--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আমি সকলোৱে গছ ৰোপণ কৰি ভাল পাওঁ। বৰ্তমান পৰিৱেশৰ অৱস্থা দেখি বহুতে কয় যে পৰিৱেশ অনুকূল গছ-গছনি ঘৰতে ৰোপণ কৰিব লাগে। পৰিৱেশ সুস্থিৰ কৰি ৰাখিবৰ বাবে নাছাই কেইবাজোপা উদ্ভিদৰ তালিকা প্ৰস্তুত কৰিছে য’ত এলোভেৰা উদ্ভিদো অন্তৰ্ভুক্ত। সৌন্দৰ্যচৰ্চাতো এল’ভেৰা ব্যৱহাৰ হয়। কিন্তু বাস্তু বিশেষজ্ঞসকলে কয় যে এলোভেৰা উদ্ভিদে ঘৰলৈ যথেষ্ট অক্সিজেন অনাই নহয়, এলোভেৰাই ঘৰখনক নতুন গতিও প্ৰদান কৰে। 

বাস্তু বিশেষজ্ঞসকলৰ মতে এই গছ ৰোপণৰ নিয়ম হ’ল –

১) বাস্তু বিশেষজ্ঞসকলে কয় যে এই গছজোপা সদায় পৰিষ্কাৰ ঠাইত ৰোপণ কৰিব লাগে। এই গছজোপা লেতেৰা, অপৰিষ্কাৰ ঠাইত ৰোপণ কৰিলে এক ডাঙৰ বিপদ হ’ব পাৰে।

২) বাস্তু বিশেষজ্ঞসকলে কয় যে ঘৰৰ ভিতৰত এলোভেৰা গছ ৰোপণ কৰিব পাৰিলে ভাল। পাত্ৰত এলোভেৰা গছেৰে ঘৰ সজাই দিলে মনলৈ শান্তি আহে। কোঠাটোত ভাল অক্সিজেন থাকে। যাৰ ফলত কোঠাটোত এক অদ্ভুত ধনাত্মক শক্তিৰ সৃষ্টি হ’ব।

৩) বাস্তু বিশেষজ্ঞৰ মতে প্ৰৱেশদ্বাৰৰ সন্মুখত এলোভেৰা ৰোপণ কৰিলে সকলো ধনাত্মক শক্তি আপোনাৰ ঘৰত প্ৰৱেশ কৰিব। ঋণাত্মক শক্তি ঘৰৰ পৰা ওলাই যাব।

৪) বাস্তু বিশেষজ্ঞৰ ভাষাত যদি আপুনি ঘৰৰ উত্তৰ-পূবত এলোভেৰা ৰোপণ কৰিব পাৰে তেন্তে আপুনি দেখিব আপোনাৰ জীৱনটো কিমান সলনি হৈছে।

এতিয়া এই গছজোপা ৰোপণ কৰিলে আপুনি কেনেদৰে উপকৃত হ’ব জানি লওক-

১) এলোভেৰা গছ ৰোপণ কৰিলে ঘৰলৈ ধনাত্মক শক্তি আহিব, সকলো ঋণাত্মক শক্তি নোহোৱা হৈ যাব।

২) এলোভেৰা গছ ৰোপণ কৰিলে ঘৰত অক্সিজেনৰ মাত্ৰা বহু পৰিমাণে বৃদ্ধি পাব, যাৰ ফলত শৰীৰ আৰু মন বহুত ভালকৈ ৰখাত সহায়ক হ’ব।

৩) বাস্তু বিশেষজ্ঞসকলে কয় যে ঘৰত এলোভেৰা ৰোপণ কৰিলে মানসিক শান্তি অটুট থাকে।

এতিয়া এই গছজোপা ৰোপণ কৰিব জানি লওক-

এই গছজোপাৰ বিশেষ যত্নৰ প্ৰয়োজন নাই, গছজোপা এনে ঠাইত ৰাখক য’ত ই ৰ’দ পায়। মাটি শুকান হ’লে মাজে মাজে পানী দিব লাগে। এনে কৰিলে আপুনি দেখিব যে এই এলোভেৰা গছজোপা বৰ ধুনীয়াকৈ গজিব।








FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত ভয়ংকৰ বান: ৩০ হাজাৰতকৈ অধিক লোক আশ্ৰয় শিবিৰত, অব্যাহত উদ্ধাৰ অভিযান
‘ককৰ’চ’ৰ প্ৰতিবাদ ৰুধিবলৈ বন্ধ কৰিলে দিল্লীৰ ১৬টা মেট্র’ ষ্টেছন
বানৰ কবলত অসম: পৰিস্থিতিৰ ভয়াৱহ অৱনতি, মৃতকৰ সংখ্যা বৃদ্ধি; মুখ্যমন্ত্ৰীৰ ৪ লাখ টকাৰ সাহায্য ঘোষণা
উজনি অসমৰ বান পৰিস্থিতিৰ বুজ ল'লে মুখ্যমন্ত্ৰীয়ে; নাগালেণ্ডৰ সৈতে জলস্তৰ বৃদ্ধি সন্দৰ্ভত আলোচনাৰ ইংগিত
শুক্ৰ গ্ৰহৰ স্থিতি শক্তিশালী কৰিব এই ৪ জোপা উদ্ভিদে; সমৃদ্ধিৰ লগতে লাভ কৰিব দেৱী লক্ষ্মীৰ কৃপা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement