--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃস্নানাগাৰ প্ৰতি খন ঘৰৰে এক অপৰিহাৰ্য অংগ৷ কিন্তু বহুতে ভুল দিশত স্নানাগাৰ নিৰ্মাণ কৰাৰ ফলত ঘৰত নানান বেমেজালিয়ে দেখা দিয়ে৷ সেয়ে ঘৰ খন বাস্তু শাস্ত্ৰই দিয়া বিধান অনুসৰি সজাব পাৰিলে ঘৰৰ সকলোৰে মংগল হয় । 

স্নানাগাৰ আৰু শৌচাগাৰ নিৰ্মাণৰ ক্ষেত্ৰত সেয়ে বাস্তুশাস্ত্র মানি যদি নির্মাণ কার্য সম্পন্ন কৰা হয় তেন্তে গৃহস্থই যথেষ্ট সুফল লাভ কৰিবলৈ সক্ষম হয়। বাস্তু শাস্ত্ৰই স্নানাগাৰ আৰু শৌচাগাৰ নিৰ্মাণৰ কেতবোৰ বিশেষ বিধি দিছে। স্নানাগাৰ নিৰ্মাণৰ ক্ষেত্ৰত ঘৰৰ পূব দিশটো নিৰ্বাচন কৰিব পাৰিলে বেছি ফলদায়ক হয়। যদি পূব দিশত স্নানাগাৰ নিৰ্মাণ কৰিব পৰা নাযায় তেন্তে ঘৰৰ উত্তৰ, পশ্চিম বা উত্তৰ পশ্চিম দিশত স্নানাগাৰ নিৰ্মাণ কৰিব পাৰি।

 স্নানাগাৰত বেচিন বা ছাৱাৰ আদি সদায় পূব অথবা উত্তৰ-পূবৰ দিশত  স্থাপন কৰিব লাগে। গিজাৰ, ৱাটাৰ হিটাৰ আদি স্নানাগাৰৰ দক্ষিণ-পূব দিশত স্থাপন কৰিব লাগে। গিজাৰ আদি পশ্চিম বা উত্তৰ পশ্চিম দিশতো স্থাপন কৰিব পাৰি। যদি স্নানাগাৰত বাথটাবৰ ব্যৱস্থা কৰা হয় তেন্তে বাথটাব স্থানগাৰৰ পূব-পশ্চিম মুৱা কৰি স্থাপন কৰিব লাগে। কাপোৰ ধোৱাৰ ব্যৱস্থা স্নানাগাৰৰ পশ্চিম বা উত্তৰ-পশ্চিম দিশত কৰিব লাগে। 

স্নানাগাৰৰ ভিতৰত আইনা আদি স্থাপন কৰিলে সেয়া উত্তৰ বা পূব দিশৰ দেৱালত স্থাপন কৰিব লাগে। বাস্তুশাস্ত্রই স্নান কৰাৰ দিশৰো বিধান দিছে। বাস্তুশাস্ত্ৰ অনুসৰি স্নান সদায় পূব পশ্চিম মুৱাহৈ কৰিব লাগে। এইক্ষেত্ৰত পূব দিশত মূৰ ৰাখিব লাগে।









FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত চাঞ্চল্য! প্ৰেমজনিত কাৰণত বিষাক্ত দ্ৰব্য সেৱন দশম শ্ৰেণীৰ ছাত্ৰীৰ, হাস্পতালত ভৰ্তি
৭ মাহ পূৰ্বে পাতিছিল বিয়া; জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ছিপাঝাৰৰ বিশ্বজিৎ কলিতা
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ