--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিবাহ জীৱনৰ এটা অধ্যায়৷ এই অধ্যায় ভাবি-গুণী আৰম্ভ কৰিব পাৰিলেহে পৰৱৰ্তী সময়ত জীৱন সুখৰ হয়৷ বিয়াৰ পূৰ্বে হ’বলগীয়া কইনাৰ কেতবোৰ বিশেষ কথাৰ প্ৰতি লক্ষ্য কৰাৰ কথা কৈ গৈছে চাণক্যই৷ কি কথা জানো আহক-

(ক)জীৱন সংগী বাছনি কৰোঁতে, গুণবোৰৰ ওপৰত গুৰুত্ব দিবলৈ চেষ্টা কৰিব।
মুখলৈ নহয়, মনলৈ চোৱাঃ জীৱন সংগী বাছনি কৰোতে  সঙ্গীৰ মুখৰ সলনি মনলৈ চাবলৈ কৈছে চাণক্যই।  চাণক্য নীতি অনুসৰি, এজনব্যক্তিয়ে জীৱন সংগীৰ মুখতকৈ নিজৰ মনৰ প্ৰতি অধিক মনোযোগ দিব লাগে। আচাৰ্য চাণক্যই বিশ্বাস কৰে যে এজন ভাল ব্যক্তিত্বৰ ব্যক্তি, অৰ্থাৎ উৎকৃষ্ট গুণ থকা ব্যক্তিয়ে ভিৰৰ মাজতো নিজৰ পৰিচয় দাঙি ধৰিবলৈ  সক্ষম হয়। 

একে সময়তে, এজন ব্যক্তিৰ ভাল গুণবোৰে তেওঁৰ সফলতাৰ পথ নিশ্চিত কৰে।সেয়েহে জীৱন সংগী বাছনি কৰোঁতে এনে  গুণবোৰৰ ওপৰত গুৰুত্ব দিবলৈ চেষ্টা কৰক।'চুৰট পে মত যাও চিৰট পে যাও' বুলি হিন্দীত এষাৰি  অতি জনপ্ৰিয় কথা, যাৰ অৰ্থ হৈছে তেওঁৰ মুখৰ সলনি এজন সঙ্গীৰ মনলৈ চোৱা।  চাণক্যয়ো সেই কথাই কৈ গৈছে।

(খ) খং নিয়ন্ত্ৰণঃ খং হৈছে মানুহৰ শত্ৰু। খং উঠাটো মানুহৰ প্ৰকৃতিৰ এক গুৰুত্বপূৰ্ণ প্ৰকাশ। কিন্তু খং নামেই যিহেতু চণ্ডাল সেয়ে খং নিয়ন্তে্ৰণ কৰিব পৰা ব্যক্তিক সকলোৱে পছন্দ কৰে।  বিশেষকৈ বিবাহিত জীৱনত, অত্যধিক খঙে সাংসাৰিক  সম্পৰ্ককো প্ৰভাৱিত কৰিব পাৰে, সেয়েহে জীৱন সংগী কিমান খঙাল সেই বিষয়ে খা-খবৰ লৈহে সংগী নিৰ্বাচনৰ সিদ্ধান্ত ল’ব লাগে।

(গ)ধৰ্মীয় প্ৰকৃতিঃ জীৱন সংগী বাছনি কৰোঁতে, তেওঁৰ ধৰ্মীয় আচৰণৰ প্ৰতি তেওঁৰ কিমান  আকৰ্ষণ  বা আস্থা আছে সেই বিষয়টো জানি লোৱা উচিৎ। ধৰ্মই সদাচাৰ শিকায়। পানীৰ যিদৰে নামনিলৈ বৈ যোৱাৰ ধৰ্ম আছে , বতাহৰ যিদৰে বৈ যোৱাৰ ধৰ্ম থাকে তেনেদৰে মানুহৰো কেতবোৰ নিজা বৈশিষ্ট অৰ্থাৎ ধৰ্ম  থাকে। ধৰ্ম মানে কেৱল নেদেখা জনক আৰাধনা কৰি থকাই নুবুজায়। সদাচাৰী জীৱনৰ প্ৰতি আকৃষ্ট জনক জীৱন সংগী হিচাবে পালে মানুহ সুখী হ’ব পাৰে। চাণক্য নীতি অনুসৰি, ধৰ্মীয় প্ৰকৃতি হৈছে এজন ভাল মানুহৰ এক আশ্চৰ্যকৰ গুণ, সেয়েহে জীৱন সংগী বাছনি কৰাৰ আগতে, তেওঁৰ ধৰ্মীয় প্ৰকৃতি বুজিবলৈ চেষ্টা কৰিব লাগিব।

(ঘ) সন্মান: চাণক্য নীতি অনুসৰি আনক  সন্মান কৰিব জনা ব্যক্তিজনে সকলো ঠাইতে সন্মান লাভ কৰে। লগতে সুখী বিবাহিত জীৱনত ইজনে- সিজনক সন্মান কৰাটো অতি  প্ৰয়োজনীয় কথা।এনে গুণ বাছি ল’ব বিচৰা জীৱন সংগীৰ আছে নে নাই সেই জানি লোৱাটো ভাল।








FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বৰ বিভিন্ন দেশত ইৰানৰ অস্ত্র-শস্ত্ৰ নিৰ্মাণকাৰী কাৰখানা আছে
কলিয়াবৰৰ জখলাবন্ধা ৰে’লগে’টত গুলীচালনাৰ ঘটনা ; সন্দেহজনক বাহনলৈ আৰক্ষীৰ গুলি
ভাৰতীয় মহাকাশ, প্ৰতিৰক্ষা বিজ্ঞানীৰ দুটা গুৰুত্বপূৰ্ণ সম্পৰীক্ষা
বিদ্যুৎ বিভাগৰ কাৰ্যালয়ত চোৰৰ সন্ত্ৰাস ! লুটি নিলে ইনভাৰ্টাৰ,বেটাৰী,পানী উঠোৱা মটৰ আৰু বৈদ্যুতিক তাঁৰ
অনিশ দয়াল সিঙক ভাৰতৰ উপ-ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা নিযুক্তি
পাক-ভাৰত সীমান্তৰ পৰা ১৫ পাকিস্তানী মাছমৰীয়াক আটক
ভাৰতত আৰম্ভ হ'ল iphone 17 ৰ উৎপাদন! ভাৰতৰ কোনবোৰ ৰাজ্যত আইফোন তৈয়াৰ কৰা হয় জানেনে?
সলনি হ'ব পাৰে GMCHৰ অধ্যক্ষ ; ডাঃ অচ্যুত বৈশ্যক শাস্তিমুলক বদলিৰ সম্ভাৱনা
৬ হাজাৰ ছাত্ৰৰ ভিছা বাতিল আমেৰিকাৰ বিদেশ মন্ত্ৰালয়ৰ
ৰাজ্যৰ বনাঞ্চলত উচ্ছেদক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়
আলমণ্ডৰ পৰা তৈয়াৰ কৰা গাখীৰ খোৱাটো কিমান উপকাৰী? জানি লওক সবিশেষ
নাম-কীৰ্তনেৰে মুখৰ ৰাজ্যৰ সত্ৰ-নামঘৰ, আৰম্ভ হ'ল পৱিত্ৰ ভাদ মাহ
২০ আগষ্টত 'চতিয়া দিৱস'ৰ প্ৰস্তুতি, ৰাজ্যিক স্বীকৃতিৰ পাছত প্ৰথমবাৰৰ বাবে চৰকাৰীভাৱে হ'ব উদযাপন
ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰৰ ভয়াৱহ খহনীয়া! মাইজানৰ বৃহৎ অংশ নিলে উটুৱায়