--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  দেওবাৰে পুৱাই এক ভয়ংকৰ দুৰ্ঘটনাই জোকাৰি গ’ল  বাংলাদেশক৷ দেশ খনৰ কুতুবপুৰ অঞ্চলৰ শিৱচাৰত ঢাকা অভিমুখী বাছ এখন খাৱৈত পৰি যোৱাৰ ফলত কমেও ১৬ জন লোক নিহত হয়। এই ঘটনাত আহত হয় ৩০ গৰাকী যাত্ৰী। 

প্ৰত্যক্ষদৰ্শীয়ে প্ৰকাশ কৰা মতে  যে পদ্ম দলঙৰ এক্সপ্ৰেছৱেত ইমান ডাঙৰ দুৰ্ঘটনা আগতে কেতিয়াও হোৱা নাছিল। দুৰ্ঘটনাটোৰ প্ৰকৃত কাৰণ এতিয়াও জানিব পৰা হোৱা নাই। অৱশ্যে ধাৰণা কৰা হৈছে যে অত্যধিক গতিৰ বাবেই বাছখনে নিয়ন্ত্ৰণ হেৰুৱাই খাৱৈত পৰি যায়৷ 

জানিব পৰা মতে  বাছখনে দেওবাৰে পুৱা প্ৰায় ৫ বজাত খুলনাৰ সোণা ডাংগাৰ পৰা যাত্ৰা কৰিছিল। বাছ খনৰ গন্তব্য স্থান আছিল ঢাকা। কিন্তু পুৱা প্ৰায় ৭:৩০ বজাত বাছখনে হঠাতে নিয়ন্ত্ৰণ হেৰুৱাই পেলায়। লগে লগে দলঙৰ ৰেলিং  ভাঙি বাছ খন খাৱৈত পৰি যায়৷  

দুৰ্ঘটনাত এতিয়ালৈকে ১৬ জন লোকৰ মৃত্যু হৈছে বুলি উদ্ধাৰকাৰীৰ দলে প্ৰকাশ কৰিছে। আহতসকলক ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যোৱা হৈছে। আহতসকলৰ বহুতৰে অৱস্থা অতি গুৰুতৰ বুলি জানিব পৰা গৈছে। স্থানীয় লোকে আৰক্ষী আৰু অগ্নি নিৰ্বাপক বাহিনীৰ কৰ্মীৰ সহায়ত  উদ্ধাৰ অভিযান চলাই আছে৷

প্ৰত্যক্ষদৰ্শীৰ মতে  বাছখনে কেইবা পাকো খাই তললৈ পৰি গৈছিল৷   দুৰ্ঘটনাটোত মৃত্যুৰ সংখ্যা আৰু বৃদ্ধি হোৱাৰ আশংকা আছে। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস