--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃযুদ্ধই চানি ধৰিছে বিশ্বক।এপিনে যদি ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধ, আনপিনে আকৌ আজাৰবাইজান-আৰ্মেনিয়াৰযুদ্ধ। টাইৱানত চীনৰ আক্ৰমণতো আছে।ইয়াৰ মাজতে  ইজৰাইল আৰু ইছলামিক জিহাদৰ মাজৰ যুঁজ খন শেহতীয়াকৈ অধিক ৰক্তক্ষয়ী হৈ পৰিছে।  শুকুৰবাৰৰ পৰা অজৰাইলত  আৰম্ভ হোৱা সংঘৰ্ষত এতিয়ালৈকে গাজা ষ্ট্ৰিপত কেইটিও  শিশুৰ লগতে কমেও ৫১ জন লোক নিহত হোৱাৰ খবৰ পোৱা গৈছে।

 ইজৰাইলৰ সামৰিক বাহিনীয়ে প্ৰকাশ কৰা মতে  যে নিহতসকলৰ ভিতৰত ২৪ জন সন্ত্ৰাসবাদীও  আছিল। একে সময়তে, গাজাৰ "ইছলামিক জিহাদ" উগ্ৰপন্থী গোটে ইজৰাইলৰ ভূখণ্ডত ১,০০০ তকৈও অধিক ৰকেট নিক্ষেপ কৰিছে।ইজৰাইলৰ প্ৰতিৰক্ষা বাহিনীৰ যুঁজাৰু বিমানে গাজা ষ্ট্ৰিপত ফিলিস্তিনি উগ্ৰপন্থী গোট ইছলামিক জিহাদৰ ঘাটিত এটাৰ পিছত আনটো বোমা নিক্ষেপ কৰে।

 এই আক্ৰমণত সংগঠনটোৰ এজন শীৰ্ষ কমাণ্ডাৰসহ দহজন লোক নিহত হয়। এই সপ্তাহত গাজাত এজন উগ্ৰপন্থী নেতাক গ্ৰেপ্তাৰ কৰা হৈছিল। তেতিয়াৰে পৰা উত্তপ্ত হৈ পৰিছে ইজৰাইল।  ইজৰাইল চৰকাৰে গাজা সীমান্তত ভ্ৰমণ কৰা নাগৰিকসকলক  সতৰ্ক কৰি দিছে।  ইছলামিক জিহাদে কৈছে যে সংগঠনটোৰ নেতা তাইচিৰ আল-জাবাৰী ইজৰাইলী আক্ৰমণত নিহত হৈছে।

 জাবাৰীক সংগঠনটোৰ সশস্ত্ৰ বাহিনী , 'কেডছ ব্ৰিগেড'ৰ নেতৃত্ব দিয়া হৈছিল। ইজৰাইলৰ সামৰিক বাহিনীয়ে প্ৰকাশ কৰা মতে  জাবাৰীৰ মৃত্যুৰ পিছত "ইছলামিক জিহাদ"-এ ইজৰাইললৈ ১,০০০ তকৈও অধিক ৰকেট নিক্ষেপ কৰিছে। ফলস্বৰূপে ১৬ জন অসামৰিক  লোকে প্ৰাণ হেৰুৱাইছে। ইজৰাইলী সামৰিক বাহিনীয়ে কয় যে এই সংঘৰ্ষত আন ১১ জন নিৰীহ লোকো নিহত হৈছে। 

ইজৰাইলী প্ৰতিৰক্ষা বাহিনীৰ মতে গাজা ষ্ট্ৰিপত ইছলামিক জিহাদৰ ১৭০ টা ঘাটিত বিমান আক্ৰমণ কৰা হৈছে। ২০২১ চনৰ মে’ মাহতো জেৰুজালেমৰ আল-আকছা মছজিদত ইহুদী আৰু মুছলমান সম্প্ৰদায়ৰ অনুগামীসকলৰ মাজত সংঘৰ্ষ আৰম্ভ হৈছিল। উক্ত  সংঘৰ্ষত ২৫৬ জন ফিলিস্তিনি নিহত হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অধিনায়কত্ব হেৰুৱাব পাৰে সূৰ্যকুমাৰ যাদৱে
দিল্লীত দেশৰ ভিতৰত প্ৰথম ৮ লেনৰ এলিভেটেড হাইৱে' মুকলি কৰিলে প্ৰধানমন্ত্ৰীয়ে
বিশ্ব টাইকোৱাণ্ডোত অসমৰ ৰ'দালিৰ চমক
দ্রুত গতিত গলিছে হিমালয়ৰ হিমবাহ, হিমালয়ান অঞ্চলত ডাৱৰ বিস্ফোৰণ
স্বদেশলৈ উভতিল শুভাংশু শুক্লা ; প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰাৰ সম্ভাৱনা শুভাংশুৰ
উত্তৰ প্ৰদেশৰ এই জিলাৰ নাম হ’ব সলনি! যোগী আদিত্যনাথক অনুৰোধ মধ্য প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক