--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বিশিষ্ট বিজেপি নেতা তথা কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে শেহতীয়া মন্তব্যৰ বাবে সৰ্বত্ৰ চৰ্চা লাভ কৰিছে।শনিবাৰে নাগপুৰত সাংবাদিকতা বঁটা বিতৰণ অনুষ্ঠানত অংশগ্ৰহণ কৰি বিশিষ্ট বিজেপি নেতাগৰাকীয়ে ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে এজন জ্যেষ্ঠ বিৰোধী নেতাই প্ৰধানমন্ত্ৰী পদৰ বাবে প্ৰদান কৰা প্ৰস্তাৱ নাকচ কৰা বুলি মন্তব্য কৰে৷ 

উক্ত অনুষ্ঠানত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে স্পষ্টকৈ কয় যে ‘তেওঁৰ প্ৰধানমন্ত্ৰী হোৱাৰ কোনো লক্ষ্য নাই৷ তেওঁ কয় যে ‘মই এটা বিশেষ নীতি আদৰ্শ তাথা এক দৃঢ় বিশ্বাসৰ দ্বাৰা পৰিচালিত। দলে মোক সকলোবোৰ দিছে। এনে কোনো প্ৰস্তাৱ সম্পৰ্কে মই কেতিয়াও আশাকৰা নাছিলো।’ বিজেপিৰ প্ৰতি সৎ থাকিব বিচাৰে বুলিও মত প্ৰকাশ কৰে নেতা গৰাকীয়ে।

নেতাগৰাকীয়ে  ঘটনা সন্দৰ্ভত কোনো বিৰোধী নেতাৰ নাম উল্লেখ নকৰাকৈ কয় ২০২৪ চনৰ সাধাৰণ নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টিয়ে নিৰপেক্ষ সংখ্যাগৰিষ্ঠতা নাপাব পাৰে বুলি এই প্ৰস্তাৱ আগবঢ়োৱা হৈছিল বুলি সদৰি কৰে৷ তেওঁ সাংবাদিকতা আৰু ৰাজনীতিৰ ক্ষেত্ৰত নৈতিকতাৰ গুৰুত্বৰ ওপৰত জোৰ দিয়ে। তেওঁ প্ৰতিপক্ষৰ প্ৰতি সন্মান প্ৰদৰ্শণ কৰাৰ প্ৰয়োজনীয়তা সম্পৰ্কে উল্লেখ কৰি এজন জ্যেষ্ঠ চিপিআই কৰ্মীৰ সৈতে হোৱা কথোপকথনৰ বিষয়ে সোঁৱৰে। নিতিন গাডকৰীৰ এই মন্তব্যই ৰাজনৈতিক ক্ষেত্ৰত বিশেষ কৌতুহলৰ সৃষ্টি কৰিছে আৰু নেতাগৰাকীৰ এই বক্তব্য সৰ্বত্ৰ চৰ্চাৰ বিষয় হৈ পৰিছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক