--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এনেকুৱা মানুহ বিশ্বতে নাই, যিয়ে ধনী হ’বলৈ নিবিচাৰিব, কিন্তু সকলোৰে এই ইচ্ছা পূৰণ নহয়। ইয়াৰ বাবে দেৱী লক্ষ্মী আৰু কুবেৰ দেৱৰ আশীৰ্বাদ পোৱাটো অতি প্ৰয়োজনীয়। এই দুগৰাকীক সন্তুষ্ট কৰিলে মানুহ ধনী হয়। বাস্তু শাস্ত্ৰত এনে ৫টা কথা বৰ্ণনা কৰা হৈছে, যিয়ে মা লক্ষ্মী আৰু কুবেৰক আকৰ্ষণ কৰে। সেই ৫টা বস্তু কি কি জানো আহক।

ধনী হ'বলৈ এই ৫ টা বস্তু ঘৰলৈ লৈ আহিব

১) মুদ্ৰাঃ মা লক্ষ্মী আৰু কুবেৰ দেৱৰ আশীৰ্বাদ পাবলৈ ৩টা মুদ্ৰা আপোনাৰ চন্দুক বা পাৰ্চত ৰাখক। আপুনি আপোনাৰ ঘৰৰ মন্দিৰত ৰঙা ফিটাৰে ৩টা মুদ্ৰা ওলোমাই দিব পাৰে। এনে কৰিলে সৌভাগ্য বৃদ্ধি হয় আৰু বিপদৰ পৰা মুক্তি পায়।

২) মাছৰ মূৰ্তিঃ বাস্তু শাস্ত্ৰৰ মতে এটা মাছৰ ৰূপৰ মূৰ্তি সাজি সুখ, সমৃদ্ধি, ধন-সম্পত্তি আৰু সুস্বাস্থ্যৰ বাবে ঘৰতে ৰাখিব পাৰে  কোৱা হয় যে এই ধৰণৰ প্ৰতিমূৰ্তিয়ে ঘৰত শান্তি আৰু সমৃদ্ধিৰ পথ প্ৰশস্ত কৰে। ইচ্ছা কৰিলে বেৰত মাছৰ যুৰীয়া ছবি এখনো লগাব পাৰে।

৩) মংগল কলহঃ ধৰ্মীয় পণ্ডিতসকলৰ মতে ধন-সম্পত্তি পাবলৈ ঘৰৰ ঈশান কমত অষ্টদল কমল বনাই মংগল কলহ প্ৰতিষ্ঠা কৰিব পাৰে। তাৰপাছত সেই কলহটোত পানী ভৰাই তাত তামৰ মুদ্ৰা এটা দিব। ইয়াৰ পিছত তাত নাৰিকল পাত দি তাৰ মুখত নাৰিকল দিব। এই প্ৰতিকাৰ অতি ফলপ্ৰসূ।

৪) কড়িঃ মা লক্ষ্মীৰ আশীৰ্বাদ পাবলৈ বগা কড়ি হালধি বা কেশৰত তিয়াই শুকুৱাই লওক। ইয়াৰ পিছত সেই কড়িবোৰৰ ৰং হালধীয়া হ’লে ৰঙা কাপোৰ এখনত বান্ধি ঘৰৰ চন্দুকত ৰাখক। শাস্ত্ৰ অনুযায়ী হালধীয়া কড়ি মা লক্ষ্মীৰ প্ৰতীক। ঘৰত এনেদৰে কড়ি ৰাখিলে  টকা আহিবলৈ আৰম্ভ কৰে।

৫) গণেশ, লক্ষ্মী আৰু কুবেৰৰ মূৰ্তিঃ ঘৰত ধনৰ সোঁত বৃদ্ধি কৰিবলৈ মা লক্ষ্মী, কুবেৰ দেৱ আৰু ভগৱান গণেশৰ মূৰ্তি পূজা কক্ষত ৰাখিব লাগে। এই তিনি দেৱতাক নিতৌ উপযুক্ত ৰীতি-নীতিৰে পূজা কৰিব লাগে। এনে কৰিলে পৰিয়ালত সুখ আৰু সমৃদ্ধি বাঢ়িবলৈ আৰম্ভ কৰে আৰু সুখ বিয়পিবলৈ আৰম্ভ কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস