--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  দেওবাৰে পুৱাই এক ভয়ংকৰ দুৰ্ঘটনাই জোকাৰি গ’ল  বাংলাদেশক৷ দেশ খনৰ কুতুবপুৰ অঞ্চলৰ শিৱচাৰত ঢাকা অভিমুখী বাছ এখন খাৱৈত পৰি যোৱাৰ ফলত কমেও ১৬ জন লোক নিহত হয়। এই ঘটনাত আহত হয় ৩০ গৰাকী যাত্ৰী। 

প্ৰত্যক্ষদৰ্শীয়ে প্ৰকাশ কৰা মতে  যে পদ্ম দলঙৰ এক্সপ্ৰেছৱেত ইমান ডাঙৰ দুৰ্ঘটনা আগতে কেতিয়াও হোৱা নাছিল। দুৰ্ঘটনাটোৰ প্ৰকৃত কাৰণ এতিয়াও জানিব পৰা হোৱা নাই। অৱশ্যে ধাৰণা কৰা হৈছে যে অত্যধিক গতিৰ বাবেই বাছখনে নিয়ন্ত্ৰণ হেৰুৱাই খাৱৈত পৰি যায়৷ 

জানিব পৰা মতে  বাছখনে দেওবাৰে পুৱা প্ৰায় ৫ বজাত খুলনাৰ সোণা ডাংগাৰ পৰা যাত্ৰা কৰিছিল। বাছ খনৰ গন্তব্য স্থান আছিল ঢাকা। কিন্তু পুৱা প্ৰায় ৭:৩০ বজাত বাছখনে হঠাতে নিয়ন্ত্ৰণ হেৰুৱাই পেলায়। লগে লগে দলঙৰ ৰেলিং  ভাঙি বাছ খন খাৱৈত পৰি যায়৷  

দুৰ্ঘটনাত এতিয়ালৈকে ১৬ জন লোকৰ মৃত্যু হৈছে বুলি উদ্ধাৰকাৰীৰ দলে প্ৰকাশ কৰিছে। আহতসকলক ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যোৱা হৈছে। আহতসকলৰ বহুতৰে অৱস্থা অতি গুৰুতৰ বুলি জানিব পৰা গৈছে। স্থানীয় লোকে আৰক্ষী আৰু অগ্নি নিৰ্বাপক বাহিনীৰ কৰ্মীৰ সহায়ত  উদ্ধাৰ অভিযান চলাই আছে৷

প্ৰত্যক্ষদৰ্শীৰ মতে  বাছখনে কেইবা পাকো খাই তললৈ পৰি গৈছিল৷   দুৰ্ঘটনাটোত মৃত্যুৰ সংখ্যা আৰু বৃদ্ধি হোৱাৰ আশংকা আছে। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
জৰুৰীকালীন সময়ত কৰা হৈছিল ১.০৭ কোটি লোকক বন্ধ্যাকৰণ
এক ঐতিহাসিক মাইলৰ খুঁটি ; ৰাজ্য সভাতো গৃহীত হ'ল গুৱাহাটী আই আই এম বিধেয়ক
অসমীয়া ঠিকাদাৰক প্ৰহাৰ মিঞা শ্ৰমিকৰ ; আটক আইনুদ্দিন আলি, মহিম আলি আৰু মুজামিল হক
শীর্ষ বাছনিৰ তনভি শৰ্মাৰ নেতৃত্বত ভাৰতীয় দল ঘোষণা
ৰণত পৰিল ইষ্ট বেংগল, ডুৰাণ্ড কাপত ইতিহাস ৰচি ফাইনেললৈ ডায়মণ্ড হাৰ্বাৰ
২০২৪-২৫ বর্ষত দেশত প্রয়োজনতকৈ অধিক ৰক্তদান
বন্দে মাতৰম! আজি স্বাধীনতা দিৱস; দেশভক্তিত উথলিছে জনতাৰ হৃদয়
উৎকট গৰম! মুছলপুৰত পেৰেডত অংশগ্ৰহণ কৰা আৰক্ষীকে ধৰি ঢলি পৰিল বহুকেইখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী
হোজাইত গৌৰৱ গগৈৰ কাৰ্যসূচীত পকেটমাৰে সাংবাদিকৰ পৰা লুটিলে নগদ ১৫ হাজাৰ টকা আৰু পৰিচয় পত্ৰ
এছিয়া কাপৰ ইতিহাসত সৰ্বনিম্ন স্ক’ৰ ; এই দুটা দলে বহুবাৰ সন্মুখীন হৈছিল লজ্জাজনক পৰিস্থিতিৰ
বাৰ্ড ফ্লু হ’লে কণী খাব পাৰি নে? ই কিমান নিৰাপদ?
কিমান দিন ৰিচাৰ্জ নকৰিলে বন্ধ হয় চিম কাৰ্ড, জানো আহক
গৰৈমাৰীৰ জোৰশিমুলীত ৬ টাকৈ ড্ৰাগছ কণ্টেইনাৰসহ ড্ৰাগছ সৰবৰাহকাৰীক আটক
স্বাধীনতা দিৱস উপলক্ষে মায়ঙৰ পবিতৰা অভয়াৰণ্যত নাও খেল প্ৰতিযোগিতা