--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কিছুমানে শুই উঠি চাহৰ সলনি কফিৰ চুমুক দি ভাল পায়। কফি শ্বপত ঘণ্টাৰ পিছত ঘণ্টা আড্ডা দিবলৈ অধিক উৎসাহী হৈ পৰে নৱপ্ৰজন্ম। তালৈ লক্ষ্য ৰাখিয়ে 'ষ্টাৰবাকছ’-এ বজাৰলৈ আনিছে বিভিন্নধৰণৰ কফি।

কোনোৱে বিশুদ্ধ ক’লা কফি ভাল পায়, কোনোৱে ঠাণ্ডা কফি ভাল পায়। কিন্তু আপুনি কেতিয়াবা ভাবিছেনে কফিত অলিভ অইলৰ সোৱাদ কেনেকুৱা হ’ব? এইবাৰ ‘ষ্টাৰবাকছ’-এ গ্ৰাহকৰ বাবে আনিছে অলিভ অইল কফি। এই নতুন সোৱাদযুক্ত কফি কেৱল ইটালীত উপলব্ধ হৈছে। কেইদিনমানৰ পিছত আমেৰিকাতো উপলব্ধ হ’ব। অৱশ্যে ভাৰতীয় বজাৰলৈ কেতিয়া আহিব সেই সন্দৰ্ভত স্পষ্টকৈ একো কোৱা নাই কোম্পানীটোৱে।

অহা এপ্ৰিল মাহত ষ্টাৰবাকছৰ চিইঅ’ পদৰ পৰা পদত্যাগ কৰিব হাৱাৰ্ড শ্বাল্টজে। অৱসৰৰ আগতে হাৱাৰ্ডে নতুন কফিৰ প্ৰচলন কৰিছে। অলিভ অইলৰ সৈতে মিহলি কৰা এই কফিবিধ ইটালীৰ ২০টা ষ্ট’ৰত উপলব্ধ। Oliato নামৰ এই কফিবিঘধ ঠাণ্ডা আৰু গৰম দুয়োটা ৰূপতে উপলব্ধ।

এই কফিৰ সোৱাদ কেনেকুৱা হ’ব? হাৱাৰ্ড শ্বাল্টজে কয়, “যেতিয়া মই প্ৰথমবাৰৰ বাবে এই কফিৰ সোৱাদ লৈছিলো, তেতিয়া মই যথেষ্ট আচৰিত হৈছিলো। অতি সোৱাদযুক্ত পানীয়! এবাৰ এই কফি খালে মুখত সোৱাদটো বহুদিন থাকিব।’’

FOLLOW US F
POPULAR
FEATURE
TRENDY
উচ্চতম ন্যায়ালয়ত আছে বৃহৎ সংখ্যক দুর্নীতিপৰায়ণ ন্যায়াধীশ: দুষ্যন্ত দাৱে
হোজাই নিউ ডন ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ অধ্যক্ষ অভিজিত সিংহৰ অকাল বিয়োগ
লামডিঙত চাঞ্চল্য! প্ৰেমজনিত কাৰণত বিষাক্ত দ্ৰব্য সেৱন দশম শ্ৰেণীৰ ছাত্ৰীৰ, হাস্পতালত ভৰ্তি
৭ মাহ পূৰ্বে পাতিছিল বিয়া; জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ছিপাঝাৰৰ বিশ্বজিৎ কলিতা
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন