--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: পাঁচ ঘন্টা ধৰি সন্ধানহীন হৈ থকাৰ পাছত অৱশেষত সন্ধান পোৱা গৈছে পাকিস্তানৰ বায়ু সেনাৰ এখন গুৰুত্বপূৰ্ণ বিমানৰ। দেশখনৰ জ্যেষ্ঠ সামৰিক বিষয়াসকলক কঢ়িয়াই নিয়াৰ সময়তে পাকিস্তান আৰ্মি এভিয়েচন কৰ্পৰ এখন হেলিকপ্টাৰ নিখোজ হৈ পৰিছিল। এই হেলিকপ্টাৰখন বেলুচিস্তানৰ উইন্দাৰ আৰু চাচি পুন্নু শ্ৰাইনৰ মাজত দুৰ্ঘটনাগ্ৰস্ত হৈছিল বুলি জানিব পৰা গৈছে।

সংবাদ সংস্থা বেলুচিস্তান পোষ্টৰ মতে, সন্ধানহীন হেলিকপ্টাৰখন উইন্দাৰ আৰু চাচি পুন্নু শ্ৰাইনৰ মাজত দুৰ্ঘটনাত পতিত হৈছিল। বৰ্তমানলৈকে দুৰ্ঘটনাগ্ৰস্ত হেলিকপ্টাৰখন উদ্ধাৰৰ বাবে কোনো উদ্ধাৰকাৰীৰ দল দুৰ্ঘটনাস্থলীত উপস্থিত হোৱা নাই বুলি সংবাদ সংস্থাটোৱে দাবী কৰিছে।

উল্লেখ্য যে পাকিস্তানৰ ১২ টা সামৰিক বাহিনীৰ কমাণ্ডাৰ লেফটেনেণ্ট জেনেৰেল চৰফৰাজ আলীও সন্ধানহীন হেলিকপ্টাৰখনত আছিল। তেওঁৰ লগতে বিমানখনত আন পাঁচ গৰাকী সেনা বিষয়াই বিমানখনত যাত্ৰা কৰিছিল বুলি পাকিস্তান আৰ্মিয়ে প্ৰকাশ কৰিছে।

আনহাতে পাক সেনাই এতিয়ালৈকে এই দুৰ্ঘটনা সম্পৰ্কে নিশ্চিত কৰা নাই। অৱশ্যে তেওঁলোকে হেলিকপ্টাৰখন নিৰুদ্দেশ হোৱাৰ খবৰটো স্বীকাৰ কৰিছে। পাকিস্তান সেনাৰ মতে, হেলিকপ্টাৰখন লাচবেলাত বান সাহায্য অভিযানত জড়িত আছিল আৰু ই পাঁচ ঘণ্টাতকৈও অধিক সময় পূৰ্বে বিমানখন সন্ধানহীন হৈছিল।

এক টুইট যোগে পাক সেনাই কয় যে বেলুচিস্তানৰ লাচবেলাত বান সাহায্য অভিযানত থকাৰ সময়তে পাকিস্তান সেনাৰ এখন হেলিকপ্টাৰে এয়াৰ ট্ৰেফিক কন্ট্ৰলাৰৰ সৈতে সম্পৰ্ক হেৰুৱাইছিল।
বেলুচিস্তানত বান সাহায্য অভিযানত তদাৰক কৰি থকা পাকিস্তানৰ ১২ টা সামৰিক বাহিনীৰ কমাণ্ডাৰকে ধৰি ছয়জন ব্যক্তি বিমানত আছিল বুলি সেনাই উল্লেখ কৰিছে। এই সন্দৰ্ভত তালাচী অভিযান চলাই থকা হৈছে বুলি সেনাই লগতে কয়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অধিনায়কত্ব হেৰুৱাব পাৰে সূৰ্যকুমাৰ যাদৱে
দিল্লীত দেশৰ ভিতৰত প্ৰথম ৮ লেনৰ এলিভেটেড হাইৱে' মুকলি কৰিলে প্ৰধানমন্ত্ৰীয়ে
বিশ্ব টাইকোৱাণ্ডোত অসমৰ ৰ'দালিৰ চমক
দ্রুত গতিত গলিছে হিমালয়ৰ হিমবাহ, হিমালয়ান অঞ্চলত ডাৱৰ বিস্ফোৰণ
স্বদেশলৈ উভতিল শুভাংশু শুক্লা ; প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰাৰ সম্ভাৱনা শুভাংশুৰ
উত্তৰ প্ৰদেশৰ এই জিলাৰ নাম হ’ব সলনি! যোগী আদিত্যনাথক অনুৰোধ মধ্য প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক