--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এনেকুৱা মানুহ বিশ্বতে নাই, যিয়ে ধনী হ’বলৈ নিবিচাৰিব, কিন্তু সকলোৰে এই ইচ্ছা পূৰণ নহয়। ইয়াৰ বাবে দেৱী লক্ষ্মী আৰু কুবেৰ দেৱৰ আশীৰ্বাদ পোৱাটো অতি প্ৰয়োজনীয়। এই দুগৰাকীক সন্তুষ্ট কৰিলে মানুহ ধনী হয়। বাস্তু শাস্ত্ৰত এনে ৫টা কথা বৰ্ণনা কৰা হৈছে, যিয়ে মা লক্ষ্মী আৰু কুবেৰক আকৰ্ষণ কৰে। সেই ৫টা বস্তু কি কি জানো আহক।

ধনী হ'বলৈ এই ৫ টা বস্তু ঘৰলৈ লৈ আহিব

১) মুদ্ৰাঃ মা লক্ষ্মী আৰু কুবেৰ দেৱৰ আশীৰ্বাদ পাবলৈ ৩টা মুদ্ৰা আপোনাৰ চন্দুক বা পাৰ্চত ৰাখক। আপুনি আপোনাৰ ঘৰৰ মন্দিৰত ৰঙা ফিটাৰে ৩টা মুদ্ৰা ওলোমাই দিব পাৰে। এনে কৰিলে সৌভাগ্য বৃদ্ধি হয় আৰু বিপদৰ পৰা মুক্তি পায়।

২) মাছৰ মূৰ্তিঃ বাস্তু শাস্ত্ৰৰ মতে এটা মাছৰ ৰূপৰ মূৰ্তি সাজি সুখ, সমৃদ্ধি, ধন-সম্পত্তি আৰু সুস্বাস্থ্যৰ বাবে ঘৰতে ৰাখিব পাৰে  কোৱা হয় যে এই ধৰণৰ প্ৰতিমূৰ্তিয়ে ঘৰত শান্তি আৰু সমৃদ্ধিৰ পথ প্ৰশস্ত কৰে। ইচ্ছা কৰিলে বেৰত মাছৰ যুৰীয়া ছবি এখনো লগাব পাৰে।

৩) মংগল কলহঃ ধৰ্মীয় পণ্ডিতসকলৰ মতে ধন-সম্পত্তি পাবলৈ ঘৰৰ ঈশান কমত অষ্টদল কমল বনাই মংগল কলহ প্ৰতিষ্ঠা কৰিব পাৰে। তাৰপাছত সেই কলহটোত পানী ভৰাই তাত তামৰ মুদ্ৰা এটা দিব। ইয়াৰ পিছত তাত নাৰিকল পাত দি তাৰ মুখত নাৰিকল দিব। এই প্ৰতিকাৰ অতি ফলপ্ৰসূ।

৪) কড়িঃ মা লক্ষ্মীৰ আশীৰ্বাদ পাবলৈ বগা কড়ি হালধি বা কেশৰত তিয়াই শুকুৱাই লওক। ইয়াৰ পিছত সেই কড়িবোৰৰ ৰং হালধীয়া হ’লে ৰঙা কাপোৰ এখনত বান্ধি ঘৰৰ চন্দুকত ৰাখক। শাস্ত্ৰ অনুযায়ী হালধীয়া কড়ি মা লক্ষ্মীৰ প্ৰতীক। ঘৰত এনেদৰে কড়ি ৰাখিলে  টকা আহিবলৈ আৰম্ভ কৰে।

৫) গণেশ, লক্ষ্মী আৰু কুবেৰৰ মূৰ্তিঃ ঘৰত ধনৰ সোঁত বৃদ্ধি কৰিবলৈ মা লক্ষ্মী, কুবেৰ দেৱ আৰু ভগৱান গণেশৰ মূৰ্তি পূজা কক্ষত ৰাখিব লাগে। এই তিনি দেৱতাক নিতৌ উপযুক্ত ৰীতি-নীতিৰে পূজা কৰিব লাগে। এনে কৰিলে পৰিয়ালত সুখ আৰু সমৃদ্ধি বাঢ়িবলৈ আৰম্ভ কৰে আৰু সুখ বিয়পিবলৈ আৰম্ভ কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
জুবিন গাৰ্গক 'ভাৰত ৰত্ন' প্ৰদানৰ আহ্বান জনাই প্রধানমন্ত্রীলৈ পত্র
'আদালতে পইন্ট টু পইন্ট প্রমাণ বিচাৰিব', এছ আই টিৰ ওপৰত ভৰসা ৰাখিবলৈ ৰাজ্যবাসীক আহ্বান মুখ্যমন্ত্ৰীৰ
তীর্থভূমিত পৰিণত জুবিন গাৰ্গৰ সমাধিক্ষেত্র, বৈ আছে অনুৰাগীৰ অবিৰত সোঁত
বজালীত জোঁৱাইয়েকৰ দাৰ ঘাপত আহত পত্নী আৰু শাহুৱেক
বাক্সাৰ ভাৰত-ভূটান সীমান্তত বনৰীয়া হাতীৰ ত্ৰাস
জুবিন গাৰ্গৰ ধন আত্মসাতৰ প্ৰমাণ মোৰ হাতত আছেঃ মানস ৰবীন
জুবিন গাৰ্গৰ শেষকৃত্য ক’ত কৰা হ’ব? দিয়া হ’ব নে চৰকাৰী বন্ধ? কি ক’লে মুখ্যমন্ত্ৰীয়ে?
বিদ্যালয়ৰ পৰীক্ষা অনুষ্ঠিত কৰিবলৈ লোৱাত প্ৰতিবাদত নামিল শিক্ষাৰ্থী
ছিংগাপুৰৰ সাগৰৰ পাৰত হঠাৎ নিঠৰ হʼল এটা মায়াময় সুৰ
হঠাতেই হেৰাল কেনিনো মোৰ চোতালৰে জোনাক
নীৰৱে-নিতালে শুই অসম পালেহি প্ৰাণৰ শিল্পী জুবিন গাৰ্গ
কাইলৈ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া ; সৰুসজাইৰ পৰা সোণাপুৰলৈ জুবিনৰ অন্তিম যাত্ৰা
শোণিতপুৰৰ বালিপৰাত নিৰ্মাণ কৰা হ'ব অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি
শেষকৃত্যৰ ১৩ দিনৰ পাছত যোৰহাটত চিতাভস্ম লৈ হ'ব ৰাজ্য চৰকাৰৰ অনুষ্ঠান