--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: পাঁচ ঘন্টা ধৰি সন্ধানহীন হৈ থকাৰ পাছত অৱশেষত সন্ধান পোৱা গৈছে পাকিস্তানৰ বায়ু সেনাৰ এখন গুৰুত্বপূৰ্ণ বিমানৰ। দেশখনৰ জ্যেষ্ঠ সামৰিক বিষয়াসকলক কঢ়িয়াই নিয়াৰ সময়তে পাকিস্তান আৰ্মি এভিয়েচন কৰ্পৰ এখন হেলিকপ্টাৰ নিখোজ হৈ পৰিছিল। এই হেলিকপ্টাৰখন বেলুচিস্তানৰ উইন্দাৰ আৰু চাচি পুন্নু শ্ৰাইনৰ মাজত দুৰ্ঘটনাগ্ৰস্ত হৈছিল বুলি জানিব পৰা গৈছে।

সংবাদ সংস্থা বেলুচিস্তান পোষ্টৰ মতে, সন্ধানহীন হেলিকপ্টাৰখন উইন্দাৰ আৰু চাচি পুন্নু শ্ৰাইনৰ মাজত দুৰ্ঘটনাত পতিত হৈছিল। বৰ্তমানলৈকে দুৰ্ঘটনাগ্ৰস্ত হেলিকপ্টাৰখন উদ্ধাৰৰ বাবে কোনো উদ্ধাৰকাৰীৰ দল দুৰ্ঘটনাস্থলীত উপস্থিত হোৱা নাই বুলি সংবাদ সংস্থাটোৱে দাবী কৰিছে।

উল্লেখ্য যে পাকিস্তানৰ ১২ টা সামৰিক বাহিনীৰ কমাণ্ডাৰ লেফটেনেণ্ট জেনেৰেল চৰফৰাজ আলীও সন্ধানহীন হেলিকপ্টাৰখনত আছিল। তেওঁৰ লগতে বিমানখনত আন পাঁচ গৰাকী সেনা বিষয়াই বিমানখনত যাত্ৰা কৰিছিল বুলি পাকিস্তান আৰ্মিয়ে প্ৰকাশ কৰিছে।

আনহাতে পাক সেনাই এতিয়ালৈকে এই দুৰ্ঘটনা সম্পৰ্কে নিশ্চিত কৰা নাই। অৱশ্যে তেওঁলোকে হেলিকপ্টাৰখন নিৰুদ্দেশ হোৱাৰ খবৰটো স্বীকাৰ কৰিছে। পাকিস্তান সেনাৰ মতে, হেলিকপ্টাৰখন লাচবেলাত বান সাহায্য অভিযানত জড়িত আছিল আৰু ই পাঁচ ঘণ্টাতকৈও অধিক সময় পূৰ্বে বিমানখন সন্ধানহীন হৈছিল।

এক টুইট যোগে পাক সেনাই কয় যে বেলুচিস্তানৰ লাচবেলাত বান সাহায্য অভিযানত থকাৰ সময়তে পাকিস্তান সেনাৰ এখন হেলিকপ্টাৰে এয়াৰ ট্ৰেফিক কন্ট্ৰলাৰৰ সৈতে সম্পৰ্ক হেৰুৱাইছিল।
বেলুচিস্তানত বান সাহায্য অভিযানত তদাৰক কৰি থকা পাকিস্তানৰ ১২ টা সামৰিক বাহিনীৰ কমাণ্ডাৰকে ধৰি ছয়জন ব্যক্তি বিমানত আছিল বুলি সেনাই উল্লেখ কৰিছে। এই সন্দৰ্ভত তালাচী অভিযান চলাই থকা হৈছে বুলি সেনাই লগতে কয়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
লিডুত ডাম্পাৰ আৰু টাটা বাহনৰ মুখামুখি সংঘৰ্ষ; তিনিজন গুৰুতৰভাৱে আহত
ৰাতি ভালদৰে শোৱাৰ পিছতো পুৱা এলাহ ভাৱ থাকে নেকি? সমাধান জানি লওক
ভাৰতীয় পাইলট স্মিত মাচ্ছৰ সাহসিকতাত ৰক্ষা পৰিল ১৭৪ জীৱন
বিলুপ্তিৰ দিশে অসমৰ আপুৰুগীয়া চৰাই ‘কাঠনি বোৱাৰী’
মহানগৰীত ‘এক দিন, এক ঘণ্টা, এক সাথ’ শীৰ্ষক শ্ৰমদান কাৰ্যসূচী ৰূপায়ণ; মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰৰ অংশগ্ৰহণ
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু