--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ কাটাৰ বিশ্বকাপত শুক্ৰবাৰে চুইজাৰেণ্ডৰ বিৰুদ্ধে শেষ মেচত অৱতীৰ্ণ হল আণ্ডাৰডগ চাৰ্বিয়া। তাৰপূৰ্বে নিজ দলৰ সতীৰ্থৰ বিৰুদ্ধেই এটা গুৰুত্বৰ অভিযোগ আনে চাৰ্বিয়াৰ গলকীপাৰ প্ৰেদ্ৰাগ ৰাজকোভিচে।

 

চাৰ্বিয়াৰ ষ্ট্ৰাইকাৰ দুচান ভ্লাহোভিচে গলকীপাৰগৰাকীৰ পত্নীৰ সতে অবৈধ সম্পৰ্ক স্থাপনৰ অভিযোগ অনা হৈছে। গলকীপাৰ প্ৰেদ্ৰাগৰ অভিযোগ অনুসৰি, দুচানে তেওঁৰ পত্নীৰ সতে বিশ্বকাপৰ মাজতে নৈশযাপনো কৰিছে।

 

চাৰ্বিয়াৰ এখন সংবাদপত্ৰত এই সম্পৰ্কে বাতৰি প্ৰকাশ পোৱাৰ পাছতে বিষয়টোৱে চৰ্চা লাভ কৰিছে। এই সম্পৰ্কে তাৎক্ষণিক প্ৰতিক্ৰিয়াও ব্যক্ত কৰিছে অভিযুক্ত দুচানে। সাংবাদিক বৈঠক আহ্বান কৰি তেওঁ কয় যে তেওঁৰ বিৰুদ্ধে মিছা ৰটনা কৰা হৈছে।

 

''সাধাৰণতে এইধৰণৰ কথাত মই পাত্তা নিদিও। কিন্তু দলৰ স্বাৰ্থত মই মুখ খুলিছো। মই এই সকলো অস্বীকাৰ কৰিছো।’’- ষ্ট্ৰাইকাৰগৰাকীয়ে কয়।

 

উল্লেখ্য যে শুক্ৰবাৰে চুইজাৰলেণ্ডৰ বিৰুদ্ধে জিকিলে বা ড্ৰ কৰিলে ৰাউণ্ড অৱ চিক্সটিনলৈ গ’লহেঁতেন চাৰ্বিয়া। কিন্তু ৩-২ ব্যৱধানত চুইজাৰলেণ্ডৰ হাতত পৰাস্ত হয় দলটো।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক