--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বাংলাদেশৰ অলৰাউণ্ডাৰ ক্ৰিকেট খেলুৱৈ ছাকিব আল হাছানৰ বিৰুদ্ধে হত্যাৰ গোচৰ ৰুজু হৈছে। এই গোচৰত বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা, অভিনেতা ফিৰদৌছ আহমেদ আৰু ওবাইদুল কোৱাদৰকে ধৰি ১৫৪ জনৰো অভিযুক্ত। ইয়াৰ উপৰিও ৪০০ৰো অধিক অচিনাকি লোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে।

বৰ্তমান ছাকিব আল হাছান পাকিস্তানত আছে। বাংলাদেশৰ টেষ্ট দলৰ অংশ হিচাপে তেওঁ বৰ্তমান ৰাৱালপিণ্ডিত ছিৰিজৰ প্ৰথমখন টেষ্ট মেচ খেলি আছে। 

৩৭ বছৰীয়া বিখ্যাত খেলুৱৈ ছাকিবে আজিৰ পৰ্যন্ত বাংলাদেশৰ হৈ ৬৭খন টেষ্ট, ২৪৭খন এদিনীয়া আৰু ১২৯খন টি-২০ মেচ খেলিছে। এই সময়ছোৱাত ছাকিবে টেষ্টত ৪৫০৫ ৰান সংগ্ৰহ কৰাৰ লগতে ২৩৭টা উইকেট দখল কৰিছে। আনহাতে ৱান ডে ইণ্টাৰনেশ্যনেলত ছাকিবৰ নামত ৭৫৭০ ৰান আৰু ৩১৭ উইকেট আছে। লগতে টি-২০ ইণ্টাৰনেশ্যনেলত তেওঁ ২৫৫১ ৰান আৰু ১৪৯ উইকেট দখল কৰিছে।

জানিব পৰা মতে এই আটাইকেইজনৰ বিৰুদ্ধে কাপোৰৰ দোকানত কাম কৰা ৰুবেল নামৰ এজন ব্যক্তিক হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে। ৫ আগষ্টত এডবৰৰ ৰিং ৰোডত হোৱা প্ৰতিবাদী সমদলত ৰুবেলে অংশগ্ৰহণ কৰে। ৰেলীৰ সময়ত কোনোবাই পৰিকল্পিত ষড়যন্ত্ৰৰ অংশ হিচাপে ৰাইজৰ ওপৰত গুলীচালনা কৰে। এই গুলীচালনাত ৰুবেলৰ বুকু আৰু পিঠিত গুলী লাগিছিল। ইয়াৰ বাবেই যোৱা ৭ আগষ্টত চিকিৎসালয়ত চিকিৎসা কৰি থকাৰ সময়তে ৰুবেলৰ মৃত্যু হয়।

যোৱা জানুৱাৰী মাহত চাকিব আৰু ফিৰদৌছ আৱামি লীগৰ সাংসদ হিচাপে নিৰ্বাচিত হৈছিল। কিন্তু প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই ক্ষমতা হেৰুৱাৰ পিছত তেওঁলোক টিকটৰ পৰাও বঞ্চিত হয় ৷

খেলপথাৰৰ ভিতৰত হওঁক বা বাহিৰত বিতৰ্কৰ বাবে বাংলাদেশৰ এই তাৰকা খেলুৱৈজন প্ৰায়ে বাতৰিৰ শিৰোনামত থাকে। চলিত বৰ্ষৰ এপ্ৰিল মাহত তেওঁৰ গ্ৰাউণ্ড ষ্টাফৰ সৈতে কাজিয়া হৈছিল। খেলুৱৈজনে তাত থকা এজনৰ ফোনটো কাঢ়ি নিবলৈ চেষ্টা কৰিলে আৰু লগতে চৰ মাৰিব বুলিও ভাবুকি দিলে। ইয়াৰ উপৰিও তেওঁ বহুবাৰ খেলপথাৰত বিপক্ষ দলৰ খেলুৱৈ আৰু আম্পায়াৰৰ সৈতেও সংঘৰ্ষত লিপ্ত হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাজবীৰৰ কণ্ঠত মুক্তি পালে এক ব্যতিক্ৰমী নতুন অসমীয়া গীত ‘অনুৰোধ’
ইউৰোপত উৎকট গৰম; ১০ সহস্রাধিক লোকৰ মৃত্যু
অমৃত ভাৰত ষ্টেচন আঁচনিৰ অধীনত আধুনিক ৰূপ লাভ কৰিলে মাজবাট ৰে’লৱে ষ্টেচনে
লক্ষ্ণৌৰ 5-ষ্টাৰ হোটেলত ৰহস্যজনক অৱস্থাত যুৱ বিজ্ঞানীৰ মৃতদেহ উদ্ধাৰ, বিচনাৰ কাষত পোৱা গ’ল বমিৰ দাগ
বান গ’ল, কিন্তু শেষ হোৱা নাই দুৰ্ভোগ; নৰক যন্ত্ৰণা, আৱৰ্জনা, দুৰ্গন্ধ আৰু ৰোগৰ আতংকত জোনাইৰ মধুপুৰ-অৰুণ চাপৰি ৰাইজ
বজালীত শোকাৱহ অঘটন; কালদিয়া নৈ পাৰ হ’বলৈ গৈ উটি গ’ল বৃদ্ধ কৃষক
অতি উপকাৰী পাচলি কোমোৰা; গুণাগুণসমূহ জানো আহক
বিষ্ণয় গেঙৰ সন্ধানত অপাৰেশ্যন ‘হার্ড বল’
পৰাজয়ৰ ক্ষোভত ফাটি পৰিছে ইজিপ্ত; আর্জেণ্টিনাৰ বিজয়ক ‘ফিক্সিং’ আখ্যা ইজিপ্তৰ
যুদ্ধ আৰম্ভ, লগে লগে শ্বেয়াৰ বজাৰত বিপৰ্যয়; খাৰুৱা তেলৰ দাম ৬% বৃদ্ধি
নাৰায়ণপুৰৰ ধলপুৰত শহুৰেকৰ ঘৰত হাতত চোকা দা লৈ জোঁৱায়েকৰ ভয়ংকৰ তাণ্ডৱ
শিক্ষকতাত কালিমা! আনৰ পত্নীৰ সৈতে অবৈধ সম্পৰ্ক স্থাপন কৰিবলৈ গৈ আৰক্ষীৰ জালত পৰিল ধুবুৰীৰ এজন প্ৰধান শিক্ষক
চামগুৰিত নৃশংস হত্যাকাণ্ড; স্বামীৰ আক্ৰমণত প্ৰাণ গ’ল পত্নীৰ, সংকটজনক অৱস্থাত চিকিৎসাধীন মাতৃ
লখিমপুৰত জালনোট চক্ৰৰ বিৰুদ্ধে অভিযান; এনকাউণ্টাৰত আহত ২, মাষ্টাৰমাইণ্ডসহ ১৩ জনক গ্ৰেপ্তাৰ
Advertisement