--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বাংলাদেশত এতিয়া শ্ৰীলংকা সদৃশ পৰিৱেশ। ভয়ংকৰ অৰ্থনৈতিক সংকটে দেখা দিছে দেশখনত। নিশাটোৰ ভিতৰতে বাঢ়িছে অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম। ৫২ শতাংশ পৰ্যন্ত বাঢ়িছে ইন্ধনৰ মূল্য। তাৰ পাছতে এতিয়া চুবুৰীয়া দেশখনৰ চহৰে চহৰে এনেদৰে ওলাই আহিছে প্ৰতিবাদী জনতা। প্ৰতিবাদী জনতাৰ ক্ষোভৰ বলি হৈছে শ্বেখ হাচিনাৰ চৰকাৰ। চৰকাৰে কৰা ৬টা ভুলৰ ফল ভুগিছে দেশখনৰ সাধাৰণ জনতাই। পিছে কি ৬টা ভুল কৰিলে বাংলাদেশে ?

বাংলাদেশে কৰা প্ৰথমটো ভুল আছিল ৰাজনৈতিক নেতাই কৰা কেলেংকাৰী। ৰাজনৈতিক নেতা, ব্যৱসায়ী আৰু আমোলাই লুটি-পুটি খালে দেশখনক। ৰাজনৈতিক বিশ্লেষকে ইয়াৰ নাম দিছে IRON TRIANGLE। দেশখনৰ প্ৰতিখন আঁচনিৰ ধনৰ অধিকাংশই ৰাজনৈতিক নেতা, ব্যৱসায়ী আৰু আমোলাৰ পকেটতত সোমোৱাৰ অভিযোগ দীৰ্ঘদিনীয়া। এটাৰ পাছত আনটো কেলেংকাৰী বাবেই দেশখনত ভালদৰে হোৱা নাই কোনো আঁচনিৰ কাম। এই অৰ্থনৈতিক সংকটৰ বাবে চৰকাৰে ইউক্ৰেইন ৰাছিয়াৰ যুদ্ধক জগৰীয়া কৰিলেও ৰাজনৈতিক বিশ্লেষকসকলে এই IRON TRIANGLE ৰ কেলেংকাৰীকেই প্ৰধান কাৰণ বুলি কব খোজে। আনহাতে এই অৰ্থনৈতিক সংকটৰ দ্বিতীয়টো কাৰণ বৰ্ধিত মূল্যবৃদ্ধি। দেশখনত প্ৰতিদিনেই বাঢ়িছে অত্যাৱশকীয় সামগ্ৰীৰ মূল্য। দেশখনত মূল্যবৃদ্ধিয়ে ভংগ কৰিছে বিগত ৯বছৰৰ ৰেকৰ্ড। সৰ্বসাধাৰণ জনতাৰ মুৰৰ ওপৰত পৰিছে এটাৰ পাছত আন এটা মাধমাৰ। উল্লেখযোগ্য যে, বাংলাদেশৰ ১৮.৫৪ শতাংশ লোক দৰিদ্ৰ সীমাৰেখাৰ তলত। ইফালে দেশখনৰ অধিকাংশ লোকেই নিম্ন মধ্যবিত্ত। যাৰবাবে এই মূল্যবৃদ্ধিৰ প্ৰত্যক্ষ প্ৰভাৱ পৰিছে দেশৰ অধিকাংশ জনতাৰ ওপৰত। যাৰ ফল ভুগিছে বাংলাদেশে। আনহাতে আপাতকালীন পুঁজিৰ নাটনিও এই সংকটৰ আন এক কাৰণ।

 ২০২২ বৰ্ষৰ জুলাই লৈ দেশখনত জমা আছে ৩৯ বিলিয়ন ফৰেক্স ৰিজাৰ্ভ। এই পুঁজিৰে মাত্ৰ ৫ মাহহে চলিব পাৰিব দেশখন। ফৰেক্স ৰিজাৰ্ভ বৃদ্ধিৰ ক্ষেত্ৰত গুৰুত্ব নিদি শ্বেখ হাছিনা চৰকাৰে কৰিলে আন এক ডাঙৰ ভুল। ইফালে ক’ভিডৰ পাছত দেশখনত আমদানি-ৰপ্তানিৰ মাজতো সৃষ্টি হ’ল ডাঙৰ তফাত। মুলত: কাপোৰ আৰু সুতাৰ ৰপ্তানি কৰা বাংলাদেশে বহু সামগ্ৰী আমদানি কৰে বিদেশৰ পৰা। ৰপ্তানিৰ ওপৰত গুৰুত্ব নিদি দেশখনে কৰিলে আন এক মুৰ্খামি। আনহাতে, বাংলাদেশ চৰকাৰে কৰা পঞ্চমটো ভুল হৈছে জীৱাশ্ম ইন্ধনৰ ওপৰত দিয়া অত্যাধিক গুৰুত্ব। দেশখনত বিদ্যুতৰ বাবে ৮৫ শতাংশ জীৱাশ্ম ইন্ধনৰ ওপৰত নিৰ্ভৰশীল। সৌৰশক্তি অথবা বায়ু শক্তিৰ ওপৰত কেতিয়াও গুৰুত্ব নিদিলে দেশখনে। পিছে চলিত বৰ্ষৰ মে’ মাহৰ পৰা  আন্ত:ৰাষ্ট্ৰীয় বজাৰত বাঢ়িছে জীৱাশ্ম ইন্ধনৰ দাম। যাৰবাবে নিশাটোৰ ভিতৰতে বাঢ়িছে বিদ্যুতৰ মাছুল। এতিয়া বিদ্যুত্‍ ৰাহি কৰিবলৈ সপ্তাহত এদিনকৈ উদ্যোগ বন্ধ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে শ্বেখ হাছিনাৰ চৰকাৰে। ইফালে প্ৰায় প্ৰতিদিনেই হ্ৰাস পাইছে বাংলাদেশী টাকাৰ মূল্য। ২০১৭ চনত এক ডলাৰৰ মূল্য আছিল ৭৮ টাকা। সেই মূল্য২০২২ চনৰ আগষ্টত হলগৈ ৯৪ টাকা। দেশখনত ৰাজহৰ উত্সচ কমি অহাক ধৰা হৈছে  ইয়াৰ প্ৰধান কাৰণ। বিদেশী বেংকৰ পৰা টকা ধাৰে লৈ সেই টকা উচিত কামত ব্যৱহাৰ নকৰাৰ বাবেই আজি বাংলাদেশত শ্ৰীলংকা সদৃশ পৰিস্থিতি। চৰকাৰে কৰা এই ৬ ভুলৰ বাবে আজি দেশখনত ভয়ংকৰ অৰ্থনৈতিক সংকট, প্ৰতিবাদৰ দাৱানল। এই কঠিন পৰিস্থিতিৰ মাজত দেশখনে কি পদক্ষেপ গ্ৰহণ কৰে সেইয়া পৰৱৰ্তীসময়ত লক্ষণীয় হ’ব।
FOLLOW US F
POPULAR
FEATURE
TRENDY
এটা সময় আহিব ভাৰতীয়ই ইংৰাজী ক'বলৈ লাজ পাব : অমিত শ্বাহ
আজিৰে পৰা আৰম্ভ অম্বুবাচী মেলা
অম্বুবাচী মহাযোগক লৈ যান-বাহন আৰক্ষীৰ বিশেষ নিৰ্দেশনা
পেৰিছ ডায়মণ্ড লীগৰ শীৰ্ষ স্থানত নীৰজ চোপ্ৰা
আটছা'ৰ অনুষ্ঠানত শিক্ষা বিভাগক তুলা-ধুনা সাংসদ কামাখ্যা তাছাৰ
টী বেগ ব্যৱহাৰে আপোনাৰ জীৱনলৈ আনিব পাৰে ভয়ংকৰ বিপদ
গুৱাহাটীত অনুষ্ঠিত হ'ব ৫খন খেল
বিয়াৰ ৰভাতলীৰ পৰা চৈধ্য বছৰীয়া কিশোৰীক উদ্ধাৰ আৰক্ষীৰ
চাইপ্ৰাছৰ সৰ্বোচ্চ অসামৰিক সন্মান প্রদান প্রধানমন্ত্রী মোদীক
ইণ্ডিয়ান ইণ্ডিপেণ্ডেন্ট ফিল্ম ফেষ্টিভেলত 'অনসুনী চীখে'লৈ শ্রেষ্ঠ চুটি ছবিৰ বঁটা
ৰাজ্যত হ’ব ধাৰাসাৰ বৰষুণ! ২২খনকৈ জিলাত বতৰ বিজ্ঞান বিভাগৰ সতৰ্কবাণী জাৰি
মহানগৰীৰ বেলতলাত 'নেৰিম'ৰ ছাত্ৰৰ ৰহস্যজনক মৃত্যু
অনিয়মিত টোপনিৰ ফলত টাইপ-২ ডায়েবেটিছৰ সম্ভাৱনা বৃদ্ধি পায়
ৱেবকাষ্টিং কৰিব দেশৰ সকলো ভোটকেন্দ্রত