--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ব্যস্ত যুগত দৈনিক ৰন্ধা-বঢ়া ইমান নহয়। ব্যস্ততাৰ বাবে বেছিভাগ পৰিয়ালে এবাৰতে আহাৰ ৰান্ধিব লাগে। কিন্তু লক্ষ্য কৰিব লগা কথাটো হ'ল যে হাতেৰে বনোৱা ৰুটি ফ্ৰীজত ৰাখিলে কঠিন হৈ পৰে। মাইক্ৰৱেভত বাৰে বাৰে গৰম কৰিলেও খাবলৈ কঠিন। কঠিন ৰুটি খোৱাটো একেবাৰেই অশান্তিদায়ক গতিকে ৰুটিখন কেনেকৈ দীৰ্ঘদিনলৈ কোমল কৰি ৰাখিব পাৰি? জানো আহক কেইটামান বিশেষ টিপছ।
 
আটাৰে ধুনীয়া ৰুটি বনোৱা সকলো ব্যক্তিয়ে জানে যে কোমল ৰুটি বনোৱাৰ কিছুমান কৌশল আছে। কিন্তু যিসকল সেই অৰ্থত ৰুটি বনোৱাত বৰ বিশেষজ্ঞ নহয় তেওঁলোকৰ বাবে কেতিয়াবা এই কোমল ৰুটি বনোৱা কঠিন কামলৈ পৰিণত হয়। 

কাৰোবাৰ ৰুটি ফুলিলেও কিছু সময়ৰ পাছত কঠিন হৈ পৰে। কাৰণ, ৰুটিৰ সমস্যাৰ অন্ত নাই। গতিকে ইয়াত আপোনাৰ বাবে ৰুটি কেনেকৈ বনাব লাগে তাৰ টিপছ দিয়া হ’ল যাতে ই কোমল হয়।

ৰুটি বনোৱাৰ বাবে আটাইখিনি কেনেকৈ তৈয়াৰ কৰিব? 

-আহযুক্ত আটা ব্যৱহাৰ কৰিলে ৰুটিখন কোমল হ’ব পাৰে। 

- আটাত এচিকুট নিমখ দিব পাৰে। এচামুচ ৰিফাইন তেল দিব।

- এতিয়া গৰম পানীৰ সহায়ত মথিব । গৰম পানীৰে আটা মথিলে হজম শক্তিৰ লগতে ৰুটি কোমল হয়। আৰু সেই ৰুটিখনৰ সোৱাদও বেলেগ।

- কিন্তু আটিখিনি তৈয়াৰ কৰোতে বেছি শক্তি প্ৰয়োগ নকৰিব। আটাৰ মিশ্ৰণটো আঙুলিত লাগি নাহিলে  ৰুটি বনাবলৈ তৈয়াৰ কৰা লাড়ু কেইটা ভাল হৈছে  বুলি গম পাব।

- আটাৰ পৰিমাণ বেছি হ'লে  কমেও ১৫ মিনিট ঢাকি ৰাখিব। সৰ্বাধিক ৩০ মিনিট ৰাখিব। তাতকৈ বেছি ৰাখিলে মিশ্ৰণটো কোমল হৈ যাব। তেতিয়া সমস্যা হ’ব।

- সৰু সৰুকৈ লাড়ু কৰি লওক। পাতলকৈ বেলিব। ডাঙৰ ডাঙৰ লাৰুৱে ৰুটিখন ডাঠ কৰি তুলিব। আৰু যদি ৰুটিখন পাতল হয় তেন্তে ভালকৈ ফুলিব।

- গেছৰ ওপৰত কেৰাহী বা টাৱা আগতে গৰম কৰক। এতিয়া দুয়োফালে ভালদৰে বেক কৰক। তেতিয়া দেখিব খন ভালদৰে ফুলি উঠিছে । পাৰিলে ৰুটি থ'বৰ বাবে হটকেছ ব্যৱহাৰ কৰক । 

- দ্বিতীয়বাৰৰ বাবে কেতিয়াও ৰুটি পুনৰ গৰম নকৰিব। তেতিয়া ই আৰু টান হৈ পৰে।

-ইয়াৰ বাহিৰেও এটা বাচনত তিতা কাপোৰেৰে মেৰিয়াই ৰুটি ৰাখিব পাৰে। তেতিয়াও ই কোমল হ’ব।

এইসমূহ কৌশল প্ৰয়োগ কৰি ৰুটি বনালে আপোনাৰ ৰুটিখন‌ নিশ্চয় কোমল আৰু সোৱাদযুক্ত হৈ থাকিব। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক