--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বাস্তুশাস্ত্ৰত ঘৰৰ কিছুমান গুৰুত্বপূৰ্ণ নিয়মৰ বিষয়ে কোৱা হৈছে। বাস্তুত ঘৰৰ পাকঘৰৰ লগত জড়িত বহু কথাও কোৱা হৈছে। এইবিলাক কথাৰ প্ৰতি ধ্যান নিদিলে ঘৰৰ সুখ-সমৃদ্ধি নোহোৱা হৈ যায়। সুখ শান্তি হেৰাই যায়। কোৱা হয় যে পাকঘৰত যিকোনো ধৰণৰ বাস্তু বিসংগতিৰ ফলত পৰিয়ালৰ লোকৰ জীৱনত নেতিবাচক প্ৰভাৱ পৰে।

ৰুটি বনোৱা সন্দৰ্ভত বাস্তুত কিছু নিয়ম দিয়া হৈছে। বাস্তু বিশেষজ্ঞসকলে কয় যে ৰুটিৰ সৈতে জড়িত এই ভুলবোৰ কৰিলে গ্ৰহৰ অৱস্থান বেয়া হয়। ঘৰৰ সুখ-শান্তি, পৰিয়ালৰ লোকৰ সমৃদ্ধি আৰু স্বাস্থ্যৰ অৱস্থা নষ্ট হৈ পৰে। এনে অৱস্থাত এই বাস্তু নিয়মবোৰৰ ধ্যান ৰখাটো অতি প্ৰয়োজনীয়।

সদায় অধিক ৰুটি বনাওক

বাস্তু বিশেষজ্ঞসকলে কয় যে যেতিয়াই আপুনি ৰুটি বনাব তেতিয়াই গণনা কৰি বনাব নালাগে, কিন্তু সদায় ৪-৫ টা ৰুটি বেছিকৈ বনাব লাগে। বাস্তুৰ মতে প্ৰথম ৰুটি গৰুক আৰু শেষ ৰুটি কুকুৰক খুৱাই দিয়াটো শুভ বুলি গণ্য কৰা হয়।

অতিথিৰ বাবেও ৰুটী বনাওক

বাস্তুৰ মতে ৰুটি বনাওঁতে মনত ৰাখিব যে সদায় অতিথিসকলৰ বাবেও ৰুটি বনাওক। সদায় ২খন অতিৰিক্ত ৰুটি বনাব লাগে। ঘৰলৈ অহা অতিথিসকল ভগৱানৰ দৰে হয় আৰু তেওঁলোকক ৰুটি যাঁচিব পাৰিলে ভাল। এনে কৰিলে মাতৃ অন্নপূৰ্ণাৰ কৃপা ৰৈ যায়। লগতে ঘৰখনলৈ আহে সমৃদ্ধি। যদি কোনো অতিথি ঘৰলৈ নাহে, তেন্তে কুকুৰ, মেকুৰী বা চৰাইক এই ৰুটি খুৱাওক।

আগতে মাৰি থোৱা বাহি আটাৰ ৰুটী খাব নালাগে

বাস্তুৰ মতে আগতে মাৰি থোৱা বাহি আটাৰ ৰুটী কেতিয়াও খাব নালাগে। কোৱা হয় যে এই আটাৰে তৈয়াৰ কৰা ৰুটীয়ে পৰিয়ালত দুখৰ সৃষ্টি কৰে। ইয়াত বহু ধৰণৰ বেক্টেৰিয়া উৎপন্ন হয়। লগতে বাহি ৰুটী ৰাহুৰ লগত সম্পৰ্কিত। সেয়েহে এই ৰুটী কুকুৰক খোৱাব পাৰি। সতেজ আটাৰে তৈয়াৰী ৰুটিয়ে মংগল গ্ৰহক শক্তিশালী কৰে।





FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ