--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বাংলাদেশত সংখ্যালঘু হিন্দুসকলৰ দুখ-দুৰ্দশাৰ কথা প্ৰায়ে সংবাদমাধ্যমত প্ৰকাশ পাই আহিছে। এই বছৰ দেশ খনত সুকলমে অনুষ্ঠিত কৰিব পৰা নগ’ল দুৰ্গাপূজা। বাংলাদেশৰ বহু ঠাইত দুৰ্গাপূজাস্থলীত দুৰ্বৃত্তই আক্ৰমণ কৰাৰো খবৰ পোৱা গৈছিল। বাংলাদেশত  দুৰ্গা পূজাই জয়ন্ত কৰ্মকাৰৰ বাবেও  আনন্দ কঢ়িয়াই আনিব নোৱাৰিলে। ২৭ বছৰীয়া সমাজ কৰ্মীগৰাকীয়ে সমগ্ৰ বাংলাদেশত দুৰ্গা মূৰ্তি আৰু পূজাৰ পেণ্ডেলৰ ওপৰত হোৱা আক্ৰমণৰ কথা শেহতীয়াকৈ  বৰ্ণনা কৰিছে। অৱশ্যে শাসকীয় দল আৱামী লীগে এই বছৰ দুৰ্গাপূজা শান্তিপূৰ্ণ বুলিয়েই  দাবী কৰি আহিছে। 

এনে দাবীৰ মাজতে বাংলাদেশৰ  হিন্দু সংখ্যালঘুসকলৰ ওপৰত হোৱা অত্যাচাৰৰ ছবিবোৰ পোহৰলৈ আহিছে। এনে সময়তে কৰ্মকাৰে  ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক  প্ৰশংসা কৰিছে। তেওঁ বাংলাদেশৰ অন্যতম মোদী অনুৰাগী । দুৰ্গা পূজাৰ সময়ত এই বছৰ কোনো  হিন্দুলোকক  হত্যা কৰা হোৱা নাছিল। টিভি কেমেৰাৰ সন্মুখতে পিছে দুৰ্বৃত্তই  পূজাৰ পেণ্ডেলত আক্ৰমণ কৰিছিল। দেশ খনত কেইবাখনো গাওঁ আৰু চহৰত দুৰ্গাৰ মূৰ্তি ভাঙি পেলোৱা হৈছিল। হিন্দু অধিকাৰ কৰ্মীজনে বৰিশাল জিলাৰ পাটুৱাখালি গাঁৱৰ পৰা ফোনযোগে ভাৰতৰ সংবা মাধ্যমক এনে খবৰ দিছিল।  মুছলমান সংখ্যাগৰিষ্ঠ বাংলাদেশত হিন্দুৰ বাবে কিমান কঠিন সময় পাৰ হৈছে সেই বিষয়ে কৰ্মকাৰে ভাৰতীয় সংবাদ মাধ্যমক কয়।

 এটা সময় আছিল যেতিয়া কৰ্মকাৰে হিন্দুৰ ওপৰত হোৱা এনে ঘটনাৰ বিষয়ে ছ’চিয়েল মিডিয়াত  পোষ্ট কৰিছিল। বাংলাদেশত হিন্দুসকলৰ ওপৰত যিকোনো আক্ৰমণ যাৰ বিষয়ে তেওঁ জানিব পাৰিছিল। কিন্তু কঠোৰ ডিজিটেল সুৰক্ষা আইনে তেওঁক সেই কামত বাধা দিছে।ফেচবুকত শেহতীয়াকৈ কৰা এটা পোষ্টত তেওঁ শস্ত্ৰ পূজা আৰু হিন্দুসকলে আত্মৰক্ষাৰ পন্থা শিকাৰ প্ৰয়োজনীয়তাৰ বিষয়ে কয়। টুইটাৰত, কৰ্মকাৰে হিন্দু অধিকাৰৰ হকে মাত মতা  ভাৰতীয় প্ৰভাৱশালী লোক সকলক অনুসৰণ কৰে। তেওঁ নিয়মীয়াকৈ ৰিটুইট কৰে। ২০২১ চনত কুমিল্লা জিলাৰ এটা পূজা মণ্ডপত হনুমানৰ ভৰিত কোৰাণৰ  প্ৰতিলিপি ৰখা হৈছিল, যাৰ ফলত সমগ্ৰ বাংলাদেশত হিন্দুসকলৰ ওপৰত আক্ৰমণ হৈছিল। 

এই আক্ৰমণত চাৰিজন ভক্ত নিহত হৈছিল আৰু আন কেইবাজনো লোক আহত হৈছিল। কৰ্মকাৰে কয় "২০২১ দুৰ্গা পূজাই আন্তৰ্জাতিক শিৰোনাম দখল কৰিছিল। ২০২৩ ৰ আক্ৰমণ আনকি স্থানীয় সংবাদ মাধ্যমেও প্ৰকাশ কৰা নাই।  বাংলাদেশত হিন্দুসকলৰ ওপৰত হোৱা আক্ৰমণৰ বিষয়ে খুব কম লোকেই জানে।  মই ফেচবুক পোষ্ট লিখি আৰু টুইট কৰি মোৰ কাম কৰোঁ," । আজিৰ ধৰ্মনিৰপেক্ষ বাংলাদেশত, ধৰ্মীয় স্বাধীনতা চৰ্তসাপেক্ষ যেন লাগিছে।  কিয়নো চৰকাৰে সংখ্যাগৰিষ্ঠ লোকক বিচলিত নকৰাৰ প্ৰতি সজাগ হৈ থাকে।  এতিয়া কৰ্মকাৰে  হিন্দুসকলৰ বিৰুদ্ধে য'তেই হিংসা হয় তাতেই  উপস্থিত হ'বলৈ চেষ্টা কৰে।তেওঁ কয় " মোৰ চাকৰি নাই। পৰিয়ালৰ উপাৰ্জন সামান্য আৰু মোৰ সম্পদো তেনেই কম। 

কিন্তু মই ২০২১ চনত ৰংপুৰত হিন্দু বিৰোধী হিংসাৰ পৰা ৰক্ষা পৰা  সকলক  সহায় কৰিছিলো। তেওঁলোকৰ দোকান আৰু কুটিৰ বোৰ ভস্মীভূত হৈছিল। আমি তেওঁলোকৰ জীৱন পুনৰ নিৰ্মাণত সহায় কৰিছিলো," । কৰ্মকাৰে  তেওঁৰ সামাজিক কাম অকলে কৰে। তেওঁ কয় যে এটা সংগঠনৰ অংশ হোৱাৰ অৰ্থ হৈছে তেওঁ যি সঠিক বুলি ভাবে সেয়া কৰাৰ স্বাধীনতা হেৰুৱাই পেলোৱা। সংগঠনবোৰৰ প্ৰায়ে নিজস্ব  অগ্ৰাধিকাৰ আৰু ৰাজনীতি থাকে, আনহাতে তেওঁৰ কাম  হিন্দুৰ প্ৰয়োজনৰ  বাবেহে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
UPIৰ লেনদেনত গ্রাহকে ভৰিব নালাগে মাচুল: নির্মলা সীতাৰমণ
বানে সৃষ্টি কৰা সমস্যা দূৰ কৰিবলৈ ‘অসম বান-সহায় সেতু’ নিৰ্মাণ যুৱ উদ্যোগী প্ৰীতম ৰঞ্জন ডেকাৰ
শীঘ্ৰেই মুকলি হ’ব হৰমুজ প্রণালী; ইৰান-ওমানৰ মাজত বুজাবুজি
অসম প্ৰিমিয়াৰ লীগ: নগাঁও ৰেঞ্জাৰ্চৰ বিৰুদ্ধে ৭০ ৰানৰ বৃহৎ বিজয় সাব্যস্ত বৰপেটা ব্ৰেভছৰ
ই আই’-এ চিনাক্ত কৰিব ফ্ল’ৰাইড-আৰ্চেনিক; IIT গুৱাহাটীৰ গৱেষকৰ উদ্ভাৱন
১৯ দিনৰ পাছতো ভয়াৱহ ৰূপত অসমৰ বান পৰিস্থিতি
অসমত বানৰ সংহাৰী ৰূপ: প্ৰায় ২ লাখ লোক গৃহহীন, জনজীৱন ব্যাহত
নতুন হাৰাংগাজাওত ৰে'লপথৰ অস্থিৰতা: লুমডিং-বদৰপুৰ খণ্ডত ৰে'ল সেৱাত ব্যাপক ব্যাঘাত
কুলছি বান্ধ প্ৰকল্পৰ বিৰুদ্ধে সীমান্তৱৰ্তী ৰাইজৰ তীব্ৰ প্ৰতিবাদ: প্ৰতিবেদন দাখিলৰ পিছতে পুনৰ জাগ্ৰত শংকা
জালুকবাৰীত তিনিটা নতুন আদৰ্শ অংগনৱাদী কেন্দ্ৰৰ শুভ উদ্বোধন
উজনি অসমৰ বান: প্ৰকৃতিৰ এক কঠোৰ বাৰ্তা আৰু আমাৰ কৰণীয়
নলবাৰী জিলা আয়ুক্তৰ অধ্যক্ষতাত স্বাস্থ্য বিভাগৰ কাৰ্যসূচীৰ ব্যাপক পৰ্যালোচনা
শিৱসাগৰত বানত আৱদ্ধ ১০০০ৰো অধিক লোকক স্থানীয় ৰাইজৰ সাহসিকতাৰে উদ্ধাৰ
ডিব্ৰুগড়ৰ গণেশ মন্দিৰৰ ভূমিত উচ্ছেদ অভিযানক লৈ বিতৰ্ক, স্থগিতাদেশ উলংঘাৰ অভিযোগ