--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দুজন প্ৰসিদ্ধ ব্যক্তি৷এজন ক্ৰীড়াৰ জগতত ছুপাৰষ্টাৰ আৰু আনজন চলচ্চিত্ৰ জগতৰ উজ্জ্বল নক্ষত্ৰ৷এই দুজন ব্যক্তি ক্ৰমে ক্ৰিষ্টিয়ানো ৰোনাল্ডো আৰু ছলমান খান৷শেহতীয়াকৈ বলীউডৰ ছুপাৰষ্টাৰ ছলমান খানৰ এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত পোহৰলৈ আহিছে। এই ভাইৰেল ভিডিঅ’টোত ফুটবলৰ কিম্বদন্তি ক্রিষ্টিয়ানো ৰোনাল্ডোক ছলমান খানৰ সৈতে দেখা গৈছে।


ছৌদি আৰৱত ৰোনাল্ডোৰ সৈতে দেখা গৈছে ছলমান খানক৷দৰাচলতে শেহতীয়াকৈ ছৌদি আৰৱত টাইছন ফিউৰি আৰু ফ্ৰান্সিছ আংগনুৰ মাজত এমএমএ মেচ অনুষ্ঠিত হৈছিল, য’ত বহু চেলিব্ৰিটীক দেখা গৈছিল। ইয়াৰে এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ক্ৰমান্বয়ে ভাইৰেল হৈ পৰিছে, য’ত ছলমান খানৰ কাষত বহি থকা দেখা গৈছে ক্রিষ্টিয়ানো ৰোনাল্ডো আৰু তেওঁৰ প্রেয়সী জর্জিনা ৰড্ৰিগেজক৷


এই ভিডিঅ’টো মুকলি হোৱাৰ লগে লগে ছ’চিয়েল মিডিয়াত আলোড়নৰ সৃষ্টি হয়। ছলমান আৰু ৰোনাল্ডোক একেটা ফ্ৰেমত দেখা পাই আনন্দত জপিয়াই পৰিছে দুয়োজনৰে অনুৰাগী। 


এই ভিডিঅ’টো শ্বেয়াৰ কৰাৰ সময়ত এজন অনুৰাগীয়ে লিখিছে, ‘মোক সুধিলে এই বছৰৰ এইখন শ্ৰেষ্ঠ ছবি৷আন এজন ব্যৱহাৰকাৰীয়ে লিখিছে, "এটা ফ্ৰেমত দুজন GOAT... ছলমান খান আৰু ক্রিষ্টিয়ানো ৰোনাল্ডো।"


উল্লেখ্য যে ছলমান খানে বৰ্তমান  তেওঁৰ বহু প্ৰত্যাশিত ছবি টাইগাৰ ৩ৰ বাবে শিৰোনাম দখল কৰিছে। শেহতীয়াকৈ ছবিখনৰ ট্ৰেইলাৰ মুকলি কৰা হৈছে, ট্ৰেইলাৰটোত দৰ্শকৰ পৰা যথেষ্ট ইতিবাচক সঁহাৰি দেখা গৈছে। ডাঙৰ পৰ্দাত টাইগাৰ আৰু জ’য়াৰ যুটি দেখি অনুৰাগীসকল উৎফুল্লিত হৈ পৰিছে। চলিত বৰ্ষৰ দীপাৱলীত ছবিখনে শুভমুক্তি লাভ কৰিব৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
অৰুণাচলৰ বনভূমিত কাটিব ১.৩৫ লাখ গছ
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা