--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বিগত সাত মাহ ধৰি চলি থকা যুদ্ধই প্ৰায় ধ্বংসস্তূপত পৰিণত কৰিছে ইউক্ৰেইনক। ছয়মাহ অতিক্ৰম কৰি সাত মাহত উপনীত হোৱাৰ পিছতো অব্যাহত থকা ৰুছ আক্ৰমণে সলনি কৰি পেলাইছে ইউক্ৰেইনৰ ৰূপ। যুদ্ধবিধ্বস্ত ইউক্ৰেইনৰ ছবিসমূহে ক্ৰন্দনকাতৰ কৰি তুলিছে বিশ্ব সম্প্ৰদায়ক। এই ধ্বংসস্তূপৰ মাজতে দেশখনে পালন কৰিবলৈ সাজু হৈছিল পৰম আকাংক্ষিত স্বাধীনতা দিৱস। শক্তিশালী ৰাছিয়াৰ আক্ৰমণত শিৰণত নকৰি প্ৰবল পৰাক্ৰমে যুঁজ দিয়া ইউক্ৰেনিয়ান সকলৰ বাবে স্বাভাৱিকতেই এইবাৰৰ স্বাধীনতা দিৱসৰ আছিল এক বিশেষ মূল্য।

কিন্তু এই পবিত্ৰ দিনটোৰ সকলো আনন্দ মষিমূৰ কৰি ৰাছিয়াই চৰম সংহাৰ চলালে ইউক্ৰেইনত। দেশখনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কিয়ে বুধবাৰে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদক উদ্দেশ্যি দিয়া এক ভাষণত এই কথা সদৰী কৰিছে। জেলেনস্কিয়ে উল্লেখ কৰা মতে ইউক্ৰেইনৰ ৰেল ষ্টেচনত ৰাছিয়াৰ এক আক্ৰমণত ১৫ গৰাকী লোক নিহত হোৱাৰ লগতে ৫০ গৰাকী আহত হৈছে।

নিৰাপত্তা পৰিষদক উদ্দেশ্যি দিয়া ভাষণৰ মাজতে জেলেনস্কিয়ে কয়, "মই এইমাত্ৰ ডিনিপ্ৰোপেট্ৰভস্ক অঞ্চলৰ এটা ৰেল ষ্টেচনত ৰাছিয়াৰ মিছাইল আক্ৰমণ সংঘটিত হোৱাৰ বিষয়ে তথ্য লাভ কৰিছো। এই আক্ৰমণত কমেও ১৫ জন লোক নিহত আৰু প্ৰায় ৫০ জন আহত হৈছে।” তেওঁ লগতে সেনাৰ উদ্ধাৰকাৰী দল এটাই ঘটনাস্থলীত উদ্ধাৰ অভিযান চলাই থকা বুলি জানিবলৈ দিয়ে।

এই আক্ৰমণৰ ফলশ্ৰুতিত মৃত্যুৰ সংখ্যা বৃদ্ধি পাব পাৰে বুলি আশংকা কৰি জেলেনস্কিয়ে এয়াই এতিয়া দেশখনৰ দৈনন্দিন জীৱনৰ অংশ বুলি নিৰাপত্তা পৰিষদৰ সন্মুখত ক্ষোভ প্ৰকাশ কৰে। ইফালে বুধবাৰে পুৱাৰ ভাগত দেশৰ ৩১ সংখ্যক স্বাধীনতা দিৱসৰ বাবে দেশবাসীক সম্বোধন কৰি জেলেনস্কিয়ে ৰাছিয়ান আক্ৰমণৰ বিৰুদ্ধে ইউক্ৰেইনে শেষলৈকে যুঁজিব বুলি স্পষ্ট কৰি দিছিল।

উল্লেখ্য যে ১৯৯১ চনত ছোভিয়েট ইউনিয়নৰ খণ্ডিতকৰণৰ পিছত ইউক্ৰেইন এক পৃথক ৰাষ্ট্ৰ হিচাপে স্বীকৃত হৈছিল। এই দিনটোৰ স্মৃতিত ইউক্ৰেইনত ২৪ আগষ্টত স্বাধীনতা দিৱস হিচাপে পালন কৰা হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
'বগা-ক'লা' বৈষম্যৰ বিৰুদ্ধে মাত মতা প্রাক্তন মিছ পুডুচেৰীৰ আত্মহত্যা
জয়ৰ সুযোগ থকা সত্ত্বেও পৰাস্ত ভাৰত
৩০০টা নদীবান্ধ ভাঙি পেলালে চীনে
অৱসৰ! আপোনাৰ সুৰক্ষিত ভৱিষ্যতৰ মূল্য কিমান?
সপোন বাস্তৱ হ'ল ! প্ৰথমগৰাকী চৰকাৰী মহিলা গাড়ী চালক হিচাপে পৰিগণিত হ'ল সন্ধ্যাৰাণী
আমগুৰিৰ নামতি চাৰিআলিত বিদ্যুৎস্পৃষ্ট এজন যুৱক
ইংলেণ্ডত শুভমন গিলৰ অভিলেখৰ জোৱাৰ; এইবাৰ ভংগ কৰিলে কোহলীৰ ৰেকৰ্ড
অমৰনাথ গুহাত পাৰযোৰৰ ৰহস্য আঁৰৰ বিষয়ে জানো আহক..
আলফা(স্বাঃ)ৰ শিবিৰত ভাৰতীয় সেনাৰ আক্ৰমণ ; নয়ন অসমৰ মৃত্যু, ১৯গৰাকী কেডাৰ আহত
স্বদেশলৈ উভতিল পেৰাচাইক্লিষ্ট ৰাকেশ বণিক
শিৱাজীয়ে নিৰ্মাণ কৰা ১২টা দুর্গই লাভ কৰিলে 'বিশ্ব ঐতিহ্য'ৰ স্বীকৃতি
হেমপ্রভা চুতীয়াৰ হাতত পুনৰ প্ৰাণ পাই উঠিব ষষ্ঠখন ধর্মগ্রন্থই
কেন্দ্ৰৰ বঞ্চনাত বন্ধ হ'ল টোকোলাই চাহ গৱেষণা কেন্দ্ৰৰ দুটাকৈ গুৰুত্বপূৰ্ণ বিভাগ
নাছাৰ দুই সহস্রাধিক কৰ্মচাৰীক চাটাই কৰিব ট্রাম্পে