--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সমগ্ৰ উত্তৰ ভাৰতত বান পৰিস্থিতিৰ অধিক অৱনতচি ঘটিছে। দিল্লীৰ পৰা পঞ্জাৱ, উত্তৰাখণ্ড বা উত্তৰ প্ৰদেশ, অসমত বানৰ সংহাৰ অব্যাহত আছে। চলিত বানত দেশৰ কেইবাখনো ৰাজ্যই যথেষ্ট লোকচানৰ সন্মুখীন হৈছে। কেৱল হিমাচল প্ৰদেশতে বানৰ  ফলত ১২০  জনৰো অধিক লোকৰ মৃত্যু হৈছে। হিমাচলৰ বহু ঠাইত ৰাস্তা, দলং আৰু ঘৰ ক্ষতিগ্ৰস্ত হৈছে।

 ২৪ জুনত হিমাচল প্ৰদেশত প্ৰথমে বানৰ সৃষ্টি হৈছিল। তেতিয়াৰে  পৰা পৰিসংখ্যাই দেখুৱাইছে যে ৰাজ্যখনে মুঠ ৪,৬৩৬  কোটি টকাৰ লোকচান ৰক্ষা হৈছে।সোমবাৰে কুল্লুৰ এখন গাঁৱত ডাৱৰ বিস্ফোৰণ ঘটি প্ৰলয়ৰ সৃষ্টি হয়। এই প্ৰলয়ত এজন  লোকৰ মৃত্যু হয়। আন তিনিজন আহত হয়। হঠাতে নামি অহা পানীৰ ঢলে পথৰ  কিছু অংশ খহাই নিয়ে। ফলত যোগাযোগ বন্ধ হৈ পৰে। প্ৰশাসনে বহুলোকক উদ্ধাৰ কৰিছে আৰু  সুৰক্ষিত স্থানলৈ প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰিছে। 

হিমাচল প্ৰদেশৰ লগতে উত্তৰাখণ্ডৰ বান  পৰিস্থিতিও  শোচনীয় হৈ পৰিছে। নেৰানেপেৰা বৰষুণৰ ফলত গঙ্গাৰ পানীৰ স্তৰ বৃদ্ধি পাইছে। পাহাৰীয়া নদীবোৰ বিপদসীমাৰ ওপৰেৰে বৈ আছে। প্ৰশাসনে দেৱপ্ৰয়াগ আৰু হৰিদ্বাৰত গঙ্গাৰ পৰিস্থিতিৰ বিষয়ে মানহক সতৰ্ক কৰি দিছে। গঙ্গাৰ পানীৰ স্তৰ ৪৬৩.২০  মিটাৰত উপনীত হৈছে, যাৰ ফলত সঙ্গম ঘাট, ৰামকুণ্ড, ফুলদি ঘাটৰ দৰে অঞ্চল প্লাৱিত হৈছে। হৰিদ্বাৰত গংগা ভয়ংকৰ ৰূপত প্ৰাবাহিত হৈছে।

বতৰ বিজ্ঞান বিভাগৰ মতে  হিমাচল প্ৰদেশ আৰু উত্তৰাখণ্ডত  এতিয়াই বৰষুণ বন্ধ হোৱাৰ সম্ভাৱনা নাই।  অহা কেইদিনমানৰ বাবে দুয়োখন ৰাজ্যতে ধাৰাসাৰৰ পৰা অতি ধাৰাসাৰ বৰষুণ হ'ব। ফলস্বৰূপে নদীৰ পানী আৰু বৃদ্ধি হ'ব পাৰে।





 




FOLLOW US F
POPULAR
FEATURE
TRENDY
মুস্তাক খানৰ দুষ্কৰ্ম! ছ'চিয়েল মিডিয়াত ছোৱালীৰ নামত ফেক একাউণ্ট খুলি বহু পুৰুষক ব্লেকমেইল
সুৰাপান নকৰা লোকৰ মাজতো লিভাৰ কেন্সাৰৰ সম্ভাৱনা বাঢ়িছে! সাৱধান হওক
বাৰাণসীত বৈঠকত বহিল দুই প্রধানমন্ত্রী
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
গাঁৱত বিবাদ! পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া মুছলমান ৰীতি-নীতিৰে হোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু শেষ ৰীতি-নীতি হ'ল হিন্দু পৰম্পৰা অনুসৰি
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
ছট্টিশগড়ত এন এইচ এমৰ ১৪ সহস্রাধিক কৰ্মচাৰীৰ পদত্যাগ
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক
ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’, শীৰ্ষক গ্ৰন্থ উন্মোচন
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে
চীন-ৰাছিয়াৰ মিত্ৰজোঁটক ৰুধিবলৈ মার্কিন সেনাক সষ্টম হোৱাৰ নিৰ্দেশ, পেন্টাগনক সতর্ক হ'বলৈ ক'লে ৰাষ্ট্ৰপতি ট্রাম্পে
যৌৱনে আমনি কৰে-২ৰ পোষ্টাৰ আৰু গীত মুকলি
এক আচৰিত ঘটনা, এগৰাকী প্ৰসূতিয়ে জন্ম দিলে ৫.২ কেজি ওজনৰ দেৱশিশু