--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সমগ্ৰ উত্তৰ ভাৰতত বান পৰিস্থিতিৰ অধিক অৱনতচি ঘটিছে। দিল্লীৰ পৰা পঞ্জাৱ, উত্তৰাখণ্ড বা উত্তৰ প্ৰদেশ, অসমত বানৰ সংহাৰ অব্যাহত আছে। চলিত বানত দেশৰ কেইবাখনো ৰাজ্যই যথেষ্ট লোকচানৰ সন্মুখীন হৈছে। কেৱল হিমাচল প্ৰদেশতে বানৰ  ফলত ১২০  জনৰো অধিক লোকৰ মৃত্যু হৈছে। হিমাচলৰ বহু ঠাইত ৰাস্তা, দলং আৰু ঘৰ ক্ষতিগ্ৰস্ত হৈছে।

 ২৪ জুনত হিমাচল প্ৰদেশত প্ৰথমে বানৰ সৃষ্টি হৈছিল। তেতিয়াৰে  পৰা পৰিসংখ্যাই দেখুৱাইছে যে ৰাজ্যখনে মুঠ ৪,৬৩৬  কোটি টকাৰ লোকচান ৰক্ষা হৈছে।সোমবাৰে কুল্লুৰ এখন গাঁৱত ডাৱৰ বিস্ফোৰণ ঘটি প্ৰলয়ৰ সৃষ্টি হয়। এই প্ৰলয়ত এজন  লোকৰ মৃত্যু হয়। আন তিনিজন আহত হয়। হঠাতে নামি অহা পানীৰ ঢলে পথৰ  কিছু অংশ খহাই নিয়ে। ফলত যোগাযোগ বন্ধ হৈ পৰে। প্ৰশাসনে বহুলোকক উদ্ধাৰ কৰিছে আৰু  সুৰক্ষিত স্থানলৈ প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰিছে। 

হিমাচল প্ৰদেশৰ লগতে উত্তৰাখণ্ডৰ বান  পৰিস্থিতিও  শোচনীয় হৈ পৰিছে। নেৰানেপেৰা বৰষুণৰ ফলত গঙ্গাৰ পানীৰ স্তৰ বৃদ্ধি পাইছে। পাহাৰীয়া নদীবোৰ বিপদসীমাৰ ওপৰেৰে বৈ আছে। প্ৰশাসনে দেৱপ্ৰয়াগ আৰু হৰিদ্বাৰত গঙ্গাৰ পৰিস্থিতিৰ বিষয়ে মানহক সতৰ্ক কৰি দিছে। গঙ্গাৰ পানীৰ স্তৰ ৪৬৩.২০  মিটাৰত উপনীত হৈছে, যাৰ ফলত সঙ্গম ঘাট, ৰামকুণ্ড, ফুলদি ঘাটৰ দৰে অঞ্চল প্লাৱিত হৈছে। হৰিদ্বাৰত গংগা ভয়ংকৰ ৰূপত প্ৰাবাহিত হৈছে।

বতৰ বিজ্ঞান বিভাগৰ মতে  হিমাচল প্ৰদেশ আৰু উত্তৰাখণ্ডত  এতিয়াই বৰষুণ বন্ধ হোৱাৰ সম্ভাৱনা নাই।  অহা কেইদিনমানৰ বাবে দুয়োখন ৰাজ্যতে ধাৰাসাৰৰ পৰা অতি ধাৰাসাৰ বৰষুণ হ'ব। ফলস্বৰূপে নদীৰ পানী আৰু বৃদ্ধি হ'ব পাৰে।





 




FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস