--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ঘৰ পৰিষ্কাৰ কৰাৰ বাবে যিবোৰ আহিলাৰ প্ৰয়োজন হয় সেই আহিলাবোৰৰ ভিতৰত অন্যতম হৈছে বাঢ়নী বা ঝাড়ু। ঝাড়ু অবিহনে আমি ঘৰ পৰিষ্কাৰ কৰিব নোৱাৰোঁ। সেয়ে ঝাড়ু ঘৰ এখনৰ এৰাব নোৱাৰা অংগ। অৱশ্যে ঝাড়ু কেতিয়াও চকুৰ সন্মুখত ৰাখিব নালাগে। ঝাড়ুৰে যিহেতু আৱৰ্জনা আদি পৰিষ্কাৰ কৰা হয় সেয়ে ঝাড়ুৰ পৰা অনবৰতে অশুভ শক্তি নিৰ্গত হৈ থাকে। 

ঝাড়ু যদি চকুত পৰা ঠাইত ৰখা হয় তেন্তে সেই অশুভ শক্তিয়ে মানুহৰ মনৰ ওপৰত ক্ৰিয়া বিস্তাৰ কৰিব পাৰে। সেইবাবে ফেংছুইয়ে ঝাড়ু সদায় চকুৰ আঁতৰ কৰি ৰখাৰ বিধান দিছে। ঝাড়ুসদায় বিছনাৰ তল অথবা ঘৰৰ কোনো চুকত ৰাখিলে সেয়া চকুৰ আৰ হৈ থাকে। 

ঝাড়ু যদি চকুত পৰা ঠাইত ৰখা হয় তেন্তে ঘৰৰ সমৃদ্ধিত বাধাৰ সৃষ্টি হয় আৰু পৰিয়ালৰ সদস্যসকল বিভিন্ন ৰোগ-ব্যাধিত আক্ৰান্ত হোৱাৰ আশংকা থাকে। ৰাতি যদি ঝাড়ু ঘৰৰ প্ৰধান দুৱাৰৰ বাহিৰত ওলোটাকৈ ৰাখে তেন্তে সেয়া ফেংছুইৰ মতে শুভ ফলদায়ক। 

অৱশ্যে দিনৰ ভাগত ঝাড়ু কেতিয়াও ঘৰৰ বাহিৰত ৰাখিব নালাগে । দিনৰ ভাগত ঝাড়ু ঘৰৰ বাহিৰত ৰাখিলে ঘৰৰ সৌভাগ্য তথা সমৃদ্ধি ঘৰৰ বাহিৰলৈ ওলাই যায় বুলি কোৱা হয়৷ 

FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ