--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃযুদ্ধই চানি ধৰিছে বিশ্বক।এপিনে যদি ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধ, আনপিনে আকৌ আজাৰবাইজান-আৰ্মেনিয়াৰযুদ্ধ। টাইৱানত চীনৰ আক্ৰমণতো আছে।ইয়াৰ মাজতে  ইজৰাইল আৰু ইছলামিক জিহাদৰ মাজৰ যুঁজ খন শেহতীয়াকৈ অধিক ৰক্তক্ষয়ী হৈ পৰিছে।  শুকুৰবাৰৰ পৰা অজৰাইলত  আৰম্ভ হোৱা সংঘৰ্ষত এতিয়ালৈকে গাজা ষ্ট্ৰিপত কেইটিও  শিশুৰ লগতে কমেও ৫১ জন লোক নিহত হোৱাৰ খবৰ পোৱা গৈছে।

 ইজৰাইলৰ সামৰিক বাহিনীয়ে প্ৰকাশ কৰা মতে  যে নিহতসকলৰ ভিতৰত ২৪ জন সন্ত্ৰাসবাদীও  আছিল। একে সময়তে, গাজাৰ "ইছলামিক জিহাদ" উগ্ৰপন্থী গোটে ইজৰাইলৰ ভূখণ্ডত ১,০০০ তকৈও অধিক ৰকেট নিক্ষেপ কৰিছে।ইজৰাইলৰ প্ৰতিৰক্ষা বাহিনীৰ যুঁজাৰু বিমানে গাজা ষ্ট্ৰিপত ফিলিস্তিনি উগ্ৰপন্থী গোট ইছলামিক জিহাদৰ ঘাটিত এটাৰ পিছত আনটো বোমা নিক্ষেপ কৰে।

 এই আক্ৰমণত সংগঠনটোৰ এজন শীৰ্ষ কমাণ্ডাৰসহ দহজন লোক নিহত হয়। এই সপ্তাহত গাজাত এজন উগ্ৰপন্থী নেতাক গ্ৰেপ্তাৰ কৰা হৈছিল। তেতিয়াৰে পৰা উত্তপ্ত হৈ পৰিছে ইজৰাইল।  ইজৰাইল চৰকাৰে গাজা সীমান্তত ভ্ৰমণ কৰা নাগৰিকসকলক  সতৰ্ক কৰি দিছে।  ইছলামিক জিহাদে কৈছে যে সংগঠনটোৰ নেতা তাইচিৰ আল-জাবাৰী ইজৰাইলী আক্ৰমণত নিহত হৈছে।

 জাবাৰীক সংগঠনটোৰ সশস্ত্ৰ বাহিনী , 'কেডছ ব্ৰিগেড'ৰ নেতৃত্ব দিয়া হৈছিল। ইজৰাইলৰ সামৰিক বাহিনীয়ে প্ৰকাশ কৰা মতে  জাবাৰীৰ মৃত্যুৰ পিছত "ইছলামিক জিহাদ"-এ ইজৰাইললৈ ১,০০০ তকৈও অধিক ৰকেট নিক্ষেপ কৰিছে। ফলস্বৰূপে ১৬ জন অসামৰিক  লোকে প্ৰাণ হেৰুৱাইছে। ইজৰাইলী সামৰিক বাহিনীয়ে কয় যে এই সংঘৰ্ষত আন ১১ জন নিৰীহ লোকো নিহত হৈছে। 

ইজৰাইলী প্ৰতিৰক্ষা বাহিনীৰ মতে গাজা ষ্ট্ৰিপত ইছলামিক জিহাদৰ ১৭০ টা ঘাটিত বিমান আক্ৰমণ কৰা হৈছে। ২০২১ চনৰ মে’ মাহতো জেৰুজালেমৰ আল-আকছা মছজিদত ইহুদী আৰু মুছলমান সম্প্ৰদায়ৰ অনুগামীসকলৰ মাজত সংঘৰ্ষ আৰম্ভ হৈছিল। উক্ত  সংঘৰ্ষত ২৫৬ জন ফিলিস্তিনি নিহত হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কেৰালাত ছিগেল্লা ভাইৰাছৰ আতংক; ৬জনৰ মৃত্যু, দুই শতাধিক লোক আক্ৰান্ত
পুৱা খালী পেটত খাওক এই ৪ বিধ বস্তু; জিলিকি উঠিব মুখমণ্ডল
বিশ্বজুৰি হ্ৰাস খাৰুৱা তেলৰ দাম; ইৰান-আমেৰিকাৰ বুজাবুজি চুক্তিৰ প্ৰভাৱ
বৈভৱ সূৰ্যবংশীৰ পিতৃ-মাতৃক ইংলেণ্ড-আয়াৰলেণ্ড ভ্ৰমণৰ অনুমতি
দেশৰ ভিতৰত শীর্ষ শিক্ষা প্রতিষ্ঠান IIT দিল্লী, কিউ এছ ৱৰ্ল্ড ৰেংকিঙৰ শীৰ্ষত এম আই টি
৬ জুলাইৰ পৰা অসম বিধানসভাৰ বাজেট অধিৱেশন
অৰুণাচল সীমান্তত ৪জি সেৱা সম্প্ৰসাৰণৰ বাবে ভাৰতীয় সেনা আৰু এয়াৰটেলৰ চুক্তি
বাকুৰ আন্তঃৰাষ্ট্ৰীয় জলৰং মহোৎসৱত ভাৰতীয় শিল্পীৰ অংশগ্ৰহণ: সাংস্কৃতিক সম্পৰ্ক সুদৃঢ়কৰণৰ প্ৰয়াস
ডিব্ৰুগড়ত বৃহৎ ড্ৰাগছ বিৰোধী অভিযান: ৯ জন আটক, হেৰ'ইন আৰু নগদ ধন জব্দ
নগাঁৱত অসম হকীৰ বাৰ্ষিক সাধাৰণ সভা অনুষ্ঠিত
কাশ্মীৰত ২২ মিনিটৰ ধুমুহাত নষ্ট ৪০০ কোটি টকাৰ আপেল, কষ্টৰ ফচল অথলে যোৱাত কৃষক-ব্যৱসায়ীৰ হাহাকাৰ
ওমানৰ উপকূলত ভাৰতীয় নাবিকৰ দুৰ্দশা: মৃতদেহৰ সৈতে জাহাজত আৱদ্ধ হৈ সহায় বিচাৰিছে
অসমত চৰকাৰী চাকৰি বা পেঞ্চন নথকা স্বাধীনতা সংগ্ৰামীৰ পৰিয়াললৈ সহায়ৰ আশ্বাস মুখ্যমন্ত্ৰীৰ
গুৱাহাটীত পথৰ দাঁতিৰ ব্যৱসায়ী জৰীপ: থলুৱাক অগ্ৰাধিকাৰ, বহিৰাগত উচ্ছেদৰ লক্ষ্য