--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰেমৰ সংজ্ঞাত বাৰে বাৰে ৰজনীগন্ধা ফুলৰ উল্লেখ থকা দেখা যায়। চিনেমাৰ পৰ্দাৰ পৰা সাহিত্যৰ পৃষ্ঠালৈকে কেতিয়াবা গীতৰ কলিত, কেতিয়াবা কবিতাৰ শাৰীত এই ফুলৰ উদাহৰণ বহুবাৰ দেখা গৈছে।

সেইবাবেই প্ৰেমৰ পৰা আৰম্ভ কৰি বিবাহিত জীৱনৰ লগত ৰজনীগন্ধাৰ প্ৰভাৱ আৰম্ভণিৰে পৰাই থাকে। বিয়াৰ অনুষ্ঠান তথা ফুলশয্যাত ৰজনীগন্ধা ফুল ব্যৱহাৰ কৰা হয়। কিন্তু কেৱল বিয়াৰ সময়ত নহয়; বাস্তু শাস্ত্ৰই কৈছে, ৰজনীগন্ধা এনেকুৱা ফুল, যিয়ে আমাৰ বৈবাহিক সুখত প্ৰভাৱ পেলায়।  ৰজনীগন্ধাই স্বামী-স্ত্ৰীৰ সম্পৰ্কৰ গভীৰতা প্ৰতিষ্ঠা কৰে।

মানুহে কয়, ঘৰত এজোপা ৰজনীগন্ধা গছ ৰাখিলে সম্পৰ্ক আৰু অধিক শক্তিশালী হ’ব পাৰে। তেওঁলোকৰ পৰামৰ্শ অনুসৰি ঘৰৰ উত্তৰ বা পূব দিশত এজোপা ৰজনীগন্ধা গছ ৰোপণ কৰিব লাগে। ফলত সেই ঘৰত মা লক্ষ্মীৰ আশীৰ্বাদৰ বৰষুণ পৰে।

ৰজনীগন্ধা ফুলে স্বামী-স্ত্ৰীৰ শাৰীৰিক আৰু মানসিক দুয়োটা দিশতে প্ৰভাৱ পেলায়। ৰজনীগন্ধাৰ মৰমলগা গোন্ধে শৰীৰ-মন সতেজ কৰি তোলে।

বাস্তু শাস্ত্ৰৰ মতে, ৰজনীগন্ধাৰ সুন্দৰ গোন্ধৰ দ্বাৰা ঘৰৰ পৰা সকলো ঋণাত্মক শক্তি আঁতৰি যায়। পৰিয়ালত সুখ, শান্তি, ধন-সম্পত্তি আৰু সমৃদ্ধিৰ প্ৰচুৰতা থাকে। ইয়াৰ বাহিৰেও এই গোন্ধে বিবাহিত জীৱনত মধুৰতা বৃদ্ধি কৰে। জ্যোতিষীসকলে কয় যে শোৱনি কোঠাত ৰজনীগন্ধাক ফুলৰ টাবত ৰাখিলে স্বামী-স্ত্ৰীৰ সম্পৰ্কত থকা তিক্ততা নাইকিয়া হৈ যায়। ইয়াৰ ফলস্বৰূপে গোটেই পৰিয়ালটোত সুখ আৰু শান্তিৰ ৰাজত্ব হয়। ৰজনীগন্ধা ফুলৰ পৰিৱেশৰ পৰা অহা সকলো ঋণাত্মক শক্তি শোষণ কৰাৰ ক্ষমতা থাকে।

ইয়াৰ উপৰিও বাস্তু বিশেষজ্ঞসকলে কৈছে যে ৰজনীগন্ধাৰ শুভ প্ৰভাৱৰ বাবে আৰ্থিক সমস্যাও নাইকিয়া হয়। কেৱল বাস্তুশাস্ত্ৰই নহয়, ফুলৰ গোন্ধই মনৰ ওপৰত প্ৰভাৱ পেলোৱা কথাটো বিজ্ঞানেও মানি চলে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু