--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বাংলাদেশত সংখ্যালঘু হিন্দুসকলৰ দুখ-দুৰ্দশাৰ কথা প্ৰায়ে সংবাদমাধ্যমত প্ৰকাশ পাই আহিছে। এই বছৰ দেশ খনত সুকলমে অনুষ্ঠিত কৰিব পৰা নগ’ল দুৰ্গাপূজা। বাংলাদেশৰ বহু ঠাইত দুৰ্গাপূজাস্থলীত দুৰ্বৃত্তই আক্ৰমণ কৰাৰো খবৰ পোৱা গৈছিল। বাংলাদেশত  দুৰ্গা পূজাই জয়ন্ত কৰ্মকাৰৰ বাবেও  আনন্দ কঢ়িয়াই আনিব নোৱাৰিলে। ২৭ বছৰীয়া সমাজ কৰ্মীগৰাকীয়ে সমগ্ৰ বাংলাদেশত দুৰ্গা মূৰ্তি আৰু পূজাৰ পেণ্ডেলৰ ওপৰত হোৱা আক্ৰমণৰ কথা শেহতীয়াকৈ  বৰ্ণনা কৰিছে। অৱশ্যে শাসকীয় দল আৱামী লীগে এই বছৰ দুৰ্গাপূজা শান্তিপূৰ্ণ বুলিয়েই  দাবী কৰি আহিছে। 

এনে দাবীৰ মাজতে বাংলাদেশৰ  হিন্দু সংখ্যালঘুসকলৰ ওপৰত হোৱা অত্যাচাৰৰ ছবিবোৰ পোহৰলৈ আহিছে। এনে সময়তে কৰ্মকাৰে  ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক  প্ৰশংসা কৰিছে। তেওঁ বাংলাদেশৰ অন্যতম মোদী অনুৰাগী । দুৰ্গা পূজাৰ সময়ত এই বছৰ কোনো  হিন্দুলোকক  হত্যা কৰা হোৱা নাছিল। টিভি কেমেৰাৰ সন্মুখতে পিছে দুৰ্বৃত্তই  পূজাৰ পেণ্ডেলত আক্ৰমণ কৰিছিল। দেশ খনত কেইবাখনো গাওঁ আৰু চহৰত দুৰ্গাৰ মূৰ্তি ভাঙি পেলোৱা হৈছিল। হিন্দু অধিকাৰ কৰ্মীজনে বৰিশাল জিলাৰ পাটুৱাখালি গাঁৱৰ পৰা ফোনযোগে ভাৰতৰ সংবা মাধ্যমক এনে খবৰ দিছিল।  মুছলমান সংখ্যাগৰিষ্ঠ বাংলাদেশত হিন্দুৰ বাবে কিমান কঠিন সময় পাৰ হৈছে সেই বিষয়ে কৰ্মকাৰে ভাৰতীয় সংবাদ মাধ্যমক কয়।

 এটা সময় আছিল যেতিয়া কৰ্মকাৰে হিন্দুৰ ওপৰত হোৱা এনে ঘটনাৰ বিষয়ে ছ’চিয়েল মিডিয়াত  পোষ্ট কৰিছিল। বাংলাদেশত হিন্দুসকলৰ ওপৰত যিকোনো আক্ৰমণ যাৰ বিষয়ে তেওঁ জানিব পাৰিছিল। কিন্তু কঠোৰ ডিজিটেল সুৰক্ষা আইনে তেওঁক সেই কামত বাধা দিছে।ফেচবুকত শেহতীয়াকৈ কৰা এটা পোষ্টত তেওঁ শস্ত্ৰ পূজা আৰু হিন্দুসকলে আত্মৰক্ষাৰ পন্থা শিকাৰ প্ৰয়োজনীয়তাৰ বিষয়ে কয়। টুইটাৰত, কৰ্মকাৰে হিন্দু অধিকাৰৰ হকে মাত মতা  ভাৰতীয় প্ৰভাৱশালী লোক সকলক অনুসৰণ কৰে। তেওঁ নিয়মীয়াকৈ ৰিটুইট কৰে। ২০২১ চনত কুমিল্লা জিলাৰ এটা পূজা মণ্ডপত হনুমানৰ ভৰিত কোৰাণৰ  প্ৰতিলিপি ৰখা হৈছিল, যাৰ ফলত সমগ্ৰ বাংলাদেশত হিন্দুসকলৰ ওপৰত আক্ৰমণ হৈছিল। 

এই আক্ৰমণত চাৰিজন ভক্ত নিহত হৈছিল আৰু আন কেইবাজনো লোক আহত হৈছিল। কৰ্মকাৰে কয় "২০২১ দুৰ্গা পূজাই আন্তৰ্জাতিক শিৰোনাম দখল কৰিছিল। ২০২৩ ৰ আক্ৰমণ আনকি স্থানীয় সংবাদ মাধ্যমেও প্ৰকাশ কৰা নাই।  বাংলাদেশত হিন্দুসকলৰ ওপৰত হোৱা আক্ৰমণৰ বিষয়ে খুব কম লোকেই জানে।  মই ফেচবুক পোষ্ট লিখি আৰু টুইট কৰি মোৰ কাম কৰোঁ," । আজিৰ ধৰ্মনিৰপেক্ষ বাংলাদেশত, ধৰ্মীয় স্বাধীনতা চৰ্তসাপেক্ষ যেন লাগিছে।  কিয়নো চৰকাৰে সংখ্যাগৰিষ্ঠ লোকক বিচলিত নকৰাৰ প্ৰতি সজাগ হৈ থাকে।  এতিয়া কৰ্মকাৰে  হিন্দুসকলৰ বিৰুদ্ধে য'তেই হিংসা হয় তাতেই  উপস্থিত হ'বলৈ চেষ্টা কৰে।তেওঁ কয় " মোৰ চাকৰি নাই। পৰিয়ালৰ উপাৰ্জন সামান্য আৰু মোৰ সম্পদো তেনেই কম। 

কিন্তু মই ২০২১ চনত ৰংপুৰত হিন্দু বিৰোধী হিংসাৰ পৰা ৰক্ষা পৰা  সকলক  সহায় কৰিছিলো। তেওঁলোকৰ দোকান আৰু কুটিৰ বোৰ ভস্মীভূত হৈছিল। আমি তেওঁলোকৰ জীৱন পুনৰ নিৰ্মাণত সহায় কৰিছিলো," । কৰ্মকাৰে  তেওঁৰ সামাজিক কাম অকলে কৰে। তেওঁ কয় যে এটা সংগঠনৰ অংশ হোৱাৰ অৰ্থ হৈছে তেওঁ যি সঠিক বুলি ভাবে সেয়া কৰাৰ স্বাধীনতা হেৰুৱাই পেলোৱা। সংগঠনবোৰৰ প্ৰায়ে নিজস্ব  অগ্ৰাধিকাৰ আৰু ৰাজনীতি থাকে, আনহাতে তেওঁৰ কাম  হিন্দুৰ প্ৰয়োজনৰ  বাবেহে। 
FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰতত স্থাপন হ'ব ৫খন শীর্ষ ব্রিটিছ বিশ্ববিদ্যালয়ৰ চৌহদ
আইন ভংগ কৰি ৰন্ধন গেছৰ ব্যৱহাৰ
ড্ৰ'নেৰে নিক্ষেপ কৰিব পৰা ক্ষেপণাস্ত্ৰৰ সফল পৰীক্ষা
যোৰহাটত ভোগদৈ নৈ, টোকোলাই জানৰ বেদখলত প্রশাসন মৌন কিয়?
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভংগ কৰিলে ইন্দিৰা গান্ধীৰ অভিলেখ
গৰমৰ পৰা পৰিত্ৰাণ পাব বিচাৰিছে নেকি ? সেৱন কৰক এই কেইটা পানীয়
ব্ৰহ্মপুত্ৰত বিশ্বৰ সৰ্ববৃহৎ বান্ধ নিৰ্মাণ আৰম্ভ কৰিলে চীনে
ভয়ংকৰ পথ দুৰ্ঘটনাত মৃত্যু এজন আৰক্ষী জোৱানৰ
ৰাছিয়াৰ তেল উদ্যোগৰ বিৰুদ্ধে নতুন নিষেধাজ্ঞা ই ইউৰ
মহিলাসকলে ৪০ বছৰৰ পাছত এইবোৰ খাদ্য খাবলৈ আৰম্ভ কৰক
অসম চৰকাৰৰ বিৰুদ্ধে মমতাৰ জেহাদ, মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিবাদ
গুগল, মেটালৈ জাননী জাৰি কৰিলে ই ডিয়ে
এছিয়া কাপ ক্রিকেট প্রতিযোগিতাক লৈ অনিশ্চয়তাৰ সৃষ্টি
অলিম্পিকত নাথাকিব ভাৰত-পাকিস্তানৰ মেচ