--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰেমৰ বাবেই পাকিস্তানৰ পৰা ভাৰতলৈ পলাই অহা সীমা হাইদৰ নামৰ মহিলাগৰাকী পাক সেনাৰ গুপ্তচৰ নেকি? নানান কাৰণত এতিয়া এই প্ৰশ্নৰ উদ্ৰেক ঘটিছে। উত্তৰ প্ৰদেশ আৰক্ষীৰ এটিএছে সীমাৰ সৈতে পাক সেনাৰ সম্পৰ্ক থকাৰ বিষয়ত সন্দেহ ব্যক্ত কৰিছে।

উত্তৰ প্ৰদেশৰ এটিএছে পাকিস্তানৰ বাসিন্দা সীমাক এতিয়া  নিজৰ জিম্মাত ৰাখি সোধাপোছা কৰি আছে।  পাকিস্তানৰ গুপ্তচৰ সংস্থা আইএছএআইৰ সৈতেও  তেওঁৰ কোনো সম্পৰ্ক আছে নেকি সেই সন্দৰ্ভত সীমাক প্ৰশ্ন কৰাৰ সম্ভাৱনা আছে।সীমা আৰু তেওঁৰ বৰ্তমানৰ স্বামী নয়ডাৰ ৰাবুপুৰাৰ শচীন মীনা সোমবাৰৰ পৰা নিৰুদ্দেশ হৈ  আছিল। অৱশ্যে, পিছত প্ৰকাশ পাইছিল যে সীমা আৰু শচীনক উত্তৰ প্ৰদেশৰ এটিএছে তেওঁলোকৰ জিম্মাত লৈছে। আৰক্ষীৰ এক সূত্ৰ অনুসৰি, জেৰাৰ সময়ত সীমাই প্ৰকাশ কৰিছে যে তেওঁৰ  খুৰাক পাকিস্তান সেনাৰ এজন চুবেদাৰ আছিল। আনকি সীমাৰ ভায়েকেও বৰ্তমান  পাকিস্তান সেনাত সেৱা আগবঢ়াই আছে। ফলস্বৰূপে "গুপ্তচরবৃত্তি"ৰ সন্দেহটো  অধিক শক্তিশালী হ'বলৈ আৰম্ভ কৰিছে।

আৰক্ষী সূত্ৰই জনোৱা মতে সীমাৰ পাছপোৰ্ট, মোবাইল ফোনৰ তথ্য লগতে সীমাৰ পৰিচয় পত্ৰ উচ্চআয়োগৰ কাৰ্যালয়লৈ প্ৰেৰণ কৰি তদন্ত কৰা হৈছে। সীমাক সোমবাৰে এটিএছে জিম্মাত লৈছে। তেতিয়াৰে  পৰ , সীমা "সন্ধানহীন" বুলি খবৰ ওলাইছিল।সোমবাৰেই এটিএছে তেওঁলোকক মোকলাই দিছিল যদিও মঙলবাৰে পুৱা  এটিএছে পুনৰ সীমা, তেওঁৰ স্বামী শচীনক সোধা-পোছাৰ বাবে লৈ যায়। আৰক্ষীৰ সূত্ৰ অনুসৰি সীমাই সঁচা কথা কৈছে নে নাই পৰীক্ষা কৰিবলৈ এটা পলিগ্ৰাফ পৰীক্ষাৰো ব্যৱস্থা কৰা হৈছে।

আৰক্ষীৰ এটা সূত্ৰই কৈছিল যে সীমাক ভিছা অবিহনে ভাৰতত প্ৰৱেশ কৰাৰ বাবে গ্ৰেপ্তাৰ কৰা হ'ব পাৰে। সীমাই কেনেকৈ কোনো বাধা অবিহনে নেপাল সীমান্তৰ মাজেৰে গ্ৰেটাৰ নয়ডাত প্ৰৱেশ কৰিছিল সেই বিষয়তো  তদন্ত কৰা হৈছে। সেই সময়ত কোনেও কিয় তেওঁৰ নথিপত্ৰ পৰীক্ষা কৰা  নাছিল সেয়াও ৰহস্যৰ বিষয় হৈ পৰিছে।  সীমাক কেৱল উত্তৰ প্ৰদেশএটিএছেই  নহয়, দেশৰ আন অনুসন্ধানকাৰী সংস্থায়ো  জেৰা চলাব পাৰে বুলি জানিব পৰা গৈছে।   আৰক্ষীয়ে তেওঁৰ হোৱাটছএপৰ কথোপকথন আৰু ফোন কলৰ বিৱৰণো পৰীক্ষা কৰি আছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বৰ সৰ্ববৃহৎ অর্থনীতিসমূহৰ তালিকাত ষষ্ঠ স্থানলৈ অৱনমিত ভাৰত
আভ্যন্তৰীণ সংঘর্ষ-প্রতিবাদে চৰম পর্যায় পাইছে পাকিস্তানত
লোকসভাত শিক্ষা মন্ত্ৰ্যালয়ৰ তথ্যত প্ৰকাশ; এবছৰত দেশৰ ১০ হাজাৰ চৰকাৰী প্ৰাথমিক বিদ্যালয় বন্ধ
মুকালমুৱাত শোকৰ বন্যা! নাগাৰা নামৰ পাঠিকা প্ৰতীক্ষা বৰ্মনৰ চৰম সিদ্ধান্ত
জৰ্জিনা ৰ’ড্ৰিগেজৰ সৈতে বিবাহপাশত আবদ্ধ ‘CR7’
ৰাম মন্দিৰৰ দান চুৰি প্ৰসংগ; ১৭ আগষ্টত শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে
নতুন হাৰাংগাজাওত ৰে'লপথৰ অস্থিৰতা: লুমডিং-বদৰপুৰ খণ্ডত ৰে'ল সেৱাত ব্যাপক ব্যাঘাত
জালুকবাৰীত তিনিটা নতুন আদৰ্শ অংগনৱাদী কেন্দ্ৰৰ শুভ উদ্বোধন
নলবাৰী জিলা আয়ুক্তৰ অধ্যক্ষতাত স্বাস্থ্য বিভাগৰ কাৰ্যসূচীৰ ব্যাপক পৰ্যালোচনা
ডিব্ৰুগড়ৰ গণেশ মন্দিৰৰ ভূমিত উচ্ছেদ অভিযানক লৈ বিতৰ্ক, স্থগিতাদেশ উলংঘাৰ অভিযোগ
ৰাষ্ট্ৰীয় হস্ততাঁত বঁটাত উজ্বলিল উত্তৰ-পূবৰ শিপিনী, অসমলৈ শীৰ্ষ সন্মান
ভুৱা তথ্যৰ প্ৰাদুৰ্ভাৱ: অসমৰ বানপানী, ঝাৰখণ্ডৰ প্ৰতিবাদক লৈ AI-নিৰ্মিত দৃশ্য ভাইৰেল
দক্ষতাভিত্তিক শিক্ষাত গুৰুত্ব দিবলৈ ছাত্ৰ-ছাত্ৰীক মুখ্যমন্ত্ৰীৰ আহ্বান: ভৱিষ্যত নিৰ্ভৰ কৰিব বিশেষ দক্ষতাৰ ওপৰত
ডিব্ৰুগড়ৰ ডিএইচএছকে মহাবিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলক প্ৰাথমিক চিকিৎসাৰ প্ৰশিক্ষণ