--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বিগত সাত মাহ ধৰি চলি থকা যুদ্ধই প্ৰায় ধ্বংসস্তূপত পৰিণত কৰিছে ইউক্ৰেইনক। ছয়মাহ অতিক্ৰম কৰি সাত মাহত উপনীত হোৱাৰ পিছতো অব্যাহত থকা ৰুছ আক্ৰমণে সলনি কৰি পেলাইছে ইউক্ৰেইনৰ ৰূপ। যুদ্ধবিধ্বস্ত ইউক্ৰেইনৰ ছবিসমূহে ক্ৰন্দনকাতৰ কৰি তুলিছে বিশ্ব সম্প্ৰদায়ক। এই ধ্বংসস্তূপৰ মাজতে দেশখনে পালন কৰিবলৈ সাজু হৈছিল পৰম আকাংক্ষিত স্বাধীনতা দিৱস। শক্তিশালী ৰাছিয়াৰ আক্ৰমণত শিৰণত নকৰি প্ৰবল পৰাক্ৰমে যুঁজ দিয়া ইউক্ৰেনিয়ান সকলৰ বাবে স্বাভাৱিকতেই এইবাৰৰ স্বাধীনতা দিৱসৰ আছিল এক বিশেষ মূল্য।

কিন্তু এই পবিত্ৰ দিনটোৰ সকলো আনন্দ মষিমূৰ কৰি ৰাছিয়াই চৰম সংহাৰ চলালে ইউক্ৰেইনত। দেশখনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কিয়ে বুধবাৰে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদক উদ্দেশ্যি দিয়া এক ভাষণত এই কথা সদৰী কৰিছে। জেলেনস্কিয়ে উল্লেখ কৰা মতে ইউক্ৰেইনৰ ৰেল ষ্টেচনত ৰাছিয়াৰ এক আক্ৰমণত ১৫ গৰাকী লোক নিহত হোৱাৰ লগতে ৫০ গৰাকী আহত হৈছে।

নিৰাপত্তা পৰিষদক উদ্দেশ্যি দিয়া ভাষণৰ মাজতে জেলেনস্কিয়ে কয়, "মই এইমাত্ৰ ডিনিপ্ৰোপেট্ৰভস্ক অঞ্চলৰ এটা ৰেল ষ্টেচনত ৰাছিয়াৰ মিছাইল আক্ৰমণ সংঘটিত হোৱাৰ বিষয়ে তথ্য লাভ কৰিছো। এই আক্ৰমণত কমেও ১৫ জন লোক নিহত আৰু প্ৰায় ৫০ জন আহত হৈছে।” তেওঁ লগতে সেনাৰ উদ্ধাৰকাৰী দল এটাই ঘটনাস্থলীত উদ্ধাৰ অভিযান চলাই থকা বুলি জানিবলৈ দিয়ে।

এই আক্ৰমণৰ ফলশ্ৰুতিত মৃত্যুৰ সংখ্যা বৃদ্ধি পাব পাৰে বুলি আশংকা কৰি জেলেনস্কিয়ে এয়াই এতিয়া দেশখনৰ দৈনন্দিন জীৱনৰ অংশ বুলি নিৰাপত্তা পৰিষদৰ সন্মুখত ক্ষোভ প্ৰকাশ কৰে। ইফালে বুধবাৰে পুৱাৰ ভাগত দেশৰ ৩১ সংখ্যক স্বাধীনতা দিৱসৰ বাবে দেশবাসীক সম্বোধন কৰি জেলেনস্কিয়ে ৰাছিয়ান আক্ৰমণৰ বিৰুদ্ধে ইউক্ৰেইনে শেষলৈকে যুঁজিব বুলি স্পষ্ট কৰি দিছিল।

উল্লেখ্য যে ১৯৯১ চনত ছোভিয়েট ইউনিয়নৰ খণ্ডিতকৰণৰ পিছত ইউক্ৰেইন এক পৃথক ৰাষ্ট্ৰ হিচাপে স্বীকৃত হৈছিল। এই দিনটোৰ স্মৃতিত ইউক্ৰেইনত ২৪ আগষ্টত স্বাধীনতা দিৱস হিচাপে পালন কৰা হয়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
লিডুত ডাম্পাৰ আৰু টাটা বাহনৰ মুখামুখি সংঘৰ্ষ; তিনিজন গুৰুতৰভাৱে আহত
ৰাতি ভালদৰে শোৱাৰ পিছতো পুৱা এলাহ ভাৱ থাকে নেকি? সমাধান জানি লওক
ভাৰতীয় পাইলট স্মিত মাচ্ছৰ সাহসিকতাত ৰক্ষা পৰিল ১৭৪ জীৱন
বিলুপ্তিৰ দিশে অসমৰ আপুৰুগীয়া চৰাই ‘কাঠনি বোৱাৰী’
মহানগৰীত ‘এক দিন, এক ঘণ্টা, এক সাথ’ শীৰ্ষক শ্ৰমদান কাৰ্যসূচী ৰূপায়ণ; মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰৰ অংশগ্ৰহণ
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু