--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : হিন্দু পঞ্জিকা অনুসৰি আহাৰ মাহৰ পূৰ্ণিমা দিনটোত গুৰু পূৰ্ণিমা পালন কৰা হয়। ইয়াক ব্যাস পূৰ্ণিমা বুলিও কোৱা হয়। আহাৰৰ পূৰ্ণিমাৰ দিনা মহৰ্ষি বেদ ব্যাসৰ জন্ম হৈছিল আৰু তেওঁক বিশ্বব্ৰহ্মাণ্ডৰ প্ৰথম গুৰু বুলি গণ্য কৰা হয়। গুৰু পূৰ্ণিমাৰ দিনা গুৰুসকলক পূজা কৰা, তেওঁলোকৰ আশীৰ্বাদ ল’লে জীৱনত অপৰিসীম সফলতা কঢ়িয়াই আনে। ইয়াৰ উপৰি গুৰু পূৰ্ণিমাৰ দিনা ভগৱান বিষ্ণু আৰু মালক্ষ্মীৰ পূজাও কৰাও হয়। পূৰ্ণিমাৰ দিনা মালক্ষ্মীক পূজা কৰিলে, দান দিলে চাকৰি আৰু ব্যৱসায়ত অগ্ৰগতি লগতে জীৱনত সুখ-সমৃদ্ধি বৃদ্ধি হয়। গুৰু পূৰ্ণিমাৰ পাছদিনাৰ পৰা শাওণ মাহ আৰম্ভ হয়।

আজি গুৰু পূৰ্ণিমাৰ দিনা কৰক এইসমূহ কাম-

গুৰু পূৰ্ণিমাৰ দিনা কিছুমান প্ৰতিকাৰৰ কথা ধৰ্মগ্ৰন্থত উল্লেখ কৰা হৈছে। এই ব্যৱস্থাই ভগৱান বিষ্ণু আৰু মালক্ষ্মীৰ আশীৰ্বাদ লাভ কৰাত সহায় কৰে। যিয়ে জীৱনত ধন-সম্পত্তি, সুখ, সৌভাগ্য আৰু সমৃদ্ধি কঢ়িয়াই আনে।

- গুৰু পূৰ্ণিমাৰ দিনা কপালত কেশৰ আৰু হালধি ফোট লগালে ৰাশিফলত গুৰু শক্তিশালী কৰে আৰু দেৱগুৰু বৃহস্পতিয়ে সুখ সৌভাগ্য কঢ়িয়াই আনে।

- গুৰু পূৰ্ণিমাৰ দিনা গুৰুসকলক পূজা কৰি তেওঁলোকৰ আশীৰ্বাদ লব লাগে। ইয়াৰ বাহিৰেও পিতৃ-মাতৃ, ককা-আইতাকে ধৰি সকলো বয়োজ্যেষ্ঠৰ আশীৰ্বাদ লোৱা উচিত

- গুৰু পূৰ্ণিমাৰ সন্ধিয়া আঁহত গছত পানী আগবঢ়াওক।

- গুৰু পূৰ্ণিমাৰ দিনা আৰ্তজনৰ বাবে কপি, কিতাপ আৰু ষ্টেচনাৰীৰ দৰে শিক্ষামূলক সামগ্ৰী দান কৰিব। ইয়াৰ ফলত কেৰিয়াৰত সফলতা আনি দিয়ে।

* গুৰু পূৰ্ণিমাৰ ৰাশি অনুযায়ী দান

অমাৱস্যা আৰু পূৰ্ণিমা তিথিৰ দিনা গা ধোৱা আৰু দান দিয়াৰ অতি গুৰুত্ব আছে। গুৰু পূৰ্ণিমাৰ দিনা দান কৰৰা উচিত। গুৰু পূৰ্ণিমাৰ ৰাশি অনুযায়ী দান জনাওক-

মেষ ৰাশিঃ-গুৰু পূৰ্ণিমাৰ দিনা মেষ ৰাশিৰ লোকে গুৰ আৰু ৰঙা বা কমলা ৰঙৰ মিঠাই আৰু কাপোৰ দান কৰিব লাগে।

বৃষ ৰাশিঃ-বৃষ ৰাশিৰ লোকসকলে গুৰু পূৰ্ণিমাৰ দিনা চেনি বা চাউল দান কৰিলে শুভ ফল পোৱা যাব।

মিথুন ৰাশিঃ-মিথুন ৰাশিৰ লোকে গুৰু পূৰ্ণিমাৰ দিনা গৰুক সেউজীয়া খাদ্য খুৱাব লাগে। ইয়াৰ সমান্তৰালকৈ সেউজীয়া মগু দালি দুখীয়া লোকক দান কৰিব লাগে।

কৰ্কট ৰোগঃ-কৰ্কট ৰাশিৰ লোকসকলে আজি গুৰু পূৰ্ণিমাৰ দিনা আৰ্তজনক গাখীৰ দান কৰক।

সিংহ ৰাশিঃ-গুৰু পূৰ্ণিমাৰ দিনা দৰিদ্ৰ লোকক ঘেঁহু দান কৰিলে সিংহ ৰাশিৰ লোকসকলৰ বাবে উপকাৰী হ’ব।

কন্যা ৰাশিঃ-গুৰু পূৰ্ণিমাৰ দিনা ব্ৰাহ্মণক খাদ্য অৰ্পণ কৰি দক্ষিণা প্ৰদান কৰিলে কন্যা ৰাশিৰ লোকৰ বাবে শুভ ফল লাভ কৰিব।

 তুলা ৰাশিঃ-তুলা ৰাশিৰ লোকে গুৰু পূৰ্ণিমাৰ দিনা কণমানি ছোৱালীক খীৰ খুৱাব লাগে। ইয়াৰ ফলত তেওঁৰ জীৱনত ধন-সম্পত্তি আৰু সন্মান বৃদ্ধি পাব।

বৃশ্চিক ৰাশিঃ-গুৰু পূৰ্ণিমাৰ দিনা বান্দৰক গুৰ খুৱাব লাগে। দুখীয়া ল’ৰা-ছোৱালীক কিতাপ আৰু পাঠদান সামগ্ৰী দান কৰিলেও শুভ ফল লাভ কৰিব।

ধনুঃ-ধনু ৰাশিৰ লোকসকলে গুৰু পূৰ্ণিমাৰ দিনা গ্ৰাম আটা, ঘিউ আৰু চেনি দান কৰিব লাগে।

মকৰ ৰাশিঃ-গুৰু পূৰ্ণিমা উপলক্ষে মকৰ ৰাশিৰ লোকসকলে দুখীয়া আৰু অসহায় লোকক কম্বল বা কাপোৰ দান কৰক।

কুম্ভ ৰাশিঃ-আজি গুৰু পূৰ্ণিমাৰ দিনা কুম্ভ ৰাশিৰ লোকে বৃদ্ধাশ্ৰমলৈ খাদ্য আৰু কাপোৰ দান কৰক। যদি এয়া সম্ভৱ নহয় তেন্তে মন্দিৰত ক’লা উৰাদ দালিও দান কৰিব পাৰে।

মীন ৰাশিঃ-আজি গুৰু পূৰ্ণিমাৰ দিনা মীন ৰাশিৰ লোকে গ্ৰাম আটা বা হালধীয়া খাদ্য দান কৰক।








FOLLOW US F
POPULAR
FEATURE
TRENDY
জুবিন গাৰ্গক 'ভাৰত ৰত্ন' প্ৰদানৰ আহ্বান জনাই প্রধানমন্ত্রীলৈ পত্র
'আদালতে পইন্ট টু পইন্ট প্রমাণ বিচাৰিব', এছ আই টিৰ ওপৰত ভৰসা ৰাখিবলৈ ৰাজ্যবাসীক আহ্বান মুখ্যমন্ত্ৰীৰ
তীর্থভূমিত পৰিণত জুবিন গাৰ্গৰ সমাধিক্ষেত্র, বৈ আছে অনুৰাগীৰ অবিৰত সোঁত
বজালীত জোঁৱাইয়েকৰ দাৰ ঘাপত আহত পত্নী আৰু শাহুৱেক
বাক্সাৰ ভাৰত-ভূটান সীমান্তত বনৰীয়া হাতীৰ ত্ৰাস
জুবিন গাৰ্গৰ ধন আত্মসাতৰ প্ৰমাণ মোৰ হাতত আছেঃ মানস ৰবীন
জুবিন গাৰ্গৰ শেষকৃত্য ক’ত কৰা হ’ব? দিয়া হ’ব নে চৰকাৰী বন্ধ? কি ক’লে মুখ্যমন্ত্ৰীয়ে?
বিদ্যালয়ৰ পৰীক্ষা অনুষ্ঠিত কৰিবলৈ লোৱাত প্ৰতিবাদত নামিল শিক্ষাৰ্থী
ছিংগাপুৰৰ সাগৰৰ পাৰত হঠাৎ নিঠৰ হʼল এটা মায়াময় সুৰ
হঠাতেই হেৰাল কেনিনো মোৰ চোতালৰে জোনাক
নীৰৱে-নিতালে শুই অসম পালেহি প্ৰাণৰ শিল্পী জুবিন গাৰ্গ
কাইলৈ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া ; সৰুসজাইৰ পৰা সোণাপুৰলৈ জুবিনৰ অন্তিম যাত্ৰা
শোণিতপুৰৰ বালিপৰাত নিৰ্মাণ কৰা হ'ব অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি
শেষকৃত্যৰ ১৩ দিনৰ পাছত যোৰহাটত চিতাভস্ম লৈ হ'ব ৰাজ্য চৰকাৰৰ অনুষ্ঠান