কি কৰিব লাগে? জানি লওক ভালদৰে
স্বামীৰ সৈতে বিবাহ বিচ্ছেদ, ইৰফানৰ সৈতে লিভ-ইন ৰিলেছনশ্বিপ; ওলমি থকা অৱস্থাত উদ্ধাৰ বিউটিচিয়ান মীনুৰ মৃতদেহ
ৰাষ্ট্ৰপতি-প্ৰধানমন্ত্ৰীৰে বাৰ্তালাপৰ অভিজ্ঞতা বর্ণনা কৰি উৎফুল্ল দীপ্তি চহৰীয়া
ভয়ানক বিপদৰ পৰা ৰক্ষা পৰিল দেৰগাঁও!  পেট্ৰ’ল পাম্পৰ চৌহদত ভয়ংকৰ অগ্নিকাণ্ডৰ সূত্ৰপাত
'আগতে কোনো মুখ্যমন্ত্রী বি টি চিলৈ অহা নাছিল, মই ২০০ বাৰ আহিছোঁ', গোসাইগাঁৱত বিজয় সংকল্প সমাৰোহত মুখ্যমন্ত্রী
ভাৰতীয় বায়ুসেনাই দেখুৱালে মানৱীয়তা! থাই নাগৰিকৰ জীৱন ৰক্ষাৰ বাবে দেখুৱালে অদম্য সাহস
ডিব্ৰুগড় জিলাত কলেৰা ৰোগীৰ প্ৰাদুৰ্ভাৱক লৈ হাই এলাৰ্ট জাৰি ; স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকৰ সংবাদমেল সম্বোধন
'পকৱান'ৰ সফল মঞ্চায়ন