--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পুত্ৰৰ সৈতে টুইটাৰত আৱেগিক প’ষ্ট কৰিছে ধনকুবেৰ এলন মাস্কে। দুবছৰমান আগতে তেওঁ পুত্ৰসন্তানৰ পিতৃ হৈছিল। তেতিয়াৰ পৰাই তেওঁ পুত্ৰৰ সৈতে বিভিন্ন মৰমৰ মুহূৰ্তৰ ছবি শ্বেয়াৰ কৰি আহিছে।

শনিবাৰে সপ্তাহান্তিকৰ সময়তো মাস্কে শ্বেয়াৰ কৰিছে পিতৃ-পুত্ৰই অকলে সময় কটোৱা এনে এক মুহূৰ্তৰ ছবি। এখন ফটোত দেখা গৈছে পুত্ৰক কোলাত লৈ এলনে কিবা কৈ আছে। আন এখনত পুত্ৰক লৈ আইনাত চেল্ফী তুলিছে। আকৌ আন এখনত এলন মাস্কে মাইক্ৰ’ফোনত কিবা কৈ থাকোতে পুত্ৰই দুষ্টামি কৰিছে। আন এখন ফটোত দুয়ো ক’ৰবালৈ চাই আছে।



ফটোসমূহ শ্বেয়াৰ কৰি এলন মাস্কে লিখিছে 'আৰ্ক এঞ্জেল-১২’। ইয়াৰ পৰা বুজা যায় যে বৰ্তমান পুত্ৰসন্তানৰ স’তে ধনকুবেৰজন বৰ্তমান সুখৰ জীৱন অতিবাহিত কৰিছে।

জন্মৰ পৰাই চৰ্চাত আছে এলন মাস্কৰ পুত্ৰ। কেৱল ধনকুবৰৰ পুত্ৰ হোৱাৰ বাবেই তেওঁৰ চৰ্চা হোৱা নাই। ইলন আৰু তেওঁৰ পত্নী গ্ৰাইমছে দিয়া সন্তানৰ নামটোক লৈ চৰ্চাত আছিল। কাৰণ সেই নামটো উচ্চাৰণ কৰিব নোৱাৰি, আনকি নামটোৰ অৰ্থও নাই।

শেষত এলনে নিজেই নিজৰ পুত্ৰৰ নামৰ ৰহস্য সমাধান কৰিবলগীয়া হৈছিল। তেওঁ কৈছিল যে তেওঁৰ পুত্ৰৰ নাম উচ্চাৰণ হ’ব, ‘এক্স এছ এ টুৱেলভ’। তেওঁ কয় যে তেওঁৰ পুত্ৰৰ নাম তেওঁৰ পত্নী গ্ৰাইমছে বাছি লৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস