--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ১৩ বছৰীয়া খেলুৱৈ জীৱনৰ পৰিসমাপ্তি ঘটালে বাওঁহাতীয়া অ’পেনিং বেটছমেন শিখৰ ধাৱানে৷ সীমিত অভাৰৰ ফৰ্মেটৰ বাবেও বিখ্যাত ক্ৰিকেটাৰ গৰাকীয়ে আন্তঃৰাষ্ট্ৰীয় আৰু ঘৰুৱা ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ কথা সদৰি কৰিছে। ভৰতীয় ক্ৰিকেট অনুৰাগীৰ হৃদয় আলোড়িত কৰা ভাৰতীয় ক্ৰিকেট দলৰ গুৰুত্ব পূৰ্ণ খেলুৱৈ শিখৰ ধাৱানৰ সফল খেলুৱৈ জীৱনৰ পৰিসমাপ্তিৰ খবৰে তেঁওৰ অনুৰাগী সকলক আবেগিক কৰি তুলিছে।
 
২০০৪ চনত ১৯ ​​বছৰ অনুৰ্ধ বিশ্বকাপত তিনিটা শতক অৰ্জন কৰি খ্যাতি আৰ্জন কৰা ক্ৰিকেটাৰ গৰাকীয়ে, ২০১০ চনৰ অক্টোবৰ মাহত ভাৰতীয় দলৰ হৈ অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে এদিনীয়া ক্ৰিকেটত অভিষেক ঘটায়। ২০১৩ চনৰ মাৰ্চ মাহত টেষ্ট ক্ৰিকেটত অভিষেক ঘটায়। এই সময়ছেৱাতে
 অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ১৮৭ ৰান সংগ্ৰহ কৰি আটাইতকৈ দ্ৰুত শতক অৰ্জন কৰাৰ অভিলেখ গঢ়ে। ২০১৩ চনৰ আই চি চি চেম্পিয়নছ ট্ৰফীত ‘প্লেয়াৰ অৱ দ্য টুৰ্ণামেণ্ট’ খিতাপ লাভ কৰিছিল। ২০১৫ চনৰ বিশ্বকাপ ক্ৰিকেটত ভাৰতীয় দলৰ হৈ অধিক ৰান সংগ্ৰহকাৰী হিচাপে পৰিগণিত হৈছিল বাওঁহাতীয়া অ’পেনিং বেটছমেন গৰাকী।ক্ৰিকেটাৰ গৰাকীয়ে দিল্লী, ছানৰাইজাৰ্ছ হায়দৰাবাদ, আৰু পঞ্জাব কিংছকে ধৰি কেইবাটাও ঘৰুৱা দলৰ হৈ খেলিছিল।
 
ক্ৰিকেটাৰ গৰাকীৰ আগ্ৰাসী বেটিং শৈলী আৰু আন্তঃৰাষ্ট্ৰীয় আৰু ঘৰুৱা মঞ্চত ধাৰাবাহিক ভাবে দুৰ্দান্ত প্ৰদৰ্শনেৰে ভৰতীয় ক্ৰিকেটৰ ইতিহাসত সোণালী আখৰেৰে লিখি যোৱাৰ লগতে হাজাৰ হাজাৰ অনুৰাগীৰ হৃদয় জয় কৰিবলৈ সক্ষম হৈছ্ল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু