--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দুজন প্ৰসিদ্ধ ব্যক্তি৷এজন ক্ৰীড়াৰ জগতত ছুপাৰষ্টাৰ আৰু আনজন চলচ্চিত্ৰ জগতৰ উজ্জ্বল নক্ষত্ৰ৷এই দুজন ব্যক্তি ক্ৰমে ক্ৰিষ্টিয়ানো ৰোনাল্ডো আৰু ছলমান খান৷শেহতীয়াকৈ বলীউডৰ ছুপাৰষ্টাৰ ছলমান খানৰ এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত পোহৰলৈ আহিছে। এই ভাইৰেল ভিডিঅ’টোত ফুটবলৰ কিম্বদন্তি ক্রিষ্টিয়ানো ৰোনাল্ডোক ছলমান খানৰ সৈতে দেখা গৈছে।


ছৌদি আৰৱত ৰোনাল্ডোৰ সৈতে দেখা গৈছে ছলমান খানক৷দৰাচলতে শেহতীয়াকৈ ছৌদি আৰৱত টাইছন ফিউৰি আৰু ফ্ৰান্সিছ আংগনুৰ মাজত এমএমএ মেচ অনুষ্ঠিত হৈছিল, য’ত বহু চেলিব্ৰিটীক দেখা গৈছিল। ইয়াৰে এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ক্ৰমান্বয়ে ভাইৰেল হৈ পৰিছে, য’ত ছলমান খানৰ কাষত বহি থকা দেখা গৈছে ক্রিষ্টিয়ানো ৰোনাল্ডো আৰু তেওঁৰ প্রেয়সী জর্জিনা ৰড্ৰিগেজক৷


এই ভিডিঅ’টো মুকলি হোৱাৰ লগে লগে ছ’চিয়েল মিডিয়াত আলোড়নৰ সৃষ্টি হয়। ছলমান আৰু ৰোনাল্ডোক একেটা ফ্ৰেমত দেখা পাই আনন্দত জপিয়াই পৰিছে দুয়োজনৰে অনুৰাগী। 


এই ভিডিঅ’টো শ্বেয়াৰ কৰাৰ সময়ত এজন অনুৰাগীয়ে লিখিছে, ‘মোক সুধিলে এই বছৰৰ এইখন শ্ৰেষ্ঠ ছবি৷আন এজন ব্যৱহাৰকাৰীয়ে লিখিছে, "এটা ফ্ৰেমত দুজন GOAT... ছলমান খান আৰু ক্রিষ্টিয়ানো ৰোনাল্ডো।"


উল্লেখ্য যে ছলমান খানে বৰ্তমান  তেওঁৰ বহু প্ৰত্যাশিত ছবি টাইগাৰ ৩ৰ বাবে শিৰোনাম দখল কৰিছে। শেহতীয়াকৈ ছবিখনৰ ট্ৰেইলাৰ মুকলি কৰা হৈছে, ট্ৰেইলাৰটোত দৰ্শকৰ পৰা যথেষ্ট ইতিবাচক সঁহাৰি দেখা গৈছে। ডাঙৰ পৰ্দাত টাইগাৰ আৰু জ’য়াৰ যুটি দেখি অনুৰাগীসকল উৎফুল্লিত হৈ পৰিছে। চলিত বৰ্ষৰ দীপাৱলীত ছবিখনে শুভমুক্তি লাভ কৰিব৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
উত্তৰ গুৱাহাটীত দুখনকৈ উন্নত মানৰ ক্ৰীড়া একাডেমী মুকলি কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই
পাকিস্তান হৈ পৰিল হাঁহিৰ পাত্ৰ ; ভাৰতৰ বিৰুদ্ধে কাল্পনিক জয়ৰ বাবে বিতৰণ কৰিলে ৪৮৮ টা পদক
ডুৰাণ্ড কাপৰ ছেমিফাইনেললৈ প্ৰৱেশ শ্বিলং লাজং এফ.চিৰ
ভতুৱা কুকুৰক চোৱা-চিতা নকৰাৰ বাবে দিল্লী চৰকাৰ, পৌৰ নিগমক সমালোচনা
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ
মায়ঙত সৰ্প দংশনত মৃত্যু ৭ বছৰীয়া শিশুৰ
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক