--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ কাটাৰ বিশ্বকাপত শুক্ৰবাৰে চুইজাৰেণ্ডৰ বিৰুদ্ধে শেষ মেচত অৱতীৰ্ণ হল আণ্ডাৰডগ চাৰ্বিয়া। তাৰপূৰ্বে নিজ দলৰ সতীৰ্থৰ বিৰুদ্ধেই এটা গুৰুত্বৰ অভিযোগ আনে চাৰ্বিয়াৰ গলকীপাৰ প্ৰেদ্ৰাগ ৰাজকোভিচে।

চাৰ্বিয়াৰ ষ্ট্ৰাইকাৰ দুচান ভ্লাহোভিচে গলকীপাৰগৰাকীৰ পত্নীৰ সতে অবৈধ সম্পৰ্ক স্থাপনৰ অভিযোগ অনা হৈছে। গলকীপাৰ প্ৰেদ্ৰাগৰ অভিযোগ অনুসৰি, দুচানে তেওঁৰ পত্নীৰ সতে বিশ্বকাপৰ মাজতে নৈশযাপনো কৰিছে।

চাৰ্বিয়াৰ এখন সংবাদপত্ৰত এই সম্পৰ্কে বাতৰি প্ৰকাশ পোৱাৰ পাছতে বিষয়টোৱে চৰ্চা লাভ কৰিছে। এই সম্পৰ্কে তাৎক্ষণিক প্ৰতিক্ৰিয়াও ব্যক্ত কৰিছে অভিযুক্ত দুচানে। সাংবাদিক বৈঠক আহ্বান কৰি তেওঁ কয় যে তেওঁৰ বিৰুদ্ধে মিছা ৰটনা কৰা হৈছে।

''সাধাৰণতে এইধৰণৰ কথাত মই পাত্তা নিদিও। কিন্তু দলৰ স্বাৰ্থত মই মুখ খুলিছো। মই এই সকলো অস্বীকাৰ কৰিছো।’’- ষ্ট্ৰাইকাৰগৰাকীয়ে কয়।

উল্লেখ্য যে শুক্ৰবাৰে চুইজাৰলেণ্ডৰ বিৰুদ্ধে জিকিলে বা ড্ৰ কৰিলে ৰাউণ্ড অৱ চিক্সটিনলৈ গ’লহেঁতেন চাৰ্বিয়া। কিন্তু ৩-২ ব্যৱধানত চুইজাৰলেণ্ডৰ হাতত পৰাস্ত হয় দলটো।

FOLLOW US F
POPULAR
FEATURE
TRENDY
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ