--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মাহিয়া মাহী৷ বাংলাদেশৰ এইগৰাকী অভিনেত্ৰী ভাৰততো বেছ জনপ্ৰিয়৷ বাংলাদেশী অভিনেত্ৰী মাহিয়া মাহীক শনিবাৰে নিশা গ্ৰেপ্তাৰৰ পিছতে জামিনত মুক্তি দিয়া হয়৷  ডিজিটেল সুৰক্ষা আইনৰ অধীনত নায়িকাগৰাকীৰ বিৰুদ্ধে আৰক্ষীয়ে ৰুজু কৰা গোচৰৰ ভিত্তিত মাহীক গ্ৰেপ্তাৰ কৰা হৈছিল। আৰক্ষীয়ে অভিনেত্ৰীগৰাকীক শনিবাৰে পুৱা প্ৰায় ১১:৪৫ বজাত ঢাকাৰ হজৰত শ্বাহজালাল আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা গ্ৰেপ্তাৰ কৰিছিল। 

ঢাকা আৰক্ষীৰ সূত্ৰ অনুসৰি অভিনেত্ৰীগৰাকী চৌদি আৰৱৰ পৰা ঘৰলৈ উভতি অহাৰ সময়তে বিমান বন্দৰত তেওঁক গ্ৰেপ্তাৰ কৰা হয়। অৱশ্যে মাহীয়ে শনিবাৰে নিশা জামিন লাভ কৰিবলৈ সক্ষম হয়। অভিনেত্ৰীগৰাকীক আৰক্ষীয়ে নিশা প্ৰায় ৮ বজাত মুকলি কৰি দিয়ে।গাজীপুৰ জিলা কাৰাগাৰৰ অধীক্ষক আনৱাৰুল কৰিমে কয়, "আমি মাহীক কাৰাগাৰলৈ লৈ আহিছিলো। পিছত, তেওঁৰ জামিনৰ কাগজবোৰ চাই ঘৰৰ লোকক গতাই দিছো’’

গাজীপুৰ মেট্ৰ'পলিটান পুলিচে শনিবাৰে আবেলি মাহীক গ্ৰেপ্তাৰ কৰিছিল। পিছত অভিনেত্ৰীগৰাকীক সাত দিনৰ ৰিমাণ্ড বিচাৰি গাজীপুৰ দণ্ডাধীশৰ আদালতলৈ প্ৰেৰণ কৰা হৈছিল। শুনানিৰ পিছত তেওঁক সংশোধনী গৃহলৈ লৈ যোৱা হৈছিল।গাজীপুৰ মেট্ৰ'পলিটান মেজিষ্ট্ৰেট আদালত-৫ ৰ ন্যায়াধীশ ইকবাল হোছেইনে দুটাকৈ গোচৰত মাহীক জামিন প্ৰদান কৰে।বাংলাদেশী অভিনেত্ৰী মাহিয়া মাহীয়ে শুক্ৰবাৰে নিশা সামাজিক মাধ্যমত পোনপটীয়াকৈ  কিছু কথা কৈছিল। 

তেওঁ অভিযোগ কৰিছিল যে তেওঁলোকৰ গাড়ীৰ শ্ব'ৰুমত হোৱা আক্ৰমণৰ নেতৃত্ব দিছিল স্থানীয় চুবুৰীয়া ইছমাইল হোছেইন ওৰফে লাদেন আৰু মামুন সৰকাৰে। অভিনেত্ৰীগৰাকীয়ে লগতে অভিযোগ কৰিছিল যে আক্ৰমণকাৰীসকলে শ্ব'ৰুমৰ বিভিন্ন আচবাব, দুৱাৰ আৰু খিৰিকীৰ কাঁচ, মেজ আৰু চকী ধ্বংস কৰিছিল। বাংলাদেশী সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি  মাহীয়ে গাজীপুৰ আৰক্ষী থানাই 'উৎকোচ' লোৱাৰো অভিযোগ উত্থাপন কৰিছিল।ইয়াৰ পিছতে তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছিল৷ মাহিয়া মাহী ন মাহৰ গৰ্ভৱতী বুলিও জানিব পৰা গৈছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
৭ মাহ পূৰ্বে পাতিছিল বিয়া; জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ছিপাঝাৰৰ বিশ্বজিৎ কলিতা
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ