--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ১৩ বছৰীয়া খেলুৱৈ জীৱনৰ পৰিসমাপ্তি ঘটালে বাওঁহাতীয়া অ’পেনিং বেটছমেন শিখৰ ধাৱানে৷ সীমিত অভাৰৰ ফৰ্মেটৰ বাবেও বিখ্যাত ক্ৰিকেটাৰ গৰাকীয়ে আন্তঃৰাষ্ট্ৰীয় আৰু ঘৰুৱা ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ কথা সদৰি কৰিছে। ভৰতীয় ক্ৰিকেট অনুৰাগীৰ হৃদয় আলোড়িত কৰা ভাৰতীয় ক্ৰিকেট দলৰ গুৰুত্ব পূৰ্ণ খেলুৱৈ শিখৰ ধাৱানৰ সফল খেলুৱৈ জীৱনৰ পৰিসমাপ্তিৰ খবৰে তেঁওৰ অনুৰাগী সকলক আবেগিক কৰি তুলিছে।
 
২০০৪ চনত ১৯ ​​বছৰ অনুৰ্ধ বিশ্বকাপত তিনিটা শতক অৰ্জন কৰি খ্যাতি আৰ্জন কৰা ক্ৰিকেটাৰ গৰাকীয়ে, ২০১০ চনৰ অক্টোবৰ মাহত ভাৰতীয় দলৰ হৈ অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে এদিনীয়া ক্ৰিকেটত অভিষেক ঘটায়। ২০১৩ চনৰ মাৰ্চ মাহত টেষ্ট ক্ৰিকেটত অভিষেক ঘটায়। এই সময়ছেৱাতে
 অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ১৮৭ ৰান সংগ্ৰহ কৰি আটাইতকৈ দ্ৰুত শতক অৰ্জন কৰাৰ অভিলেখ গঢ়ে। ২০১৩ চনৰ আই চি চি চেম্পিয়নছ ট্ৰফীত ‘প্লেয়াৰ অৱ দ্য টুৰ্ণামেণ্ট’ খিতাপ লাভ কৰিছিল। ২০১৫ চনৰ বিশ্বকাপ ক্ৰিকেটত ভাৰতীয় দলৰ হৈ অধিক ৰান সংগ্ৰহকাৰী হিচাপে পৰিগণিত হৈছিল বাওঁহাতীয়া অ’পেনিং বেটছমেন গৰাকী।ক্ৰিকেটাৰ গৰাকীয়ে দিল্লী, ছানৰাইজাৰ্ছ হায়দৰাবাদ, আৰু পঞ্জাব কিংছকে ধৰি কেইবাটাও ঘৰুৱা দলৰ হৈ খেলিছিল।
 
ক্ৰিকেটাৰ গৰাকীৰ আগ্ৰাসী বেটিং শৈলী আৰু আন্তঃৰাষ্ট্ৰীয় আৰু ঘৰুৱা মঞ্চত ধাৰাবাহিক ভাবে দুৰ্দান্ত প্ৰদৰ্শনেৰে ভৰতীয় ক্ৰিকেটৰ ইতিহাসত সোণালী আখৰেৰে লিখি যোৱাৰ লগতে হাজাৰ হাজাৰ অনুৰাগীৰ হৃদয় জয় কৰিবলৈ সক্ষম হৈছ্ল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ