--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কিছুমানে শুই উঠি চাহৰ সলনি কফিৰ চুমুক দি ভাল পায়। কফি শ্বপত ঘণ্টাৰ পিছত ঘণ্টা আড্ডা দিবলৈ অধিক উৎসাহী হৈ পৰে নৱপ্ৰজন্ম। তালৈ লক্ষ্য ৰাখিয়ে 'ষ্টাৰবাকছ’-এ বজাৰলৈ আনিছে বিভিন্নধৰণৰ কফি।

কোনোৱে বিশুদ্ধ ক’লা কফি ভাল পায়, কোনোৱে ঠাণ্ডা কফি ভাল পায়। কিন্তু আপুনি কেতিয়াবা ভাবিছেনে কফিত অলিভ অইলৰ সোৱাদ কেনেকুৱা হ’ব? এইবাৰ ‘ষ্টাৰবাকছ’-এ গ্ৰাহকৰ বাবে আনিছে অলিভ অইল কফি। এই নতুন সোৱাদযুক্ত কফি কেৱল ইটালীত উপলব্ধ হৈছে। কেইদিনমানৰ পিছত আমেৰিকাতো উপলব্ধ হ’ব। অৱশ্যে ভাৰতীয় বজাৰলৈ কেতিয়া আহিব সেই সন্দৰ্ভত স্পষ্টকৈ একো কোৱা নাই কোম্পানীটোৱে।

অহা এপ্ৰিল মাহত ষ্টাৰবাকছৰ চিইঅ’ পদৰ পৰা পদত্যাগ কৰিব হাৱাৰ্ড শ্বাল্টজে। অৱসৰৰ আগতে হাৱাৰ্ডে নতুন কফিৰ প্ৰচলন কৰিছে। অলিভ অইলৰ সৈতে মিহলি কৰা এই কফিবিধ ইটালীৰ ২০টা ষ্ট’ৰত উপলব্ধ। Oliato নামৰ এই কফিবিঘধ ঠাণ্ডা আৰু গৰম দুয়োটা ৰূপতে উপলব্ধ।

এই কফিৰ সোৱাদ কেনেকুৱা হ’ব? হাৱাৰ্ড শ্বাল্টজে কয়, “যেতিয়া মই প্ৰথমবাৰৰ বাবে এই কফিৰ সোৱাদ লৈছিলো, তেতিয়া মই যথেষ্ট আচৰিত হৈছিলো। অতি সোৱাদযুক্ত পানীয়! এবাৰ এই কফি খালে মুখত সোৱাদটো বহুদিন থাকিব।’’

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰত-পাকিস্তানৰ দ্বিপাক্ষিক খেল নহ'ব, আন্তঃৰাষ্ট্ৰীয় প্রতিযোগিতাত নতুন নীতি ঘোষণা ক্রীড়া মন্ত্ৰ্যালয়ৰ
মুখ্যমন্ত্রী ফড়নবিছক সাক্ষাৎ ৰাজ থাকৰেৰ! মহাৰাষ্ট্ৰত পুনৰ ৰাজনৈতিক সমীকৰণ সলনিৰ সম্ভাৱনা
ৰাজ্যত এতিয়াৰ পৰা ১৮ বছৰৰ ওপৰৰ কোনো নাগৰিকে নতুনকৈ নাপাব আধাৰ কাৰ্ড
ৰাষ্ট্ৰপতি মেক্ৰনৰে প্ৰধানমন্ত্ৰী মোদীৰ বাৰ্তালাপ; ভাৰত-ফ্ৰান্সৰ কৌশলগত সহযোগিতা বৃদ্ধিত গুৰুত্ব
দেৰগাঁৱৰ জাফ্ৰিনা ৰহমানৰ মৃত্যু হত্যা নে আত্মহত্যা? অভিযুক্ত স্বামী আৰক্ষী বাবেই সাৰি যাব নেকি?
শিলচৰত মৰ্মান্তিক ঘটনা! পুত্ৰই কৰা অপৰাধ সহ্য কৰিব নোৱাৰি চৰম সিদ্ধান্ত পিতৃৰ
বাৰ্ড ফ্লু হ’লে কণী খাব পাৰি নে? ই কিমান নিৰাপদ?
কিমান দিন ৰিচাৰ্জ নকৰিলে বন্ধ হয় চিম কাৰ্ড, জানো আহক
গৰৈমাৰীৰ জোৰশিমুলীত ৬ টাকৈ ড্ৰাগছ কণ্টেইনাৰসহ ড্ৰাগছ সৰবৰাহকাৰীক আটক
স্বাধীনতা দিৱস উপলক্ষে মায়ঙৰ পবিতৰা অভয়াৰণ্যত নাও খেল প্ৰতিযোগিতা
স্বাধীনতা দিৱসৰ দিনটোতে আৰক্ষীৰ জালত পৰিল স্বাধীন বৰা সহ চাৰি ড্ৰাগছ সৰবৰাহকাৰী
শোৱাৰ সময়ত তলুৱাত বিষ আৰু জ্বলা-পোৰা হয় যদি ইয়াক আওকাণ নকৰিব
বিখ্যাত সাঁতোৰবিদ বুলা চৌধুৰীৰ ঘৰত ৫ বাৰকৈ চুৰিকাণ্ড! পদ্মশ্ৰী বঁটা, ৰাষ্ট্ৰপতিৰ বঁটা,  কেইবাটাও সোণ, ৰূপ আৰু ব্ৰঞ্জৰ পদক আৰু বিদেশী বঁটা চুৰি
ট্ৰাম্প-পুটিনৰ বৈঠক: ৰাছিয়াৰ Ilyushin Il-96 বিমান আলাস্কাত অৱতৰণ কৰাক লৈ চৰ্চা