--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আমাৰ সমাজৰ বহু লোকেই অভিযোগ কৰে যে ছোৱালীয়ে চৰকাৰী চাকৰি কৰা মানুহ পালেই বিয়াত বহে। বহু লোকেই বিয়াৰ বাবে চৰকাৰী চাকৰিক মুখ্য মাপকাঠি বুলি ভাবি লয়। একাংশই অভিযোগ কৰে যে চৰকাৰী চাকৰি কৰা দৰা পালে ছোৱালীয়ে বছৰ বছৰ বৰ্তি থকা প্ৰেম ভৰিৰে গচকি প্ৰেমিকক অকলশৰীয়া কৰি এৰি গুচি যায়। কিন্তু য’ত সঁচা প্ৰেম থাকে তাত এনেকুৱা কথাবোৰ খাপ নাখায়। সঁচা প্ৰেমৰ ওচৰত এই সকলোবোৰ দিশ হাৰি যায়। শেহতীয়াকৈ এগৰাকী ২৪ বছৰীয়া যুৱতীয়ে চৰকাৰী চাকৰি কৰা যুৱকৰ বিবাহৰ প্ৰস্তাৱ নাকচ কৰি পিকআপ ভেন চলোৱা প্ৰেমিক ড্ৰাইভাৰৰ সৈতে বিয়াত বহে।

ৰাজস্থানৰ চুৰুত সংঘটিত হৈছে এই ঘটনা। আঠ বছৰীয়া সম্পৰ্কক বচাবলৈ পাৰ্বতী শৰ্মা নামৰ যুৱতীগৰাকীয়ে যোৱা ৭ জুলাইত ঘৰ পৰিত্যাগ কৰি সেইদিনাই তাৰানগৰৰ এটা মন্দিৰত যোগেন্দ্ৰ শৰ্মা নামৰ প্ৰেমিকজনৰ সৈতে বিবাহপাশত আবদ্ধ হয়।

যোগেন্দ্ৰৰ সৈতে বিয়া হোৱাৰ সিদ্ধান্তক পাৰ্বতীৰ পৰিয়ালে মানি নোলোৱা বাবে তেওঁ এই পদক্ষেপ ল’বলৈ বাধ্য হয়। চৰকাৰী কৰ্মচাৰীগৰাকীক বিয়া কৰাবলৈ পৰিয়ালে হেঁচা দিছিল বুলি দাবী কৰে পাৰ্বতী শৰ্মাই।

যোগেন্দ্ৰক বিয়া কৰাই পাৰ্বতীয়ে সুৰক্ষা বিচাৰি চুৰুৰ দুধৱা খৰাত থকা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত উপস্থিত হয়। ইফালে পাৰ্বতীয়ে কয় যে তেওঁৰ ঘৰৰ পৰা ওলাই অহাৰ পিছত পৰিয়ালে তেওঁক নিৰুদ্দেশ হোৱাৰ অভিযোগ দাখিল কৰিছিল। কিন্তু তেওঁ নিৰুদ্দেশ হোৱা নাই মাত্ৰ তেওঁ নিজ প্ৰেমক ৰক্ষা কৰিবৰ বাবেহে ঘৰ এৰি গুচি অহা বুলি স্পষ্ট কৰি দিয়ে আৰক্ষীক।

উল্লেখ্য যে পাৰ্বতী শৰ্মা এম এ পাছ আৰু যোগেন্দ্ৰ শৰ্মাই দ্বাদশ শ্ৰেণীলৈকে পঢ়িছে। বৰ্তমান কৃষি তত্বাৱধায়ক প্ৰতিযোগিতাৰ বাবে প্ৰস্তুতি চলাই আছে ছোৱালীজনীয়ে। পাৰ্বতীৰ মতে, কেইবাজনো ল’ৰাই বিয়াৰ বাবে তেওঁৰ কাষ চাপিছিল। কিন্তু প্ৰেমিক যোগেন্দ্ৰৰ সন্মুখত সেই সকলোবোৰ কথাই অৰ্থহীন যেন লাগিল। এই সকলোবোৰ প্ৰস্তাৱ তেওঁ অস্বীকাৰ কৰিছিল।










FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস