--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মাহিয়া মাহী৷ বাংলাদেশৰ এইগৰাকী অভিনেত্ৰী ভাৰততো বেছ জনপ্ৰিয়৷ বাংলাদেশী অভিনেত্ৰী মাহিয়া মাহীক শনিবাৰে নিশা গ্ৰেপ্তাৰৰ পিছতে জামিনত মুক্তি দিয়া হয়৷  ডিজিটেল সুৰক্ষা আইনৰ অধীনত নায়িকাগৰাকীৰ বিৰুদ্ধে আৰক্ষীয়ে ৰুজু কৰা গোচৰৰ ভিত্তিত মাহীক গ্ৰেপ্তাৰ কৰা হৈছিল। আৰক্ষীয়ে অভিনেত্ৰীগৰাকীক শনিবাৰে পুৱা প্ৰায় ১১:৪৫ বজাত ঢাকাৰ হজৰত শ্বাহজালাল আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা গ্ৰেপ্তাৰ কৰিছিল। 

ঢাকা আৰক্ষীৰ সূত্ৰ অনুসৰি অভিনেত্ৰীগৰাকী চৌদি আৰৱৰ পৰা ঘৰলৈ উভতি অহাৰ সময়তে বিমান বন্দৰত তেওঁক গ্ৰেপ্তাৰ কৰা হয়। অৱশ্যে মাহীয়ে শনিবাৰে নিশা জামিন লাভ কৰিবলৈ সক্ষম হয়। অভিনেত্ৰীগৰাকীক আৰক্ষীয়ে নিশা প্ৰায় ৮ বজাত মুকলি কৰি দিয়ে।গাজীপুৰ জিলা কাৰাগাৰৰ অধীক্ষক আনৱাৰুল কৰিমে কয়, "আমি মাহীক কাৰাগাৰলৈ লৈ আহিছিলো। পিছত, তেওঁৰ জামিনৰ কাগজবোৰ চাই ঘৰৰ লোকক গতাই দিছো’’

গাজীপুৰ মেট্ৰ'পলিটান পুলিচে শনিবাৰে আবেলি মাহীক গ্ৰেপ্তাৰ কৰিছিল। পিছত অভিনেত্ৰীগৰাকীক সাত দিনৰ ৰিমাণ্ড বিচাৰি গাজীপুৰ দণ্ডাধীশৰ আদালতলৈ প্ৰেৰণ কৰা হৈছিল। শুনানিৰ পিছত তেওঁক সংশোধনী গৃহলৈ লৈ যোৱা হৈছিল।গাজীপুৰ মেট্ৰ'পলিটান মেজিষ্ট্ৰেট আদালত-৫ ৰ ন্যায়াধীশ ইকবাল হোছেইনে দুটাকৈ গোচৰত মাহীক জামিন প্ৰদান কৰে।বাংলাদেশী অভিনেত্ৰী মাহিয়া মাহীয়ে শুক্ৰবাৰে নিশা সামাজিক মাধ্যমত পোনপটীয়াকৈ  কিছু কথা কৈছিল। 

তেওঁ অভিযোগ কৰিছিল যে তেওঁলোকৰ গাড়ীৰ শ্ব'ৰুমত হোৱা আক্ৰমণৰ নেতৃত্ব দিছিল স্থানীয় চুবুৰীয়া ইছমাইল হোছেইন ওৰফে লাদেন আৰু মামুন সৰকাৰে। অভিনেত্ৰীগৰাকীয়ে লগতে অভিযোগ কৰিছিল যে আক্ৰমণকাৰীসকলে শ্ব'ৰুমৰ বিভিন্ন আচবাব, দুৱাৰ আৰু খিৰিকীৰ কাঁচ, মেজ আৰু চকী ধ্বংস কৰিছিল। বাংলাদেশী সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি  মাহীয়ে গাজীপুৰ আৰক্ষী থানাই 'উৎকোচ' লোৱাৰো অভিযোগ উত্থাপন কৰিছিল।ইয়াৰ পিছতে তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছিল৷ মাহিয়া মাহী ন মাহৰ গৰ্ভৱতী বুলিও জানিব পৰা গৈছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
জৰুৰীকালীন সময়ত কৰা হৈছিল ১.০৭ কোটি লোকক বন্ধ্যাকৰণ
এক ঐতিহাসিক মাইলৰ খুঁটি ; ৰাজ্য সভাতো গৃহীত হ'ল গুৱাহাটী আই আই এম বিধেয়ক
অসমীয়া ঠিকাদাৰক প্ৰহাৰ মিঞা শ্ৰমিকৰ ; আটক আইনুদ্দিন আলি, মহিম আলি আৰু মুজামিল হক
শীর্ষ বাছনিৰ তনভি শৰ্মাৰ নেতৃত্বত ভাৰতীয় দল ঘোষণা
ৰণত পৰিল ইষ্ট বেংগল, ডুৰাণ্ড কাপত ইতিহাস ৰচি ফাইনেললৈ ডায়মণ্ড হাৰ্বাৰ
২০২৪-২৫ বর্ষত দেশত প্রয়োজনতকৈ অধিক ৰক্তদান
বন্দে মাতৰম! আজি স্বাধীনতা দিৱস; দেশভক্তিত উথলিছে জনতাৰ হৃদয়
উৎকট গৰম! মুছলপুৰত পেৰেডত অংশগ্ৰহণ কৰা আৰক্ষীকে ধৰি ঢলি পৰিল বহুকেইখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী
হোজাইত গৌৰৱ গগৈৰ কাৰ্যসূচীত পকেটমাৰে সাংবাদিকৰ পৰা লুটিলে নগদ ১৫ হাজাৰ টকা আৰু পৰিচয় পত্ৰ
এছিয়া কাপৰ ইতিহাসত সৰ্বনিম্ন স্ক’ৰ ; এই দুটা দলে বহুবাৰ সন্মুখীন হৈছিল লজ্জাজনক পৰিস্থিতিৰ
বাৰ্ড ফ্লু হ’লে কণী খাব পাৰি নে? ই কিমান নিৰাপদ?
কিমান দিন ৰিচাৰ্জ নকৰিলে বন্ধ হয় চিম কাৰ্ড, জানো আহক
গৰৈমাৰীৰ জোৰশিমুলীত ৬ টাকৈ ড্ৰাগছ কণ্টেইনাৰসহ ড্ৰাগছ সৰবৰাহকাৰীক আটক
স্বাধীনতা দিৱস উপলক্ষে মায়ঙৰ পবিতৰা অভয়াৰণ্যত নাও খেল প্ৰতিযোগিতা