--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দেওবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঝাৰখণ্ডৰ জামছেদপুৰত ছখনকৈ বন্দে ভাৰত ৰে’লৰ শুভাৰম্ভ কৰাৰ লগতে বহুকেইটা উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰি এখন বিশাল ৰাজহুৱা সভাত জনসাধাৰণক সম্বোধন কৰে। গোপাল ময়দানত অনুষ্ঠিত হোৱা সভাখনত জনসাধাৰণক সম্বোধন কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী সৰৱ হৈ পৰে বিৰোধী শিবিৰৰ ওপৰত৷

প্ৰধানমন্ত্ৰী মোদীয়ে ভাষণ প্ৰদান কৰি ঝাৰখণ্ড মুক্তিমৰ্চাৰ চৰকাৰে বাংলাদেশী আৰু ৰোহিংগীয়া অনুপ্ৰৱেশকাৰীক সমৰ্থন কৰা বুলি অভিযোগ উত্থাপন কৰে৷ বাংলাদেশী আৰু ৰোহিংগীয়া অনুপ্ৰৱেশৰ ফলত সন্থাল পৰগণা আৰু কোলহান অঞ্চলৰ জনসংখ্যাত বৃহত পৰিবৰ্তন সাধন কৰিছে, ফলস্বৰূপে জনজাতীয় লোকসকলৰ জনসংখ্যা হ্ৰাস পাইছে বুলিও দাবী উত্থাপন কৰে প্ৰধানমন্ত্ৰী মোদীয়ে৷ লগতে প্ৰত্যেক ঝাৰখণ্ডবাসীয়ে  অনুপ্ৰৱেশকাৰীৰ বাবে অসুৰক্ষিত অনুভৱ কৰিছে বুলি মতপ্ৰকাশ কৰে৷ 

ঝাৰখণ্ড মুক্তিমৰ্চাৰ, ৰাষ্ট্ৰীয় জনতা দল, আৰু কংগ্ৰেছক ঝাৰখণ্ডৰ তিনি শত্রু বুলি কঠোৰ সমালোচনা কৰাৰ লগতে এই দলসমূহ দুৰ্নীতি  গ্ৰস্ত আৰু ৰাজ্যৰ সম্পদ লুণ্ঠনকাৰী বুলি অভিযোগ উত্থাপনকৰে প্ৰধানমন্ত্ৰী মোদীয়ে। লগতে কয় জে.এম.এমক বিদায় দিয়াৰ সময় সমাগত বুলিও মন্তব্য কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে৷ 

‘দুই তিনি দিনৰ পূৰ্বে ঝাৰখণ্ড উচ্চ ন্যায়ালয়ৰ একখন স্বতন্ত্ৰ বিচাৰপীঠে এই অনুপ্ৰৱেশৰ তদন্তৰ নিৰ্দেশ দিছিল, কিন্তু  জেএমএম চৰকাৰে ঝাৰখণ্ডত অনুপ্ৰৱেশ হৈছে বুলি স্বীকাৰ কৰিবলৈ সাজু নহয়।’ বাংলাদেশী আৰু ৰোহিংগীয়া অনুপ্ৰৱেশে সন্থাল পৰগনা আৰু কলহানৰ জনগাঁথনিত দ্ৰুত পৰিৱৰ্তন সাধন কৰা বুলি  মত প্ৰকাশ কৰে প্ৰধানমন্ত্ৰী মোদীয়ে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ